ETV Bharat / state

International Labour Day: লখিমপুৰত বিশ্ব শ্ৰমিক দিৱস পালন - লখিমপুৰত বিশ্ব শ্ৰমিক দিৱস পালন

প্ৰতি বছৰে এক মে' ৰ দিনা সমগ্র বিশ্বব্যাপী পালন কৰা হয় শ্ৰমিক সংহতি দিৱস । এইবাৰো তাৰ ব্যতিক্রম হোৱা নাই । অসমত বিভিন্ন দল-সংগঠনে সোমবাৰে এই দিৱসটো বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰে (International Labour Day observed in Lakhimpur) ।

International Labour Day observed in Lakhimpur
লখিমপুৰত বিশ্ব শ্ৰমিক দিৱস পালন
author img

By

Published : May 1, 2023, 3:18 PM IST

লখিমপুৰত বিশ্ব শ্ৰমিক দিৱস পালন

লখিমপুৰ,১ মে': অসম চাহ মজদুৰ সংঘৰ উদ্যোগত লখিমপুৰত কেন্দ্রীয় মে' দিৱস উদযাপন । অসম চাহ মজদুৰ সংঘই এই দিৱসটো লখিমপুৰত কেন্দ্রীয়ভাৱে পালন কৰে । এই উপলক্ষে দিনজোৰা বিভিন্ন কাৰ্যসূচী গ্রহণ কৰা হয় । পুৱাৰ ভাগত অন্যান্য কাৰ্যসূচীৰ লগতে সাংস্কৃতিক শোভাযাত্রা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । সাংস্কৃতিক শোভাযাত্রাত চাহ জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰে লখিমপুৰৰ আকাশ বতাহ মুখৰিত কৰি তোলে । চাহ জনগোষ্ঠীৰ ঝুমুৰ, মাদলৰ ধ্বনিৰে মুখৰিত হ’ল লখিমপুৰৰ আকাশ-বতাহ (International Labour Day observed in Lakhimpur) ।

জনগোষ্ঠীটোৰ কৃষ্টি, সংস্কৃতিৰ ধ্বনিৰে লখিমপুৰ নগৰত উচৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় । অসম চাহ মজদুৰ সংঘৰ উদ্যোগত লখিমপুৰত কেন্দ্রীয়ভাৱে আয়োজন কৰা শ্রমিক সংহতি দিৱস উপলক্ষে গ্রহণ কৰা কাৰ্যসূচী সমুহৰ অন্যতম সাংস্কৃতিক শোভাযাত্রাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে (Cultural procession on the occasion of May Day) । উল্লেখ্য যে, অসম চাহ মজদুৰ সংঘৰ উদ্যোগত আৰু সংঘৰ লখিমপুৰ শাখা, সমুহ বাগিচা গোট তথা শ্রমিক ৰাইজৰ সহযোগত লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রত দিনজোৰা কাৰ্যসূচীৰে শ্ৰমিক সংহতি দিৱসটিৰ আয়োজন কৰা হয় (International Labour Day 2023) ।

লগতে পঢ়ক: Nagaon police encounter : ৰূপহীহাটত আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া ৰমিজুল

এই উপলক্ষে গছপুলি ৰোপণ, পতাকা উত্তোলন, সাংস্কৃতিক শোভাযাত্রা, মুকলি সভা আদি বিভিন্ন কাৰ্যসূচী গ্রহণ কৰা হয় । পুৱাবেলা অন্যান্য কাৰ্যসূচীৰ লগতে সাংস্কৃতিক শোভাযাত্রা কাৰ্যসূচীত অভূতপূর্বভাৱে চাহ জনগোষ্ঠীৰ লোকে সহযোগ কৰে । শোভাযাত্রা উদ্বোধন কৰে অসম চাহ মজদুৰ সংঘৰ মহিলা সমিতিৰ লখিমপুৰ জিলাৰ সভানেত্রী গায়ত্রী নায়কে ।

উদ্বোধনী অনুষ্ঠানটোৰ আঁত ধৰে অসম চাহ মজদুৰ সংঘৰ লখিমপুৰ শাখাৰ সম্পাদক সঞ্জিত তাঁতীয়ে । শোভাযাত্রা উদ্বোধন কৰি তেওঁ লোকে বৃহৎ অসমীয়া জাতিৰ অংগ চাহ জনগোষ্ঠীৰ সৰ্বাংগীন বিকাশ, সম্প্ৰীতি আদিৰ পোষকতা কৰে ।

লগতে পঢ়ক: Road accident in Majuli: দুৰ্ঘটনাত পতিত বাহনৰ পৰা ওলাল এয়াৰ গান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.