ETV Bharat / state

Flood threat: নীপকোৱে মোকোলালে ৰঙানদী প্ৰকল্পৰ পানী; লখিমপুৰত বাজিছে বিপদৰ ধ্বনি

শুকুৰবাৰে পুৱা উত্তৰ-পূব শক্তি নিগম চমুকৈ নীপকোৱে মুকলি কৰি দিয়ে ডিমা হাচাও জিলাৰ উমৰাংচুস্থিত খানডাং বান্ধৰ পানী ৷ ইয়াৰ সমান্তৰালভাৱে দুপৰীয়া অৰুণাচল প্ৰদেশৰ য়াজালীত স্থাপিত ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানীও এৰি দিয়ে নীপকোৱে । প্ৰকল্পটোৰ এক নং গেট খুলি ৰঙানদীত এৰি দিয়া বিশাল জলৰাশিয়ে লখিমপুৰক বিধ্বস্ত কৰাৰ আশংকা কৰা হৈছে । নদীপৰীয়া অঞ্চলত চাইৰেণ বজাই সতৰ্ক কৰি দিয়া হৈছে ৰাইজক ।

author img

By

Published : Jun 16, 2023, 4:46 PM IST

Flood threat in Lakhimpur
NEEPCO releases water from Ranganadi Dam
নীপকোৱে মোকোলালে ৰঙানদী প্ৰকল্পৰ পানী

লখিমপুৰ, 16 জুন: শিঙৰা নৈয়ে মথাউৰি ছিঙি লখিমপুৰত প্লাৱন সৃষ্টি কৰাৰ সময়তে জিলাখনত পুনৰ ভয়ংকৰ দুৰ্যোগৰ সংকেত দি নীপকোৱে মোকোলাই দিছে ৰঙানদী প্ৰকল্পৰ পানী । অৰুণাচল প্ৰদেশৰ য়াজালীত স্থাপিত 405 মেগাৱাট শক্তি সম্পন্ন ৰঙানদী প্ৰকল্পৰ জলাধাৰৰ পৰা অতিৰিক্ত জলৰাশি মোকোলাই দিয়া হৈছে ৰঙানদীত ।

শুকুৰবাৰে পুৱা নীপকোৰ তৰফৰ পৰা 10.40 বজাত লখিমপুৰ জিলা প্ৰশাসনলৈ এক সতৰ্ক বাৰ্তা প্ৰেৰণ কৰা হয় । অত্যধিক বৰষুণৰ ফলত প্ৰকল্পটোৰ জলাধাৰত পানীৰ চাপ বৃদ্ধি পোৱাৰ বাবে জলাধাৰৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰকল্পৰ গেট খুলি দিয়া হ’ব পাৰে বুলি এই সতৰ্ক বাৰ্তা প্ৰেৰণ কৰা হৈছিল । ইয়াৰ পাচতে নীপকোৱে 12.20 বজাত প্ৰকল্পৰ এক নং গেট খন এশ মিলিমিটাৰ খুলি দিয়ে ।

পৰৱৰ্তী পৰ্যায়ত বিয়লি এক বজালৈ গেটখন 1300 মিলিমিটাৰ লৈ খুলি দিয়ে । নীপকোৱে এইদৰে নদীখনত বিশাল জলৰাশি মোকোলাই দিয়াৰ লগে লগে লখিমপুৰত নদীপৰীয়া এলেকাত বাজি উঠে বিপদ সংকেট ধ্বনি ।

উল্লেখ্য যে, নীপকোৱে ৰঙা নদীত পানী মোকোলাই দিলে লখিমপুৰত সৰ্বাধিক ক্ষতি হয় । যাৰ বাবে নদীপৰীয়া এলেকা সমূহৰ ৰাইজক সতৰ্ক কৰি দিবলৈ চাইৰেণ স্থাপন কৰা আছে । নীপকোৱে পানী এৰাৰ পূৰ্বে বিকট শব্দৰে বাজি উঠে এই চাইৰেণসমূহ । শুকুৰবাৰেও নীপকোৱে পানী মোকোলাই দিয়াৰ লগে লগে ঘনে ঘনে বিকট শব্দৰে বাজি উঠে বিপদ ঘন্টা ।

