ETV Bharat / state

কৃষিবান্ধ নিৰ্মাণৰ নামত লখিমপুৰত কি চলিছে ?

কেনেদৰে চলিছে লখিমপুৰ জিলাৰ পঞ্চায়ত সমুহৰ জনমুখী কাম। আজি দেখুৱাম এটা কৃষিবান্ধ নিৰ্মাণৰ নামত কেনেদৰে চৰকাৰী ধন হৰলুকী কৰিছে একাংশ পঞ্চায়ত সদস্যই।

author img

By

Published : Mar 16, 2020, 11:19 AM IST

Updated : Mar 16, 2020, 12:09 PM IST

কৃষিবান্ধ নিৰ্মাণৰ নামত লখিমপুৰত কি চলিছে ?
কৃষিবান্ধ নিৰ্মাণৰ নামত লখিমপুৰত কি চলিছে ?

লখিমপুৰ,16 মাৰ্চঃ বাৰিষা ডিক্ৰং নদীৰ ধলৰ পৰা কৃষকক পৰিত্ৰাণ দিবলৈ নিৰ্মাণ কৰা এটা কৃষি বান্ধ। নদীৰ বালিৰে কৃষি বান্ধ নিৰ্মাণ কৰি অপচয় কৰা হৈছে চৰকাৰী বৃহৎ পুজি। এবাৰ দুবাৰ নহয় দুটা বছৰত তিনিবাৰকৈ মুঠ ৭০ লাখ টকা চৰকাৰী ঘৰৰ পৰা মুকলি কৰি এনেদৰে বালিৰে কৃষি বান্ধ নিৰ্মাণ হ'ল কৰুণাবাৰী গাঁও পঞ্চায়তৰ ডিক্ৰং পঞ্চায়তত। কেৱল বালিৰে নহয় শ্ৰমিকৰ বিপৰীতে বান্ধৰ কাষতে বৃহৎ বৃহৎ গাত খান্দি এচকেভেটৰেৰে কাম সমাপন কৰিলে ঠিকাদাৰ,পঞ্চায়ত সদস্যই,দুৰ্নীতিৰে কৃষি বান্ধ নিৰ্মাণ কৰাক লৈ এতিয়া ক্ষোভিত স্থানীয় ৰাইজ। কাৰণ কৃষি বান্ধৰ ওপৰেৰেখোজ দিব নোৱাৰা অৱস্থা।

কেনেদৰে চলিছে লখিমপুৰ জিলাৰ পঞ্চায়ত সমুহৰ জনমুখী কাম ?

ৰাইজৰ অভিযোগ কাপিচলা গেৰেলুৱা কৃষি বান্ধ নিৰ্মাণৰত দুৰ্নীতিত লিপ্ত হৈছে পঞ্চায়ত সদস্য,ঠিকাদাৰ,অভিযন্তা,নদীৰ বান দুৰৈৰ কথা এজাক বৰষুণতে খহিছে বালিৰে নিৰ্মাণ কৰা কৃষি বান্ধ। এই দুৰ্নীতিৰ ক্ষেত্ৰত কোনো উত্তৰ নাই কৰুণাবাৰী পঞ্চায়তৰ সভাপতিৰ মুখতো। ২০১৯-২০ বৰ্ষত ৪০ লাখ,২০২০-২১ বৰ্ষত ২০ লাখ,পুনৰ ২০২০-২১ বৰ্ষত ১০ লাখ মুঠ ৭০ লাখ টকা পুজি আবন্টন কৰি চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ কৃষি বান্ধ নিৰ্মাণত জড়িত সকলোৰে বিৰুদ্ধে । ৰাইৰ দাবী এই ঘটনাৰ তদন্ত হ'লে সকলে ওলাই পৰিব সময়ত ৷

লগতে চাওকঃ

বলুকা শিল্পৰে কৰ'ণা ভাইৰাছৰ সজাগতা সুদৰ্শন পাটনায়কৰ

Last Updated : Mar 16, 2020, 12:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.