ETV Bharat / state

নতুন চৰকাৰৰ দুমাহ নহওঁতেই দুই মন্ত্ৰীৰ বিৰুদ্ধে পদত্যাগৰ দাবী

author img

By

Published : Jul 5, 2021, 5:56 PM IST

ৰাজ্য চৰকাৰৰ দুজনকৈ মন্ত্রীৰ পদত্যাগৰ দাবীত সোমবাৰে লখিমপুৰ নগৰত প্ৰতিবাদত লিপ্ত হ’ল মানৱ অধিকাৰ সংগ্ৰাম সমিতি । ৰাজ্যৰ শিক্ষা আৰু যোগান মন্ত্রীৰ পদত্যাগ বিচাৰি প্ৰতিবাদী সমদল তথা ধৰ্ণাত লিপ্ত হ’ল সংগঠনটোৰ কৰ্মী সকল ৷

mass-protests-demanding-resignation-of-two-minister-from-the-new-government
নতুন চৰকাৰৰ দুমাহ পাৰ নহওঁতেই দুই মন্ত্ৰীৰ বিৰুদ্ধে পদত্যাগৰ দাবী

লখিমপুৰ, 5 জুলাই : সোমবাৰে, ৰাজ্যৰ দুই মন্ত্রীৰ পদত্যাগ দাবী কৰি লখিমপুৰ নগৰত মানৱ অধিকাৰ সংগ্ৰাম সমিতি(Manab Adhikar Sangram Samiti) চমুকৈ মাছে এক প্ৰতিবাদী সমদল তথা ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে । মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থতা আৰু ক’লা ব্যৱসায়ীৰ সৈতে কৰ্তৃপক্ষৰ মিতিৰালিৰ অভিযোগ তুলি ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্রী(food and civil supply minister) ৰণজিৎ কুমাৰ দাসৰ পদত্যাগৰ দাবী তোলে ৷ একেদৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী(education minister) ডাঃ ৰণোজ পেগু ছাত্র-ছাত্রী সকলৰ প্ৰতি দায়বদ্ধ নহৈ অদূৰদৰ্শী সিদ্ধান্ত লোৱাৰ অভিযোগত তেওঁৰ বিৰুদ্ধেও পদত্যাগৰ দাবী জনায় ।

mass protests demanding resignation of  two minister from the new government
মাছৰ স্মাৰক পত্ৰ

উল্লেখ যোগ্য যে, মূল্যবৃদ্ধিয়ে ৰাইজক কোঙা কৰা বিষয়টো সন্দৰ্ভত মুঠেও গুৰুত্ব প্ৰদান নকৰি ৰাজ্যৰ যোগান মন্ত্রীজনে একো এটা পদক্ষেপ নোলোৱাৰ লগতে ক’লা ব্যৱসায়ীৰে সৈতে মিতিৰালি ৰখাৰো অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী সকলে । লখিমপুৰৰ এখন ডিপাৰ্টমেন্টেল ষ্টোৰে(departmental store) ক’ভিড মহামাৰীৰ সময়ত অনিয়মৰ আশ্ৰয় লৈ গ্ৰাহকক লুন্ঠন কৰাৰ কথা তথ্য সহকাৰে ৰাজ্যৰ যোগান মন্ত্রীক অৱগত কৰাৰ পাছতো ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ উঠিছে ৷ এই ঘটনাই ক’লা ব্যৱসায়ীৰে যোগান মন্ত্রীৰ গোপন মিতিৰালি থকাটো প্ৰমাণ কৰিছে বুলি অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে ।

ইয়াৰ লগতে, ছাত্র ছাত্রী সকলৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে চূড়ান্ত অদূৰদৰ্শী সিদ্ধান্ত লোৱাৰ অভিযোগ উত্থাপন কৰে ৷

সম্প্ৰতি মাৰ্কচিটৰ সহায়ত টেট(Teachers Eligibility Test)ত উত্তীৰ্ণ হ’ব নোৱাৰি বুলি শিক্ষামন্ত্ৰী গৰাকীয়ে কৰা ঘোষণাক দুৰ্ভাগ্যজনক আৰু হাস্যকৰ পদক্ষেপ বুলি অভিহিত কৰি তেওঁৰ বিৰুদ্ধেও পদত্যাগৰ দাবী জনায় প্ৰতিবাদকাৰী সকলে । নগৰৰ মাজেৰে বিজেপি চৰকাৰৰ লগতে চৰকাৰৰ এই দুই বিয়াগোম বিভাগৰ মন্ত্রীৰ বিৰুদ্ধে শ্লোগান প্ৰদান কৰি প্ৰতিবাদকাৰীসকলে উপায়ুক্তৰ কাৰ্যালয়(Deputy Commisioner office)ৰ সন্মুখত ধৰ্ণা দিয়ে ।

অসম চৰকাৰ হায় হায়, শিক্ষা মন্ত্ৰী গ' বেক, যোগান মন্ত্রী হুছিয়াৰ, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি শ্লোগানৰ সৈতে প্ৰতিবাদকাৰী সকলে লখিমপুৰ চহৰৰ আকাশ বতাহ উত্তাল কৰি তোলে । মাছ(MASS)ৰ কেন্দ্রীয় সচিব ৰাজু সিংহ, লখিমপুৰ জিলাৰ সচিব ইব্রাহীম আলি, ভাৰপ্ৰাপ্ত অধ্যক্ষ চুমু দত্তৰ লগতে একাংশ মাছৰ কৰ্মীয়ে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰি উপায়ুক্ত(Deputy Commisioner)ৰ জৰিয়তে দুই মন্ত্রী লৈ পদত্যাগ বিচাৰি এখন স্মাৰক পত্ৰও প্ৰেৰণ(memorandum) কৰে ।

লগতে পঢ়ক : মোহন ভাগৱতক উদ্দেশ্যি তীব্ৰ বাক্যবাণ ওৱেইছিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.