ETV Bharat / state

লখিমপুৰত উদ্বেগজনকভাৱে বৃদ্ধি ক’ভিডত আক্ৰান্তৰ সংখ্যা

author img

By

Published : Jul 28, 2021, 8:51 PM IST

ক’ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন ৰাজ্য চৰকাৰ ৷ লখিমপুৰত প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা বৃদ্ধি ৷ সম্পূৰ্ণ লখিমপুৰ জিলাক কণ্টেইনমেণ্টে জ’ন ঘোষণা ৰাজ্য চৰকাৰ ৷ কঠোৰভাৱে বলৱৎ ক’ভিড-19 ৰ নীতি-নিৰ্দেশনা ৷

increase-in-covid-cases-in-lakhimpur
লখিমপুৰত উদ্বেগজনক ভাৱে ক’ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি

লখিমপুৰ, ২৮ জুলাই : ক’ভিড পৰিস্থিতি (COVID-19 SITUATIONS) উন্নত নোহোৱাৰ বাবে বাৰে বাৰে কণ্টেইনমেণ্টে জ’ন ৰূপে লখিমপুৰ জিলাক (LAKHIMPUR DISTRICT) ঘোষণা কৰিবলগীয়া হৈছে ৰাজ্য চৰকাৰে । প্ৰতিদিনেই জিলাখনত শতাধিক লোক ক’ভিড-19 ত আক্ৰান্ত হোৱা দেখিবলৈ পোৱা গৈছে । তাৰ সমান্তৰালভাৱে ক’ভিড-19 ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও জিলাখনত বৃদ্ধি পোৱা দেখা গৈছে । যাৰ ফলত বহু পৰিয়ালে সন্তান হেৰুৱাইছে, বহু মহিলা অকালতে বিধবা হ’বলগীয়া হৈছে ।

উল্লেখযোগ্য যে, জিলাখনত এই পৰ্যন্ত ১০০ গৰাকী লোকে ক’ভিড-19 ত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে । আক্ৰান্ত হৈছে ১০ হাজাৰ ৫৬৮ গৰাকী । অৱশ্যে ইয়াৰে ৯১৬৩ গৰাকী লোকে ইতিমধ্যে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ।

লখিমপুৰত উদ্বেগজনকভাৱে ক’ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি

লখিমপুৰ জিলাত স্বাস্থ্য বিভাগে যুদ্ধকালীন তৎপৰতাৰে ভেকচিন প্ৰদান, চিকিৎসা সেৱা, ক’ভিড-19 ৰ পৰীক্ষা আদি চলাই আছে । এই পৰ্যন্ত জিলাখনত ৩ লাখ ৬১ হাজাৰ ৪৮ গৰাকীক ৰেট(RT) আৰু ২ লাখ ৪৮ হাজাৰ ৯৮ গৰাকী আৰটিপিচিআৰ (RTPCR) প্ৰক্ৰিয়াৰ যোগেদি ক’ভিড-19 পৰীক্ষা সম্পন্ন কৰা হৈছে । জিলাখনৰ চিকিৎসালয়সমূহৰ উপৰি বাসুদেৱ কল্যাণ ট্ৰাষ্ট, নাৰায়ণপুৰ পলিটেকনিক, গাৰ্লচ কলেজ, বিহপুৰীয়া, এলটিকে, নাওবৈচা, লখিমপুৰ আদিৰ কলেজসমূহ, বগীনদী হায়াৰ ছেকেণ্ডাৰী স্কুল, ঘিলামৰা আইটি আদি বিভিন্ন অনুষ্ঠানত অস্থায়ী ক’ভিড চিকিৎসালয় স্থাপন কৰি আক্ৰান্তসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে ।

একেদৰে জিলাখনৰ ক’ভিড পৰিস্থিতি অৱনতি হৈ থকাত সঘনাই স্বাস্থ্য মন্ত্ৰী, অভিভাবক মন্ত্ৰীয়ে পৰিস্থিতিৰ বুজ লৈ আছে । মঙলবাৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে লখিমপুৰ জিলাৰ মেডিকেল কলেজখনৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লৈ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰে নিৰ্মাণকাৰ্য সম্পূর্ণ কৰাৰ নিৰ্দেশ দিয়ে । উল্লেখযোগ্য যে, পৰৱৰ্তী শিক্ষাবৰ্ষৰ পৰা মেডিকেল কলেজখনত পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰা যাব বুলি সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই (KESHAB MAHANTA) ।

জিলাখনৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণে (SANJAY KISSAN) পৰিস্থিতিৰ ওপৰত চকু ৰখাৰ লগতে মৃতকৰ পৰিয়ালসমূহৰ প্ৰতি চৰকাৰৰ হৈ সমবেদনা জ্ঞাপন কৰে । লগতে তেওঁ এক শোকাকুল পৰিৱেশত ১৯ গৰাকী বিধৱা মহিলাক মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ অধীনত চৰকাৰী সাহায্য প্ৰদান কৰা দেখা যায় ৷ ইপিনে জিলাখনৰ এনে উদ্বেগজনক ক’ভিড পৰিস্থিতিক লৈ শংকিত হৈ পৰিছে লখিমপুৰবাসী ।

লগতে পঢ়কঃ গুৱাহাটী-নলবাৰী মিজোৰামক এৰি দিয়াৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কি ক’লে...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.