নাওবৈচা, 17 ডিচেম্বৰ : শীতৰ আগমনৰ লগে লগে ৰাজ্যলৈ বৈছে পৰিভ্ৰমী পক্ষীৰ সোঁত ৷ পৰিভ্ৰমী পক্ষীৰ কাকলিত মুখৰিত এতিয়া ৰাজ্যৰ বিভিন্ন নদ-নদী, জলাশয় ইত্যাদি ৷ লখিমপুৰ জিলাৰ শতজান জলাশয়তো পুৱাৰে পৰা দেখা যায় অসংখ্য দেশী-বিদেশী পৰিভ্ৰমী পক্ষীয়ে ৷
নাওবৈচা ৰাজহ চক্ৰৰ ৰঙা নদীৰ দাঁতি-কাষৰীয়া পহুমৰাত ১২২ বিঘা মাটিৰে আবৃত শতজান জলাশয় সম্প্ৰতি বিভিন্ন দেশ বিদেশৰ পৰিভ্ৰমী পক্ষীৰ কল-কাকলিত মুখৰ (Migratory Birds twittering at satajan wetland) হৈ পৰিছে । শীতৰ এই সময়ছোৱাত শতজান জলাশয়লৈ ১১ বিধ পৰিভ্ৰমী পক্ষীৰ লগতে আন ২৩ বিধৰো অধিক স্থানীয় পক্ষীৰো আগমন ঘটিছে । যাৰ নান্দনিক দৃশ্যই মন্ত্ৰমুগ্ধ কৰিছে প্ৰকৃতিপ্ৰেমিক ৷
জানিব পৰা মতে, প্ৰাকৃতিক জৈৱ-বৈচিত্ৰৰে পৰিপূৰ্ণ শতজান জলাশয়লৈ প্ৰতি বছৰৰ দৰে এইবাৰো ছাইবেৰিয়া, শ্ৰীলংকা, ম্যানমাৰ, জাপান, নেপাল আদি দেশৰ পৰা পক্ষীৰ আগমন ঘটিছে ৷ কিন্তু বিগত বছৰৰ তুলনাত এইবাৰ কিছু পৰিমাণে পক্ষী আগমণ হ্ৰাস পাইছে । এই মন্তব্য কৰিছে প্ৰকৃতিপ্ৰেমীসকলে ৷
কেৱল পৰিভ্ৰমী পক্ষীয়েই নহয় শতজান জলাশয়ত পোৱা যায় ভিন্ন প্ৰজাতিৰ উদ্ভিদো (Different species of plants found at satajan wetland) ৷ ইয়াৰে ভিতৰত প্ৰায় দহ বিধ বিভিন্ন প্ৰজাতিৰ তৰু-তৃণৰ লগতে এশ বিধ প্ৰজাতিৰ দ্বি-বীজপত্ৰী উদ্ভিদ, ২০বিধ ভিন্ন প্ৰজাতিৰ একবীজপত্ৰী উদ্ভিদ আৰু কুৰি বিধৰো অধিক প্ৰজাতিৰ ঢেঁকীয়া জাতীয় উদ্ভিদ পোৱা যায় এই শতজান জলাশয় । শীতৰ কুঁৱলীৰ আচ্ছাদন ফালি কাহিলী পুৱাতেই জলাশয়টোৰ চৌদিশৰ পৰা জাক পাতি নামি অহা হাজাৰ হাজাৰ দেশী-বিদেশী পক্ষীয়ে সৃষ্টি কৰিছে এতিয়া এক নান্দনিক পৰিৱেশৰ ।
জাক পাতি নামি অহা পক্ষীৰ দেউকাৰ শব্দত পুৱতি নিশাই সাৰ পাই উঠে শতজানবাসী ৷ সাত সাগৰ, তেৰ নদী অতিক্ৰম কৰি এই চৰাইবোৰ আহে শতজানৰ দৰে অন্যান্য জলাশয়লৈ । বৰ্তমান জলাশয়টোত চাকৈ-চকুৱা, ডাউক, চুইকাজ, ক্ৰেল, ধৃতৰাজ, বনৰীয়া পাতিহাঁহ, ঘিলাহাঁহ, শৰালি, পানীকাউৰী, মাছৰোকা আদি চৰাইৰ (Migratory Bird at Satajan Wetland) আগমন ঘটা পৰিলক্ষিত হৈছে ।
অৱশ্যে বিশ্বৰ চৌপাশে সিঁচৰতি হৈ থকা শতজানৰ দৰে এনে বিচিত্ৰ জলাশয়বোৰ ক্ৰমান্বয়ে আধুনিক মানৱজাতিৰ ভোগ-বিলাসৰ বলি হৈছে । মানৱ জাতিৰ ভোগ বিলাসত সম্প্ৰতি শতজান জলাশয়ৰ অস্তিত্বৰ সংকটত পৰিছে । আনকি জলাশয়টোৰ কাষত থকা অজশ্ৰ মানুহৰ বাবেও বহু আলহী পক্ষী নিৰ্ভয়ে আহিব পৰা নাই এই স্থানলৈ ।
কিন্তু শতজান পাৰৰে বিশিষ্ট প্ৰকৃতিবিদ বালিৰাম গগৈয়ে জীৱিত কালত জলাশয়টো নিজা উদ্যোগত তদাৰক কৰাৰ লগতে সুৰক্ষাৰ ক্ষেত্ৰত ব্যৱস্থা লৈছিল ৷ কিন্তু তেওঁৰ মৃত্যুৰ পাচত জলাশয়টো চোৱা-চিতা কৰিবলৈ কোনো নথকাত বিগত বৰ্ষৰ তুলনাত এইবাৰ আলহী পক্ষী আগমন হ্ৰাস পোৱা পৰিলক্ষিত হৈছে । ইফালে জলাশয়টোত পক্ষীৰ সমল বিচাৰি বিশ্ববিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে । বিভিন্ন পক্ষীৰ লগতে বহু জলচৰ জীৱ থকা এই জলাশয়টো সংৰক্ষণৰ দাবী জনাইছে প্ৰকৃতিপ্ৰেমী সকলে ৷
লগতে পঢ়ক : পৰিভ্ৰমী আমূৰ ফেলকনৰ কোলাহলত মুখৰিত উমৰাংচু