লখিমপুৰ, ২০ ডিচেম্বৰ : ৰাষ্ট্ৰীয় আয়োগত উত্থাপন কৰা হব লখিমপুৰৰ চাফাই কৰ্মচাৰীৰ সমস্যাসমূহ (Safai workers problems to be raised in National Commission)। সোমবাৰে ৰাষ্ট্ৰীয় চাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষ এম ভেনকটেচনে(Chairman of National Commission for Safai Karamcharis) প্ৰদান কৰে এই আশ্বাস ।
সোমবাৰে এদিনীয়া কাৰ্যসূচী লৈ লখিমপুৰত উপস্থিত হয় ৰাষ্ট্ৰীয় চাফাই কৰ্মচাৰীৰ এম ভেনকটেচন(NCSK chairman M Venkatesan) । অধ্যক্ষগৰাকীয়ে নগৰৰ 13 নং ৱাৰ্ডৰ হৰিজন কলনি পৰিদৰ্শন কৰি চাফাই কৰ্মচাৰীসকলৰ জীৱন ধাৰণৰ মান, খোৱাপানী, বাসগৃহ আদি সকলো দিশৰ সমস্যাৰ বুজ লয় । চাফাইকৰ্মীসকলৰ সমস্যাসমূহ ৰাষ্ট্ৰীয় আয়োগত উত্থাপন কৰি সমাধানৰ প্ৰয়াস কৰা হ’ব বুলি তেওঁ আশ্বাস প্ৰদান কৰে ।
আনহাতে চিকিৎসালয়, পৌৰসভাকে ধৰি বিভিন্ন বিভাগত নিয়োজিত চাফাই কৰ্মচাৰীসকলৰ জীৱন বীমা, পি এফ আদিৰ ব্যৱস্থা কৰিবলৈ সকলো সংশ্লিষ্ট কর্তৃপক্ষক নিৰ্দেশ দিয়ে এম ভেনকটেচনে । ইয়াৰ পাছত তেওঁ লখিমপুৰ পৌৰসভাৰ সভাকক্ষত আয়োজিত এক সভাত অংশ গ্ৰহণ কৰে ।
পৌৰসভাৰ কাৰ্যবাহী বিষয়া কেচিঅ’ কৰণ পেগুৱে আঁতধৰা সভাখনত অধ্যক্ষগৰাকীয়ে তেওঁৰ মাতৃভাষা তামিলতে ভাষণ প্ৰদান কৰে । অসমীয়া আৰু হিন্দীলৈ এই ভাষণ অনুবাদ কৰে এম এছ এক্ট-২০১৩ (Prohibition of Employment as Manual Scavengers and Rehabilitation Act 2013) ৰ ৰাজ্যিক পৰ্যবেক্ষণ সমিতিৰ সদস্য আৰ এন প্ৰসাদে ।
এই সভাতো চাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষ এম ভেনকটেচন উপস্থিত থাকি চাফাই কৰ্মচাৰীসকলৰ সমস্যাসমূহৰ বুজ লৈ সমাধানৰ আশ্বাস দিয়ে । সভাখনত জিলা উপায়ুক্ত সুমীত সত্তৱান, আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱা, জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া ত্ৰিপুৰেন্দ্ৰ পাটৰ, অতিৰিক্ত উপায়ুক্ত গীতালি দুৱৰা, ঢকুৱাখনাৰ মহকুমাধিপতি পুৰ্ণেল সিং আদিকে ধৰি বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াবৰ্গ উপস্থিত থাকে ।
জিলাখনত দীৰ্ঘদিনীয়া বিৰতিৰ পাছত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিষয়া আহি চাফাই কৰ্মচাৰীৰ সমস্যাৰ বুজ লৈ সমাধানৰ আশ্বাস দিয়াত কৰ্মচাৰীসকল উৎফুল্লিত হৈ পৰে ।
লগতে পঢ়ক: প্ৰাদেশিকীকৰণ হ’ব বড়োভূমিৰ ২৬ খন মহাবিদ্যালয়; ঘোষণা মুখ্যমন্ত্ৰীৰ