লখিমপুৰ,23 মাৰ্চঃ দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান মৰ্মে পালন কৰা জনতাৰ সান্ধ্য আইন সোমবাৰে পুৱা 4 বজাত অন্ত পৰে ৷ ইয়াৰ বিপৰীতে চেম্বাৰ্চ অব কমাৰ্চে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক আহ্বান কৰা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৷ লখিমপুৰ জিলাত সোমবাৰেও সম্পূৰ্ণৰূপে বন্ধ থাকে ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ ৷ জৰুৰীকালীন সেৱাসমূহৰ বাহিৰে সকলো সেৱাই বন্ধ হৈ থাকে জিলাখনত ৷
আনহাতে, বন্ধৰ মাজতে লখিমপুৰ জিলা প্ৰশাসনে অব্যাহত ৰাখিছে সজাগতাসমূলক কাৰ্যসূচী ৷ সকলো লোককে সতৰ্কতা অৱলম্বন কৰি নিজকে সুৰক্ষিত কৰি ৰখাৰ বাবে আহ্বান জনায় জিলা প্ৰশাসনে ৷