ETV Bharat / state

অথলে গ'ল হিমন্তৰ প্ৰতিশ্ৰুতি

'বিজেপি দলক ভোট দিয়ক ছয় মাহত মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণ কৰিম ৷'- এয়া আছিল নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি নাৰায়ণপুৰবাসীক হিমন্ত বিশ্বই দিয়া প্ৰতিশ্ৰুতি ৷ নাৰায়ণপুৰবাসীয়ে ভোট দিলে ৷ বিহপুৰীয়া সমষ্টিত বিজেপি দলৰ বিধায়কো জয়ী হ’ল ৷ কিন্তু নিৰ্মাণ নহ'ল মাধৱদেৱ কলাক্ষেত্ৰ ৷

author img

By

Published : Jun 29, 2019, 1:58 PM IST

অথলে গ'ল হিমন্তৰ প্ৰতিশ্ৰুতি

লখিমপুৰ,29 জুন : ২০০৭ চনত ২৩ মাৰ্চ তাৰিখে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আধাৰশিলা স্থাপন কৰিছিল প্ৰস্তাৱিত মাধৱদেৱ কলাক্ষেত্ৰৰ, কিন্তু কংগ্ৰেছৰ দিনত সম্পূৰ্ণ হৈ উঠা কলাক্ষেত্ৰক লৈয়ে 2016 চনত বিধানসভা নিৰ্বাচনৰ শ্লোগান প্ৰদান কৰিছিল বিজেপিয়ে ৷ কিন্তু বিজেপিৰ বিজয়ৰ পাচতো আজিকোপতি সম্পূৰ্ণ নহ'ল মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণৰ কাম ৷ কংগ্ৰেছ দলৰ আমোলত প্ৰস্তাৱিত মাধৱদেৱ কলাক্ষেত্ৰই লাভ কৰা পাঁচ কোটি টকাৰ কাম আজিও সম্পূৰ্ণ নহ’ল ৷ অতি লেহেমীয়া আৰু পালমৰা কাম কৰি পাঁচ কোটিৰ গৰিষ্ঠসংখ্যক টকা ঠিকাদাৰ তথা অভিযন্তাই উদৰস্থ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

অথলে গ'ল হিমন্তৰ প্ৰতিশ্ৰুতি

ৰাজ্যত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ তিনিবছৰৰ পাচত শুকুৰবাৰে নাৰায়ণপুৰত উপস্থিত হয় হিমন্ত বিশ্ব শৰ্মা ৷ কলাক্ষেত্ৰলৈ ভূমি দান কৰা বদুলা সত্ৰৰ সত্ৰাধিকাৰকো সাক্ষাৎ কৰে হিমন্তই ৷

Intro:বিজেপি দলক ভোট দিয়ক ছয়মাহত মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণ কৰিম৷ এয়া আছিল নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি নাৰায়ণপুৰবাসীক হিমন্ত বিশ্বই দিয়া প্ৰতিশ্ৰুতি৷ নাৰায়ণপুৰবাসীয়ে ভোট দিলে ৷ বিহপুৰীয়া সমষ্টিত বিজেপি দলৰ বিধায়কো জয়ী হ’ল৷ ৰাজ্যত বিজেপি দলে চৰকাৰ গঠন কৰা তিনিটা বছৰ পাৰ হ’ল ৷ ছয়মাহত সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি পালনৰ অৰ্থে হিমন্ত বিশ্ব শৰ্মা মাধৱদেৱ কলাক্ষেত্ৰৰ বুজ লৈ পৰিকল্পনা কৰিবলৈ আহিল তিনিবছৰৰ পাছত ৷

