লখিমপুৰ, 18 মাৰ্চঃ কৰ'ণা ভাইৰাচৰ আতংকৰ বাবে অসমতো চৰকাৰে জাৰী কৰিছে কিছু নিৰ্দেশনা । বুধবাৰে ইয়াৰ মাজতে লখিমপুৰৰ বগীনদীত জনসমাগমৰ মাজত মন্ত্ৰী নব দলে আধাৰশিলা স্থাপন কৰে । মন্ত্ৰী নৱ দলে বগীনদীত ১৮ খনকৈ ভিন্ন আঁচনিৰ আধাৰশিলা স্থাপন কৰে । যি সময়ত ৰাজ্য চৰকাৰে একে ঠাইতে জন সমাগম হোৱাত বাধা আৰোপ কৰিছে, তেনেসময়তে জন সমাগমেৰে আঁচনি উদ্বোধন কৰিলে নৱ দলে । বগীনদী উন্নয়নখণ্ডৰ ৮ খন পঞ্চায়তৰ ১৮ খন আঁচনিৰ আধাৰশিলা অনুষ্ঠানত মহামাৰী কৰ'ণাৰ সজাগতাৰ সম্পৰ্কে একো কথাই নক"লে মন্ত্ৰী গৰাকীয়ে । আগন্তক নিৰ্বাচনৰ প্ৰতি লক্ষ্য কৰিয়ে আধাৰশিলা ৰাজনৈতিক চমক দেখুৱা বুলি ধাৰণা কৰিছে সচেতন মহলে ।
আৰু পঢ়কঃ এফালে কৰ'ণাকলৈ বিজেপিৰ অভিযান, আনফালে বিজেপি দলৰ কাণ্ডজ্ঞানহীন কৰ্ম