ETV Bharat / state

বিহপুৰীয়াত নাও দুৰ্ঘটনা: কথমপি প্ৰাণৰক্ষা 18 গৰাকী ছাত্ৰ-ছাত্ৰীৰ

author img

By

Published : Jun 25, 2022, 10:08 PM IST

বিহপুৰীয়াৰ ডিক্ৰং নদীত নাও দুৰ্ঘটনা । নদীৰ মাজত বুৰ গ’ল ছাত্ৰ ছাত্ৰী কঢ়িয়াই নিয়া এখন টুলুঙা নাও ৷ নাওঁখনত আছিল দেবেচুথান উচ্চ মাধ্যমিক বিদ্যালয়ৰ 18 গৰাকী ছাত্ৰ-ছাত্ৰী (many students survived a boat accident) ৷ বিদ্যালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকল ঘৰলৈ উভতাৰ পথতে সংঘটিত হয় দুৰ্ঘটনা ৷

Boat sank in Dikrong river
বিহপুৰীয়াত নাও দুৰ্ঘটনা: কথমপি প্ৰাণৰক্ষা 18 গৰাকী ছাত্ৰ-ছাত্ৰীৰ

বিহপুৰীয়া, ২৫ জুন: লখিমপুৰ জিলাৰ বিহপুৰীয়াত শনিবাৰে সংঘটিত হ’ল এক ভয়ংকৰ নাও দূৰ্ঘটনা (Boat accident in Dikrong river in Bihpuria) । ভৰা ডিক্ৰং নদীত ডুবি যায় ছাত্ৰ-ছাত্ৰী কঢ়িওৱা নাওখন ৷ এখন টুলুঙা নাঁৱত 18 গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক উঠোৱাৰ পাছতে সংঘটিত হয় দুৰ্ঘটনাটো ৷

বিহপুৰীয়াৰ বান্দৰচুকৰ দেৱেচুথান জনজাতি হাইস্কুলৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ঘৰমূৱা হোৱাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ সম্বধনা অনুস্থানৰ বাবে গৈছিল একাংশ ছাত্ৰ-ছাত্ৰী ৷ ছাত্ৰ-ছাত্ৰীসকলে পুৱা ১০-৩০ বজাৰ পৰা সভাত অংশগ্ৰহণ কৰি বান্দৰচুকৰ পৰা ১ নং আৰু ২ নং দহঘৰীয়ালৈ ডিক্ৰং নদী পাৰ হৈ নাৱেৰে যোৱাৰ বাবে সাজু হৈছিল ৷

সেই সময়তে ডিক্ৰং নদীৰ প্ৰৱল সোঁত আৰু ভৰা নদীকো নেওচি ২২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰৰ ১8 গৰাকী ছাত্ৰ-ছাত্ৰী নাওখনত উঠি যাবলৈ লওতেই প্ৰবল সোঁতে উটুৱাই নিয়ে নাওখন ৷ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত হুলস্থুল লাগে আৰু চকুৰ প্ৰচাৰতে নাওখন ডুবি যায় ৷ ছাত্ৰ-ছাত্ৰীসকলৰ অধিকাংশই সাঁতুৰি পাৰলৈ উঠিবলৈ সক্ষম হোৱাৰ বিপৰীতে সাতুৰিব নজনা ছাত্ৰীসকলক একাংশ ছাত্ৰই নদীৰ পাৰলৈ উঠাই আনিবলৈ সক্ষম হয় (Students carrying boat accident at Bihpuria) ৷

হঠাতে নাওখন ডুবি যোৱাত বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰীৰ স্কুল বেগ, চেন্দেল আদি উটি যায় যদিও ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰাণ ৰক্ষা পৰে ৷ উল্লেখ্য যে, বান্দৰচুকত এটা সৰু ঘাট অতীজৰে পৰা আছে আৰু এই ঘাটেৰেই অতি বিপদজনকভাৱে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে এখন সৰু টুলুঙা নাৱেৰেই পাৰাপাৰ হৈ আহিছে ৷ বিশেষকৈ এই ঘাটটোত এখন ডাঙৰ নাৱৰ ব্যৱস্থা কৰাৰ বাবে দেৱেচুথান জনজাতি হাইস্কুল কতৃপক্ষই লখিমপুৰ জিলা প্ৰশাসন, ৰাজনৈতিক নেতা-পালিনেতা তথা বিহপুৰীয়াৰ পূৰ্বৰ কেইবাজনো বিধায়কক খাটনি ধৰিছিল যদিও কোনো সুফল লাভ নকৰিলে ৷

ইয়াৰোপৰি কিছুদিন পূৰ্বে দেৱেচুথান হাইস্কুলৰ প্ৰধান শিক্ষক জগত বৰাই বৰ্তমানৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাকো(Bihpuria MLA) বিষয়টো অৱগত কৰি সমাধানৰ বাবে আবেদন জনাইছিল ৷ উল্লেখ্য যে, উক্ত ঘাটটোত পূৰ্বেও বহুবাৰ ছাত্ৰ-ছাত্ৰীৰে ভৰা নাও ডুবাৰ ঘটনা সংঘটিত হৈছে (Bihpuria boat accident) ৷

লগতে পঢ়ক: অমৰনাথ যাত্ৰাই এই বছৰ অধিক ভাবুকিৰ সৃষ্টি কৰিছে : জ্যেষ্ঠ সেনা বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.