২০০৭ চনত ২৩ মাৰ্চ তাৰিখে তদানীন্তন মুখ্যমন্ত্ৰী তৰুন গগৈয়ে আধাৰশিলা স্থাপন কৰিছিল প্ৰস্তাৱিত মাধৱদেৱ কলাক্ষেত্ৰৰ ৷ উজনি অসমৰ উত্তৰ পাৰৰ বৈষ্ণৱ ধৰ্মাৱলম্বীসকলক ধৰ্মীয় আৱেগ সৃষ্টি কৰি ভোট সৰকাইছিল সেইসময়ত কংগ্ৰেছ দলটোৱে ৷ সহজ সৰল বৈষ্ণৱ ধৰ্মীয় লোকসকলৰ বিশ্বাস পিছে ভংগ কৰিছিল কংগ্ৰেছ দলটোৱে৷ কংগ্ৰেছ দলৰ আমোলত প্ৰস্তাৱিত মাধৱদেৱ কলাক্ষেত্ৰই লাভ কৰা পাঁচ কোটি টকাৰ কাম আজিও সম্পূৰ্ণ নহ’ল৷ অতি লেহেমীয়া আৰু পালমৰা কাম কৰি পাঁচ কোটিৰ গৰিষ্ঠসংখ্যক টকা উদৰস্থ কৰিলে ঠিকাদাৰ আৰু গড়কাপ্তানি গৃহ বিভাগে ৷ মাধৱদেৱ কলাক্ষেত্ৰ আছিল কংগ্ৰেছ দলৰ ৰাজনীতি সেইকথা বুজি উঠাৰ সময়তে হিমন্তবিশ্ব শৰ্মাই পুনৰ বাৰ আৱেগৰ ঢল বোৱাই নাৰায়ণপুৰ বাসীক নিৰ্বাচনী প্ৰচাৰত প্ৰদান কৰিছিল প্ৰতিশ্ৰুতি৷ ছয়মাহত সম্পূৰ্ণ কৰিম মাধৱদেৱ কলাক্ষেত্ৰ৷ বহুবল্কী হিমন্তবিশ্ব শৰ্মাই ছয়মাহত সম্পূৰ্ণ কৰিব পৰা কলাক্ষেত্ৰ খন পৰিদৰ্শন কৰিবলৈ চৰকাৰ গঠনৰ তিনিবছৰৰ পাছত শুক্ৰবাৰে আহি উপস্থিত হ’লহি ৷ বিভাগীয় অভিযন্ত্ৰাৰ পৰা নিৰ্মীয়মাণ কলাক্ষেত্ৰৰ সম্পৰ্কে বাৰ বছৰত হোৱা কামৰ বুজ ল’লে ৷ কলাক্ষেত্ৰ এখনৰ বাবে প্ৰয়োজনীয় একো ব্যৱস্থা নেদেখি বিভাগীয় অভিযন্তাক কেমেৰাৰ সন্মুখত নিৰ্দেশ দিলে এগৰাকী দক্ষ আৰ্কিটেকছাৰৰ দ্বাৰা এটা আৰ্হি তৈয়াৰ কৰি গড়কাপ্তানি গৃহ বিভাগৰ অধীনত নতুন ৰুপত নিৰ্মান কৰিব মাধৱদেৱ কলাক্ষেত্ৰ ৷

হিমন্তবিশ্ব শৰ্মাই বিশ কোটি টকাৰে ২০২০ চনত সম্পূৰ্ণ কৰিব মাধৱদেৱ কলাক্ষেত্ৰ ৷ আনহাতে কলাক্ষেত্ৰৰ ভুমি দান কৰা বদুলা সত্ৰৰ সত্ৰাধিকাৰ গৰাকীৰ খবৰ লয় মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে কেমেৰাৰ সন্মুখত বিভাগীয় অভিযন্তাৰ সৈতে হোৱা বাৰ্তালাপত কংগ্ৰেছ দলৰ লগতে প্ৰাক্তন বিধায়ক ভুপেন বৰাকো সমালোচনা কৰিবলৈ পাহৰি নগ’ল মন্ত্ৰীগৰাকীয়ে ৷
অসম চৰকাৰৰ বিত্ত মন্ত্ৰী গৰাকীয়ে মাধৱদেৱ কলাক্ষেত্ৰ পুনৰ নিৰ্মাণ কৰি আতকধুনীয়া কৰাৰ প্ৰয়াসক আজি নাৰায়ণপুৰ বাসীক আশ্বস্ত কৰিব পৰা নাই ৷ কলাক্ষেত্ৰৰ নামত পুনা বাৰ ৰাজনীতি নহয় আৰু প্ৰতিশ্ৰুতি মতেই যাতে কাম কৰে তাৰ বাবে বাট চাইছে মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰবাসীয়ে৷Body:বিজেপি দলক ভোট দিয়ক ছয়মাহত মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণ কৰিম৷ এয়া আছিল নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি নাৰায়ণপুৰবাসীক হিমন্ত বিশ্বই দিয়া প্ৰতিশ্ৰুতি৷ নাৰায়ণপুৰবাসীয়ে ভোট দিলে ৷ বিহপুৰীয়া সমষ্টিত বিজেপি দলৰ বিধায়কো জয়ী হ’ল৷ ৰাজ্যত বিজেপি দলে চৰকাৰ গঠন কৰা তিনিটা বছৰ পাৰ হ’ল ৷ ছয়মাহত সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি পালনৰ অৰ্থে হিমন্ত বিশ্ব শৰ্মা মাধৱদেৱ কলাক্ষেত্ৰৰ বুজ লৈ পৰিকল্পনা কৰিবলৈ আহিল তিনিবছৰৰ পাছত ৷

