ETV Bharat / state

লখিমপুৰত মটক যুৱ ছাত্র সন্মিলনৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Jun 23, 2022, 1:49 PM IST

মটক জনগোষ্ঠীক জনজাতিকৰণৰ স্বীকৃতি প্ৰদানকে ধৰি কেইবাটাও দাবীৰে লখিমপুৰত উত্তাল প্ৰতিবাদ সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ (Matak Yuva Chatra Sanmilan protest at Lakhimpur)। উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে । দাবীসমূহ পূৰণ নহ'লে ভয়াৱহ আন্দোলনৰ হুংকাৰ ।

Lakhimpur
লখিমপুৰত মটক যুৱ ছাত্র সন্মিলনৰ উত্তাল প্ৰতিবাদ

লখিমপুৰ,২৩ জুন : ৰাজ্যৰ ভিন্ন প্ৰান্তত বানৰ বিভীষিকা অব্যাহত আছে (Flood situation of Assam)। লাখ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে বানত । ইয়াৰ মাজতে লখিমপুৰত উত্তাল প্ৰতিবাদ । বিভিন্ন দাবীৰে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (AAMYCS protest at Lakhimpur)। মুঠ ৯ টাকৈ দাবীৰে সংগঠনটোৰ লখিমপুৰ জিলা সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে ।

উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে । মটক জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়া, শান্তি আলোচনাৰে আলফা সমস্যা সমাধান কৰা, মটক পৰিষদলৈ পৰ্যাপ্ত পুঁজি আৱন্টন দিয়া আদি দাবীৰে উত্তাল কৰি তোলে উপায়ুক্তৰ কাৰ্যালয় ।

দাবীসমূহৰ ভিতৰত নিবনুৱা সমস্যা সমাধান কৰা, মূল্যবৃদ্ধি ৰোধ কৰা, অসম-অৰুণাচলৰ সীমা সমস্যা সমাধান কৰা আদিও আছে । প্ৰতিবাদকাৰীসকলে উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে । আনহাতে মটক জনগোষ্ঠীৰ দাবীসমূহ পূৰণ নহ'লে আগন্তুক দিনত ভয়ংকৰ আন্দোলন কৰাৰো হুংকাৰ দিয়ে ।

লগতে পঢ়ক :বিধায়ক কিনা-বেচা বন্ধ কৰাৰ দাবীত TMCৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.