লগতে পঢ়ক: Orange alert in Assam: নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যত বান পৰিস্থিতি জটিল হোৱাৰ সম্ভাৱনা

চাইৰেণৰ শব্দ শুনাৰ লগে লগে লৰা-ঢপৰা লাগে নৈপৰীয়া ৰাইজৰ । বয়-বস্তু সামৰি, পোহনীয়া জীৱ-জন্তুক নিৰাপদ স্থানত থৈ নিজেও সুৰক্ষিত হ’বলৈ তৰা-নৰা ছিঙি দৌৰিব লগীয়া হৈছে নৈপৰীয়া ৰাইজ । প্ৰতিবছৰে এনে দৃশ্যৰ পুনৰাবৃত্তি ঘটি আহিছে ৰঙানদীৰ পাৰৰ অঞ্চলবোৰত । যিমান সতৰ্ক হ’লেও নীপকোৱে এইদৰে নদীখনত বিশাল জলৰাশি মোকোলাই দিয়াৰ ফলত ৰঙানদীয়ে লখিমপুৰত তাণ্ডৱৰ সৃষ্টি কৰে । এফালৰ পৰা ঘৰ-বাৰী, দলং, ৰাস্তা, খেতিপথাৰ সকলো বিধ্বস্ত কৰি পেলোৱাৰ লগতে এই বলিয়া বানত প্ৰাণ হানিৰ ঘটনাও ঘটে ।

প্ৰতি বছৰে বাৰিষা কালত নীপকোৱে এনেদৰে পানী এৰি দি বলিয়া কৰা ৰঙানদীয়ে বিস্তৰ-ক্ষতি কৰি আহিছে যদিও এই সমস্যা সমাধানৰ বাবে কোনেও একো ব্যৱস্থা গ্রহণ কৰা নাই আজিকোপতি । ৰাইজে দীৰ্ঘ দিন ধৰি নীপকোক পানী এই বিষয়ে দাবী জনাই আহিছে যদিও কামত অহা নাই ।

লক্ষণীয় যে, নীপকোৱে প্ৰকল্পৰ জলাধাৰত পানীৰ চাপ বৃদ্ধি হ’লে একেলগেই বহু পৰিমাণৰ পানী ৰঙানদীত মোকোলাই দিয়ে । যাৰ বাবে ক্ষতিৰ পৰিমাণ অধিক হয় । দীর্ঘ সময়ৰ বাবে হ’লেও কমকৈ নদীখনত পানী এৰি থাকিলে ক্ষতিৰ প্ৰভাৱ বহু পৰিমাণে কম হ’লহেতেন । এই কামটো কৰিবলৈকে আজিও কোনো জনপ্ৰতিনিধি বা চৰকাৰৰ আহৰি নোলাল বুলি ক্ষোভ প্ৰকাশ কৰি আহিছে ৰাইজে ।

ইতিমধ্যে নীপকোৱে ৰঙা নদীত পানী এৰি দিয়াৰ ফলত বিয়লিৰ পৰা নদীৰ জলস্তৰ ক্ৰমে বৃদ্ধি হৈ আহিছে । নিশাৰ ভাগলৈ নদীখনে কালৰূপ ধাৰণ কৰাৰ আশংকা প্ৰৱল হৈ পৰিছে । সাম্ভাৱ্য বানৰ পৰা প্ৰাণ ৰক্ষাৰ বাবে উজাগৰী নিশা কটাবলৈ সাজু হৈছে নদীপৰীয়া ৰাইজ ।

লগতে পঢ়ক: Kopili Hydro Electric Project:NEEPCO য়ে খুলি দিলে খানডং বান্ধৰ 6 খনকৈ গেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.