ETV Bharat / state

লখিমপুৰত পদপথৰ ক্ষুদ্র ব্যৱসায়ীলৈ MASSৰ সাহায্য

author img

By

Published : Aug 5, 2021, 2:12 PM IST

আৰ্থিক সংকটে জুৰুলা কৰা লখিমপুৰৰ পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ী (Small Traders)সকলক আৰ্থিক সাহায্য প্ৰদান মানৱ অধিকাৰ সংগ্ৰাম সমিতি (MASS)ৰ ৷ ক্ষুদ্ৰ ব্যবসায়ীক প্ৰতিগৰাকীকে 10 কেজি চাউল, 5 কেজি আলু, 5 কেজি দাইল, নিমখ আদি সামগ্ৰীৰ টোপোলা বিতৰণ কৰে সমিতিয়ে ৷

MASS helps
MASSৰ সাহায্য

লখিমপুৰ,5 আগষ্ট : ক’ভিড (Covid) মহামাৰীৰ সময়চোৱা আৰ্থিক সংকটে জুৰুলা কৰা পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ী (Small Traders)সকলক সহায়ৰ অৰ্থে আগবাঢ়ি আহিছে মানৱ অধিকাৰ সংগ্ৰাম সমিতি (MASS) ৷ বুধবাৰে লখিমপুৰৰ পদপথত থকা ক্ষুদ্ৰ ব্যৱসায়ীসকলক আৰ্থিক সাহায্য প্ৰদান কৰে সমিতিৰ সদস্যসকলে ৷

নগৰৰ পদপথৰ শতাধিক ক্ষুদ্ৰ ব্যবসায়ীক প্ৰতিগৰাকীকে 10 কেজি চাউল, 5 কেজি আলু, 5 কেজি দাইল, নিমখ আদিৰ টোপোলা বিতৰণ কৰে । সামগ্ৰী বিতৰণ কৰি MASSৰ সচিব ৰাজু সিংহই ওড়িশা চৰকাৰৰ দৰে অসম চৰকাৰ (Assam Govt)কো ক্ষুদ্ৰ ব্যবসায়ীসকলক আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে আহ্বান জনায় । সংস্থাটোৰ এই বদান্যতাৰ শলাগ লৈছে ক্ষুদ্ৰ ব্যৱসায়ীসকলে ৷

MASSৰ সাহায্য

লগতে পঢ়ক : কলিয়াবৰত ক'ভিড মুক্ত ৯ খনকৈ চাহ বাগিচা

উল্লেখ্য যে, ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা লকডাউন (Lockdown)য়ে বিপাঙত পেলাইছে দেশৰ লগতে ৰাজ্যৰ ব্যৱসায়ীসকলক ৷ লকডাউনৰ ফলত সকলো বন্ধ হৈ পৰাৰ বাবে ব্যাপক প্ৰভাৱ পৰিছে ব্যৱসায়ৰ দিশটোত ৷ ইয়াৰ লগে লগে পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰো আৰ্থিক দুৰ্দশা নামি অহা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : উচ্ছেদ হ'ব নেকি ডুমডুমীয়া বালিসত্ৰ বজাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.