ETV Bharat / state

Get together of AJYCP: লখিমপুৰত AJYCP ৰ ন-পুৰণি সতীৰ্থ সন্মিলন - Asom Jatiyatabadi Yuba Chatra Parishad

অসমৰ সমাজ জীৱনৰ সংকটৰ বেলিকা সততে মাত মাতি অহা জাতীয় সংগঠনসমূহৰ অন্যতম অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ দেওবাৰে লখিমপুৰত এখন ন-পুৰণি সতীৰ্থ সন্মিলন অনুষ্ঠিত হৈ যায়(Get together of AJYCP held in Lakhimpur) । ১৯৭৮ চনৰ ১২ মাৰ্চ ত জন্মলাভ কৰা পৰিষদৰ দেওবাৰে অনুষ্ঠিত হোৱা ন পুৰণি সতীৰ্থ সন্মিলনত অংশগ্রহণ কৰি নষ্টালজিক হৈ পৰিল সকলো ।

Get together of AJYCP held in Lakhimpur
লখিমপুৰত AJYCP ৰ ন-পুৰণি সতীৰ্থ সন্মিলন
author img

By

Published : Mar 5, 2023, 8:52 PM IST

লখিমপুৰত AJYCP ৰ ন-পুৰণি সতীৰ্থ সন্মিলন

লখিমপুৰ,৫ মাৰ্চ: লখিমপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ ন পুৰণি সতীৰ্থ সন্মিলন(Get together of AJYCP held in Lakhimpur) । অসম জাতীয়তাবাদী যুৱ ছাত্র কেন্দ্রীয় সমিতিৰ নিৰ্দেশমৰ্মে পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত দেওবাৰে পৰিষদৰ ন-পুৰণি সতীৰ্থসকলৰ এখন সন্মিলন অনুষ্ঠিত হয় । লখিমপুৰ নগৰৰ গোপীনগৰ কলনিত থকা পৰিষদৰ জিলা কাৰ্যালয়ত এই সন্মিলনখন অনুষ্ঠিত হয়(Asom Jatiyatabadi Yuba Chatra Parishad) ।

পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি হিৰণ্য দত্তৰ পৌৰোহিত্যত অনুষ্ঠিত সন্মিলনখনত পৰিষদৰ ভালেখিনি কেন্দ্রীয় তথা জিলাৰ প্ৰাক্তন বিষয়ববীয়া, বৰ্তমানৰ কাৰ্যনিৰ্বাহক বিষয়-ববীয়াসকল মিলিত হয় । নতুন বিষয়ববীয়া সকলে প্ৰাক্তন বিষয়ববীয়া সকল ত্যাগ আৰু কষ্টৰ বিনিময়ত অসমৰ সমাজ জীৱনৰ অতন্দ্র প্ৰহৰী স্বৰূপ হৈ ৰোৱা অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত আলোকপাত কৰি অগ্ৰজসকলক কৃতজ্ঞতা জনোৱাৰ লগতে আশীৰ্বাদ কামনা কৰে(Get together of lakhimpur AJYCP) ।

ন গতিৰে সমাজখনক নেতৃত্ব দি আগুৱাই নিয়াৰ লগতে ৰাজ্যৰ জ্বলন্ত সমস্যাসমূহ সমাধান, পৰিষদৰ জন্মলগ্নৰ দাবী সমুহ পুৰণৰ হকে অগ্ৰজ সকলৰ দিহা পৰামৰ্শ লয় এই সন্মিলনত । পৰিষদৰ ন পুৰণি সকলোৱে আন্তৰিকতাৰে মিলিত হোৱা এই সন্মিলনত প্ৰাক্তন সকলে তেওঁলোকৰ সংগঠনটোত কৰা কাম কাজক স্মৰণ কৰি নষ্টালজিক হৈ পৰে । উল্লেখ্য এই সন্মিলন উপলক্ষে পুৱা পতাকা উত্তোলন কৰে পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি হিৰণ্য দত্তই ।

শ্বহীদ তৰ্পণ কৰে জিলা সমিতিৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সম্পাদক দূৰ্গা গোস্বামীয়ে । মাল্যাৰ্পণ কৰে কেন্দ্রীয় সমিতিৰ প্ৰাক্তন সভাপতি বিজয় দেউৰীয়ে । উল্লেখ্য ১৯৭৮ চনৰ ১২ মাৰ্চত জন্ম হোৱা অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে জন্মলগ্নৰ পৰাই দ্বিনাগৰিকত্ব প্ৰদান, আন্তঃ ৰাজ্যিক পাৰ পত্ৰ প্ৰৱৰ্তন কৰা আদি বহুকেইটা দাবী উত্থাপন কৰাৰ সমানে সময়ে সময়ে ৰাজ্যৰ বিভিন্ন জ্বলন্ত সমস্যা সমুহ সমাধানৰ হকে দাবী জনোৱাৰ উপৰি জনমত গঠন কৰা আদি কাৰ্যৰে সমাজ জীৱনত এক বলিষ্ঠ ভূমিকা পালন কৰি আহিছে ।

এনে প্ৰতিবাদ অথবা আন্দোলনৰ কাৰ্যসূচীত পৰিষদৰ বিষয়ববীয়াৰ পৰা বহু কৰ্মী চৰকাৰীভাৱে নিৰ্যাতনৰ সন্মুখীন হ'বলগীয়া হৈছে । তথাপি পৰিষদৰ শক্তিশালী নেতৃত্বৰ পৃষ্ঠপোষকতাত লক্ষ্য পথৰ পৰা বিচ্যুতি নোহোৱাকৈ সংগঠনটোৱে আগুৱাই গৈছে । পৰিষদৰ ন পুৰণি সতীৰ্থ সন্মিলনখনতো সংগঠনটোৱে অনাগত দিনত আপোচহীন স্থিতিৰে অসমৰ সমাজ জীৱনৰ হকে কাম কৰি যাবলৈ সংকল্পৰ কথা দোহাৰে পৰিষদৰ সকলো সদস্য তথা বিষয় ববীয়াই ।

লগতে পঢ়ক: Husband brutally killed wife: মই হাতুৰীয়ে মৰিয়াই তাইক মাৰি পেলালো: পত্নীৰ পৰিয়ালক স্বামীৰ অকপট স্বীকাৰোক্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.