ETV Bharat / state

ক’ভিডৰ যুঁজত হাতে-কামে লাগিছে বিধায়ক মানৱ ডেকা

বুধবাৰে লখিমপুৰ অসামৰিক চিকিৎসালয়খন ছেনিটাইজ কৰাৰ লগতে বাসুদেৱ কল্যাণ ট্ৰাষ্টত উপস্থিত হয় যুৱ বিধায়ক মানৱ ডেকা ৷ ক’ভিডত ৰোগী ৰখা বাসুদেৱ কল্যাণ ট্ৰাষ্টত ক’ভিড ৰোগীসকলৰ সৈতে বাৰ্তালাপ কৰে বিধায়কগৰাকীয়ে ৷

lakhimpur-mla-manab-deka-visited-to-covid-centre
ক’ভিডৰ যুঁজত হাতে-কামে লাগিছে বিধায়ক মানৱ ডেকাই
author img

By

Published : Jun 2, 2021, 10:34 PM IST

লখিমপুৰ, 2 জুন : ক’ভিডৰ বিৰুদ্ধে অব্যাহত থকা এই যুঁজত হাতে-কামে লাগি পৰিছে লখিমপুৰৰ যুৱ বিধায়ক মানৱ ডেকা ৷ বুধবাৰে লখিমপুৰ অসামৰিক চিকিৎসালয়খন নিজ হাতে চেনিটাইজ কৰাৰ লগতে ক’ভিডত ৰোগী ৰখা কেন্দ্ৰ বাসুদেৱ কল্যাণ ট্ৰাষ্টত পিপিই কিট পিন্ধি প্ৰৱেশ কৰে ।

ক’ভিডৰ যুঁজত হাতে-কামে লাগিছে বিধায়ক মানৱ ডেকাই

কেন্দ্ৰটোত থকা ক’ভিড ৰোগীসকলৰ সৈতে বাৰ্তালাপ কৰাৰ উপৰিও কেন্দ্ৰটোৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লয় বিধায়কগৰাকীয়ে ৷ সাংবাদিকৰে হোৱা এক বাৰ্তালাপত তেওঁ হোজাইত সংঘটিত হোৱা চিকিৎসকক আক্ৰমণৰ ঘটনাক গৰিহণা দি আক্ৰমণকাৰীসকলক নৰ পিশাচ আখ্যা দিয়ে । তদুপৰি চিকিৎসা কৰ্মীসকলক সমৰ্থন জনাই মনোবল বৃদ্ধি কৰাৰ বাবে সংবাদ মাধ্যমক আহ্বান জনায় যুৱ বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক : মুকালমুৱাত তিনি ড্ৰাগছ আসক্তক লপা-থপা ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.