২০০৭ চনত ২৩ মাৰ্চ তাৰিখে তদানীন্তন মুখ্যমন্ত্ৰী তৰুন গগৈয়ে আধাৰশিলা স্থাপন কৰিছিল প্ৰস্তাৱিত মাধৱদেৱ কলাক্ষেত্ৰৰ ৷ উজনি অসমৰ উত্তৰ পাৰৰ বৈষ্ণৱ ধৰ্মাৱলম্বীসকলক ধৰ্মীয় আৱেগ সৃষ্টি কৰি ভোট সৰকাইছিল সেইসময়ত কংগ্ৰেছ দলটোৱে ৷ সহজ সৰল বৈষ্ণৱ ধৰ্মীয় লোকসকলৰ বিশ্বাস পিছে ভংগ কৰিছিল কংগ্ৰেছ দলটোৱে৷ কংগ্ৰেছ দলৰ আমোলত প্ৰস্তাৱিত মাধৱদেৱ কলাক্ষেত্ৰই লাভ কৰা পাঁচ কোটি টকাৰ কাম আজিও সম্পূৰ্ণ নহ’ল৷ অতি লেহেমীয়া আৰু পালমৰা কাম কৰি পাঁচ কোটিৰ গৰিষ্ঠসংখ্যক টকা উদৰস্থ কৰিলে ঠিকাদাৰ আৰু গড়কাপ্তানি গৃহ বিভাগে ৷ মাধৱদেৱ কলাক্ষেত্ৰ আছিল কংগ্ৰেছ দলৰ ৰাজনীতি সেইকথা বুজি উঠাৰ সময়তে হিমন্তবিশ্ব শৰ্মাই পুনৰ বাৰ আৱেগৰ ঢল বোৱাই নাৰায়ণপুৰ বাসীক নিৰ্বাচনী প্ৰচাৰত প্ৰদান কৰিছিল প্ৰতিশ্ৰুতি৷ ছয়মাহত সম্পূৰ্ণ কৰিম মাধৱদেৱ কলাক্ষেত্ৰ৷ বহুবল্কী হিমন্তবিশ্ব শৰ্মাই ছয়মাহত সম্পূৰ্ণ কৰিব পৰা কলাক্ষেত্ৰ খন পৰিদৰ্শন কৰিবলৈ চৰকাৰ গঠনৰ তিনিবছৰৰ পাছত শুক্ৰবাৰে আহি উপস্থিত হ’লহি ৷ বিভাগীয় অভিযন্ত্ৰাৰ পৰা নিৰ্মীয়মাণ কলাক্ষেত্ৰৰ সম্পৰ্কে বাৰ বছৰত হোৱা কামৰ বুজ ল’লে ৷ কলাক্ষেত্ৰ এখনৰ বাবে প্ৰয়োজনীয় একো ব্যৱস্থা নেদেখি বিভাগীয় অভিযন্তাক কেমেৰাৰ সন্মুখত নিৰ্দেশ দিলে এগৰাকী দক্ষ আৰ্কিটেকছাৰৰ দ্বাৰা এটা আৰ্হি তৈয়াৰ কৰি গড়কাপ্তানি গৃহ বিভাগৰ অধীনত নতুন ৰুপত নিৰ্মান কৰিব মাধৱদেৱ কলাক্ষেত্ৰ ৷

হিমন্তবিশ্ব শৰ্মাই বিশ কোটি টকাৰে ২০২০ চনত সম্পূৰ্ণ কৰিব মাধৱদেৱ কলাক্ষেত্ৰ ৷ আনহাতে কলাক্ষেত্ৰৰ ভুমি দান কৰা বদুলা সত্ৰৰ সত্ৰাধিকাৰ গৰাকীৰ খবৰ লয় মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে কেমেৰাৰ সন্মুখত বিভাগীয় অভিযন্তাৰ সৈতে হোৱা বাৰ্তালাপত কংগ্ৰেছ দলৰ লগতে প্ৰাক্তন বিধায়ক ভুপেন বৰাকো সমালোচনা কৰিবলৈ পাহৰি নগ’ল মন্ত্ৰীগৰাকীয়ে ৷
অসম চৰকাৰৰ বিত্ত মন্ত্ৰী গৰাকীয়ে মাধৱদেৱ কলাক্ষেত্ৰ পুনৰ নিৰ্মাণ কৰি আতকধুনীয়া কৰাৰ প্ৰয়াসক আজি নাৰায়ণপুৰ বাসীক আশ্বস্ত কৰিব পৰা নাই ৷ কলাক্ষেত্ৰৰ নামত পুনা বাৰ ৰাজনীতি নহয় আৰু প্ৰতিশ্ৰুতি মতেই যাতে কাম কৰে তাৰ বাবে বাট চাইছে মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰবাসীয়ে৷Conclusion:চাণক্য বৰুৱা, বিহপুৰীয়া৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.