ETV Bharat / state

DAC Election 2022: বিহপুৰীয়াত মন্ত্ৰী কেশৱ মহন্তৰ নিৰ্বাচনী প্ৰচাৰ - বিহপুৰীয়াত মন্ত্ৰী কেশৱ মহন্তৰ নিৰ্বাচনী প্ৰচাৰ

মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ বিহপুৰীয়াত মন্ত্ৰী কেশৱ মহন্তৰ নিৰ্বাচনী প্ৰচাৰ(Minister Keshab Mahanta DAC election campaign) ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দিছপুৰৰ পুৰণি চৰকাৰী বিধায়ক আৱাসৰ বিদ্যুৎ সংযোগ আৰু পানী যোগান কৰ্তন কৰা সন্দৰ্ভতো সাংবাদিকৰ আগত মন্তব্য মন্ত্ৰীৰ ।

DAC Election 2022
বিহপুৰীয়াত মন্ত্ৰী কেশৱ মহন্তৰ নিৰ্বাচনী প্ৰচাৰ
author img

By

Published : Nov 2, 2022, 10:12 PM IST

বিহপুৰীয়া, 2 নৱেম্বৰ: দেউৰী স্বায়িত্ব শাসিত পৰিষদৰ নিৰ্বাচনক লৈ বিহপুৰীয়াত জোৰদাৰ প্ৰচাৰ অব্যাহত ৰাখিছে শাসকীয় মিত্ৰজোঁট চৰকাৰে(DAC Election 2022) ৷ শাসকীয় দলটোৱে লেথাৰি নিচিগাকৈ সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলাইছে ৷ বুধবাৰে সমষ্টিটোত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ বিহপুৰীয়ালৈ আহিল মন্ত্ৰী কেশৱ মহন্ত(Minister Keshab Mahanta DAC election campaign) । মন্ত্ৰীগৰাকীয়ে বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৬ নং বাঁহগড়া সমষ্টিৰ অগপৰ মনোনীত প্ৰাৰ্থী নন্দিতা দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷

বিহপুৰীয়াত মন্ত্ৰী কেশৱ মহন্তৰ নিৰ্বাচনী প্ৰচাৰ

ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দিছপুৰৰ পুৰণি চৰকাৰী বিধায়ক আৱাসৰ বিদ্যুৎ সংযোগ আৰু পানী যোগান কৰ্তন কৰা সন্দৰ্ভতো সাংবাদিকৰ আগত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰী মহন্তই কয় যে, প্ৰাক্তন মুখ্যমন্ত্ৰীসকলে চৰকাৰী আৱাসগৃহৰ লগতে চৰকাৰী সহায়ক লাভ কৰাৰ চৰকাৰী নিৰ্দেশনা আছে ৷ তেওঁলোকক প্ৰয়োজনত বাসগৃহ স্থানান্তৰিত কৰিবলগীয়া হ’লে সেই অনুসৰি ব্যৱস্থা কৰা হয় ৷ সেই সন্দৰ্ভত অসম চৰকাৰৰ নিৰ্দেশনা আছে ৷ তেওঁলোকক ইয়াৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে ৷

তেওঁ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত স্বাস্থ্যজনিত কাৰণত ৰাইজৰ মাজলৈ ওলাই আহিব পৰা নাই বুলি উল্লেখ কৰি তেওঁৰ স্বাস্থ্য কিছু উন্নত হ’লে পুনৰ ৰাইজৰ মাজলৈ উলিয়ায় অনাৰ কথা জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ চিকিৎসাৰ সকলো ব্যৱস্থা অসম চৰকাৰৰ চিকিৎসা বিভাগৰ তৰফৰ পৰা কৰাৰ কথা জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, ৰাজ্যত অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন ৷ উক্ত নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ বিৰোধী দলসমূহৰ সমান্তৰালকৈ শাসকীয় দল বিজেপিয়েও ৰাজ্যৰ পৰিষদীয় সমষ্টিসমূহত ব্যাপক প্ৰচাৰ চলাইছে । শেহতীয়াকৈ বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত দেউৰী স্বায়িত্ব শাসিত পৰিষদীয়(Deori Autonomous Council) সমষ্টিসমূহত মন্ত্ৰী পীযুষ হাজৰিকাই ধাৰাবাহিকভাৱে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷

মন্ত্ৰী কেশৱ মহন্তৰ পূৰ্বে পীযুষ হাজৰিকাইও আজি ১৬ নং বাঁহগড়া সমষ্টিৰ অগপৰ মনোনীত প্ৰাৰ্থী নন্দিতা দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ সমান্তৰালভাৱে স্থানীয় বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাইও(MLA Amiya Kumar Bhuyan) সমষ্টিটোৰ বিভিন্ন প্ৰান্তত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়(Amiya Bhuyan on DAC election) ।

লগতে পঢ়ক : DAC election: বৰ্তমানৰ ৰাজনীতিত ৰিপুন বৰাৰ কোনো গুৰুত্ব নাই: পল্লব লোচন দাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.