তেজপুৰ,১৫জুন : দীৰ্ঘদিনীয়া প্ৰেম, তাৰ পাছত আইনী বিবাহ ৷ কিন্তু ইমানৰ পাছতো তেজপুৰৰ যুৱতীগৰাকীক প্ৰতাৰণা কৰি পুনৰ আন এগৰাকী যুৱতীক বিয়া পাতিবলৈ যো-জা চলোৱাৰ অভিযোগ লখিমপুৰৰ এগৰাকী যুৱকৰ বিৰুদ্ধে ৷
লখিমপুৰ জিলাৰ ঢলপুৰ ককসবাৰীৰ যুৱক বাবুল খাতোৱাৰে প্ৰেমৰ সম্পৰ্ক ৰাখিছিল তেজপুৰৰ এগৰাকী যুৱতীৰ সৈতে । ৪বছৰীয়া প্ৰেমৰ অন্তত যুৱতীগৰাকীৰ সৈতে আইনী বিবাহতো আবদ্ধ হৈছিল ভাৰতীয় ষ্টেট বেংকৰ বীমা শাখাৰ কৰ্মচাৰী বাবুলে । ২০১৮ চনৰ ১৮ এপ্ৰিলত শোণিতপুৰ জিলাৰ জ্যেষ্ঠ উপঞ্জীয়ক আৰু জিলা বিবাহ অধিপতিৰ কাৰ্যালয়ত যুৱতীগৰাকীৰ সৈতে আইনী বিবাহ সম্পন্ন হৈছিল যুৱকজনৰ । কৰ্মসূত্ৰে তেজপুৰত থকা যুৱকজন তিনিচুকীয়ালৈ বদলি হৈ ফোনযোগে সোনকালেই সামাজিকভাৱে বিয়া প্ৰস্তাৱ দিছিল যুৱতীগৰাকীক । কিন্তু এমাহ ধৰি নানা অজুহাত দেখুৱাই যুৱতীগৰাকীক প্ৰতাৰণা কৰি অহা যুৱকজনে শনিবাৰে আন এগৰাকী যুৱতীৰ সৈতে বিবাহৰ পৰিকল্পনা কৰে । যুৱতীগৰাকীয়ে এই কথা জানিবলৈ পাই তেজপুৰ সদৰ আৰক্ষী চকী, জ্যেষ্ঠ উপঞ্জীয়ক আৰু জিলা বিবাহ অধিপতিৰ কাৰ্যালয়ত দাখিল কৰে এক গোচৰ ।