ETV Bharat / state

ভৱিষ্যতে মহাসাগৰত পৰিণত হ’ব নে কি অসম ?

author img

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 11:47 AM IST

Big Dam Impact : অৰুণাচলৰ ভূ প্ৰকৃতি সম্প্ৰতি অতিশয় চাপযুক্ত বুলি প্ৰতিবেদন দিছে ৰাষ্ট্ৰীয় ভূ গৱেষণা প্ৰতিষ্ঠানে । তেনে সময়তে পাহাৰীয়া ৰাজ্যখনত পুনৰ ১৩ টাকৈ বৃহৎ নদীবান্ধ সাজিবৰ বাবে চৰকাৰে MOU ত স্বাক্ষৰ কৰিছে । ইয়াৰ বাবে অদুৰ ভৱিষ্যতে বিস্তৰ ক্ষতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা অসমৰ বাবে । এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন ।

NHPC Big Dam Impact
অৰুণাচল সম্প্ৰতি অতিশয় চাপযুক্ত

অৰুণাচল সম্প্ৰতি অতিশয় চাপযুক্ত

লখিমপুৰ, ১০ জানুৱাৰী : অসমৰ শিতানত অসংখ্য জলবোমা । এফালে বিজ্ঞানীৰ বৃহৎ ভূইকঁপৰ আশংকাৰ প্ৰতিবেদন, আনফালে এটাৰ পাচত আনটোকৈ বৃহৎ নদীবান্ধৰ চুক্তি । ভয়াৱহ ভৱিষ্যতৰ দিশে দতি কৰিছে অসমে । ভৱিষ্যতে মহাসাগৰত পৰিণত হ’ব নে কি অসম ? সাম্প্ৰতিক সময়ত এনে এক সংশয় আৰু সম্ভাৱনাই দেখা দিছে । কিয়নো শেহতীয়াকৈ হায়দৰাবাদস্থিত ৰাষ্ট্ৰীয় ভূ বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে অসম অৰুণাচল বাবে এক উদ্বেগজনক খবৰ ।

প্ৰতিষ্ঠানটোৰ পাঁচগৰাকী বিজ্ঞানীয়ে এক দিঘলীয়া অধ্যয়নৰ পাচত ছায়েন্টিফিক ৰিৰ্পটচ নামৰ আলোচনীত প্ৰকাশ কৰিছে এনে উদ্বেগজনক তথ্য । প্ৰতিষ্ঠানটোৰ পাঁচগৰাকী বিজ্ঞানীয়ে অৰুণাচল ৰ ৩৪ টা ভূমিকম্পৰ তথ্য বিশ্লেষণ কৰি অৰুণাচল সম্প্ৰতি অতিশয় চাপযুক্ত অৱস্থাত থকা বুলি আলোচনীখনৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ।

Big Dam Impact
অসমৰ শিতানত অসংখ্য জলবোমা

উল্লেখ্য যে, অৰুণাচল টেকটনিকভাৱে অত্যন্ত সক্ৰিয় আৰু জটিলভাৱে চাপযুক্ত । আনহাতে, ইণ্ডিয়ান আৰু ইউৰেচিয়ান টেক্টনিক প্লেটৰ সংঘৰ্ষ স্থলীত অৱস্থিত হোৱা বাবে অৰুণাচল অতিশয় ভূমিকম্প প্ৰৱণ । অতি চাপযুক্ত অৱস্থাত থকা বাবে যিকোনো সময়তে প্ৰৱল ভূমিকম্পই জোকাৰি যাব পাৰে অৰুণাচলৰ লগতে অসমকো । ৰাষ্ট্ৰীয় ভূ-বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানীৰ এনে প্ৰতিবেদনৰ বিপৰীতে আন এক উদ্বেগজনক তথ্য প্ৰকাশ পাইছে ।

অৰুণাচলত নতুনকৈ আৰু ১৩ টা বৃহৎ নদীবান্ধ সাজিব খোজা হৈছে । শেহতীয়াকৈ লোহিতৰ বুকুত ১২০০ মেগাৱাট উৎপাদনক্ষম কলাই-২ প্ৰকল্প নিৰ্মাণ কৰিবলৈ তেহৰি হাইদ্ৰ’পাৱাৰ ডেভেলপমেন্ট কৰ্পৰেচনৰ সৈতে অৰুণাচল চৰকাৰে বুজাবুজিৰ চুক্তি (এম অ ইউ) স্বাক্ষৰ কৰিছে ৷ বান্ধটো হ’ব লোহিত অৱবাহিকাত । ইয়াৰ পূৰ্বে বিগত বৰ্ষৰ আগষ্ট মাহত আন ১২ টা জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে অৰুণাচল চৰকাৰে নীপকো, এনএইচপিচি, এছজেইউএনএল আদিৰ সৈতে চুক্তি সম্পন্ন কৰে ।

উদ্বেগজনক কথাটো হ’ল যি সময়ত অৰুণাচলত নিৰ্মাণ কৰা নামনি সোৱণশিৰি আদি প্ৰকল্পই অদূৰ ভৱিষ্যতে অসমক বিস্তৰ ক্ষতি কৰাৰ আশংকাত প্ৰতিবাদ অব্যাহত আছে ৷ তেনে সময়ত এটাৰ পাচত এটাকৈ নতুনকৈ ১৩ টা বৃহৎ নদীবান্ধ সাজিব খোজা হৈছে অৰুণাচলৰ বিভিন্ন স্থানত । যি সময়ত অৰুণাচল চৰকাৰে নদীবান্ধসমূহ সাজিবলৈ চুক্তি সম্পাদন কৰিছে, সেই সময়তে বিজ্ঞানীসকলে অৰুণাচলত প্ৰৱল ভূমিকম্প হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে ।

এনে খবৰে বিশেষকৈ অসমৰ ৰাইজক সচকিত কৰি তুলিছে । কিয়নো অৰুণাচলত বৃহৎ নদীবান্ধসমূহ নিৰ্মাণ হোৱাৰ পিচত পাহাৰীয়া ৰাজ্যখনক যদি বিজ্ঞানীসকলে আশংকা প্ৰকাশ কৰাৰ দৰে বৃহৎ ভূমিকম্পই জোকাৰি যায়, তেন্তে অসমত সৃষ্টি হ’ব ভয়ংকৰ দুৰ্যোগ ।

ৰাইজক আশ্বস্থ কৰিব পৰাকৈ কেন্দ্ৰ অথবা ৰাজ্য চৰকাৰৰ ওচৰত কোনো শক্তিশালী বক্তব্য নাই । যাৰ বাবে শিতানত অসংখ্য জলবোমা লৈ সাম্ভাব্য ভূমিকম্পই সৃষ্টি কৰিব পৰা অকল্পনীয় দুৰ্যোগৰ শংকাৰে অসমৰ ৰাইজে সময় পাৰ কৰিব লগীয়া হৈছে ।

লগতে পঢ়ক : NHPC Big Dam Impact : বৃহৎ নদীবান্ধে শুকুৱালে সোৱণশিৰি, আতংকৰ মাজতে শুকাইছে ৰঙানদীও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.