ETV Bharat / state

পুনৰ অৰুণাচলী দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱালে অসমীয়াই - অসম অৰুনাচল সীমান্ত

অৰুণাচলত পুনৰ হত্যাৰ বলি হ’ল লখিমপুৰৰ যুৱক । মৰণোত্তৰ পৰীক্ষাৰ পিছত বিয়লি লোকজনৰ মৃতদেহ বাসগৃহলৈ অনাৰ পিছত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ৷

lakhimpur boy murder in arunachal pradesh
অৰুণাচলী দুৰ্বৃত্তৰ হাতত প্ৰাণ গল লখিমপুৰৰ যুৱকৰ
author img

By

Published : Jun 16, 2021, 9:58 PM IST

লখিমপুৰ, 16 জুন : পেটৰ তাড়নাত অৰুণাচলত কাম কৰি থকা অসমৰ শ্ৰমিক, কৰ্মচাৰীক সামান্য কথাতে নৃশংসভাৱে হত্যা কৰাটো এতিয়া নতুন কথা নহয় । পুনৰ চুবুৰীয়া ৰাজ্যখনত এজন অসমীয়াক হত্যা ।

বুধবাৰে নিশা অতি নৃশংসভাৱে হত্যা কৰা হয় লখিমপুৰৰ কেহুতলীৰ ছালাম উদ্দিনক ৷ নৈশ চকীদাৰ হিচাপে নাহৰ লগুনৰ এটি ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত কৰ্মৰত আছিল ছালাম উদ্দিন ।

অৰুণাচলী দুৰ্বৃত্তৰ হাতত প্ৰাণ গল লখিমপুৰৰ যুৱকৰ

মঙলবাৰে নিশা ছালাম উদ্দিনক অৰুণাচলী দুৰ্বৃত্তই হানি-খুচি হত্যা কৰা বুলি জানিব পৰা গৈছে । এই ঘটনাই এতিয়া লখিমপুৰৰ অসম-অৰুনাচল সীমান্তত চেপা উত্তেজনাৰ সৃষ্টি কৰিছে । মৰণোত্তৰ পৰীক্ষাৰ পিছত বিয়লি লোকজনৰ মৃতদেহ বাসগৃহলৈ অনাৰ পিছত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।

হত্যাকাণ্ড সংঘটিত কৰা অৰুণাচলী দুৰ্বৃত্তৰ কঠোৰ শাস্তিৰ দাবী কৰিছে ভুক্তভোগী পৰিয়ালৰ লগতে বিভিন্ন দল-সংগঠনে ।

লগতে পঢ়ক : দুলীয়াজানত বুজন পৰিমাণৰ ভাঙসহ দুজনক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.