ETV Bharat / state

Lok Sabha Election 2024: টিকট দিলেও লোকসভা নিৰ্বাচন নেখেলে লখিমপুৰৰ প্ৰাক্তন বিধায়কে - Assam Congress candidate list

চৰ্চালৈ আহিছে অসম কংগ্ৰেছৰ এখন 50 জনীয়া প্ৰাৰ্থীৰ তালিকা(Assam Congress candidate list) ৷ 14 টা লোকসভা সমষ্টিৰ বাবে প্ৰদেশ কংগ্ৰেছে প্ৰস্তুত কৰা তালিকাখনক লৈ আৰম্ভ হৈছে সৰৱ চৰ্চা ৷ ইয়াৰ মাজতে দলে টিকট দিলেও নিৰ্বাচনত অৱতীৰ্ণ নহয় বুলি স্পষ্টীকৰণ দিলে প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁইয়ে ।

Assam Congress candidate list
দলে টিকট দিলেও নিৰ্বাচনত অৱতীৰ্ণ নহয় বুলি স্পষ্টীকৰণ প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁইৰ
author img

By

Published : Jan 17, 2023, 7:19 PM IST

দলে টিকট দিলেও নিৰ্বাচনত অৱতীৰ্ণ নহয় বুলি স্পষ্টীকৰণ প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁইৰ

লখিমপুৰ,১৭ জানুৱাৰী: সমাগত লোকসভা নির্বাচন(Lok Sabha Election 2024) । এই লৈ ইতিমধ্যে ৰাজনৈতিক দলসমুহে টঙালি বান্ধিছে । কংগ্রেছ দলে এখোপ আগুৱাই এখন সাম্ভাব্য প্ৰাৰ্থী তালিকা প্রকাশ কৰিছে । মুঠ চৈধ্যটা লোকসভা সমষ্টিৰ বাবে ৫১ জনীয়া এখন দলীয় সাম্ভাব্য প্ৰাৰ্থী তালিকা প্রকাশ কৰিছে দলটোৱে(Assam Congress candidate list) । বৰপেটা, নগাঁও আৰু কলিয়াবৰ সমষ্টিত এজনকৈ প্ৰাৰ্থীৰ নামৰ বিপৰীতে আন এঘাৰটা সমষ্টিত পাঁচ ছজনকৈ প্ৰাৰ্থীৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ।

১৪ নং লখিমপুৰ লোকসভা সমষ্টিৰ বাবে দলটোৱে প্ৰকাশ কৰা তালিকাত আছে পাঁচজনৰ নাম । এই পাঁচজনৰ ভিতৰত অন্যতম হ'ল লখিমপুৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁই । পিছে কংগ্রেছ দলে দলীয় টিকট দিলেও লোকসভা নির্বাচন নেখেলে লখিমপুৰৰ প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁয়ে(Former MLA react on the list of possible candidates for Lok Sabha Election) । কংগ্রেছৰ সাম্ভাব্য লোকসভা নির্বাচনৰ প্ৰাৰ্থী তালিকাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে(Former MLA Ghan Burhagohain) ।

যদিও দলে তালিকাত প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁইৰ নাম অন্তর্ভুক্ত কৰিছে তথাপি তেওঁ নিৰ্বাচন খেলিবলৈ ৰাজী নহয় । প্ৰাক্তন বিধায়কগৰাকীয়ে কয় যে লখিমপুৰ লোকসভা সমষ্টিৰ ভিতৰত ন টাকৈ বিধানসভা সমষ্টি আছে । এই বিধানসভা সমষ্টিসমুহৰ কেইবাটাও তেওঁৰ বাবে বৰ বিশেষ পৰিচিত নহয় । সেয়ে দলে তেওঁক প্ৰাৰ্থিত্ব দিলেও তেওঁ নিৰ্বাচন নেখেলে ।

বিগত সময়ত প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত দলৰ হাইকমাণ্ডে কেতবোৰ ভুল কৰা বুলিও তেওঁ স্পষ্ট কৰি কয় লখিমপুৰ লোকসভা সমষ্টিত ST বা OBC প্ৰাৰ্থীক দলীয় টিকট দিলে দলে সমষ্টিটো দখল কৰাৰ আশা আছে । বিজেপি চৰকাৰক সমালোচনাৰে থকাসৰকা কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে । তেওঁ কয় যে কথা অনুসাৰে কাম কৰিব পৰা নাই BJP য়ে ।

লগতে তেওঁ উল্লেখ কৰে যে বিজেপিৰ প্ৰতি এতিয়া ৰাইজৰ মোহভংগ হৈছে । যাৰ বাবে আগন্তুক নিৰ্বাচনসমুহত বিৰোধী দলে সুযোগ লাভ কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে । লোকসভা নির্বাচনৰ প্ৰাৰ্থী হিচাপে তেওঁ দলে প্ৰাৰ্থিত্ব দিলেও নেখেলো বুলি স্পষ্ট কৰি বিধানসভা নিৰ্বাচনতহে তেওঁ ভাগ লোৱাৰ আগ্ৰহ প্ৰকাশ কৰে । পিছে প্ৰাক্তন বিধায়কগৰাকীৰ এই সিদ্ধান্তক দলে কিদৰে লয় সেয়া হ'ব সময়ত লক্ষণীয় ।

লগতে পঢ়ক: Shilpi Divas 2023 : দিনজোৰা কাৰ্যসূচীৰে ৰূপকোঁৱৰৰ জন্মগৃহত উদযাপন শিল্পী দিৱস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.