ETV Bharat / state

Arohan Scheme Assam:এজাক শিক্ষার্থীক উচ্চাকাংক্ষী হিচাপে গঢ়ি তোলাৰ প্ৰয়াস লখিমপুৰ জিলা প্ৰশাসনৰ

এজাক শিক্ষাৰ্থীক উচ্চাকাংখী কৰি তোলাৰ প্ৰয়াস লখিমপুৰ জিলা প্ৰশাসনৰ । প্ৰথমবাৰৰ বাবে জিলাখনত আৰোহণ আঁচনিৰ অধীনত বৃহস্পতিবাৰে কাৰ্যসূচী গ্ৰহণ কৰা হয় ।

Arohan Scheme
আৰোহণ আঁচনি
author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 8:47 PM IST

আৰোহণ আঁচনি

লখিমপুৰ, ১৪ ছেপ্টেম্বৰ : লখিমপুৰত আৰোহণ আঁচনিৰ অধীনত উৰ্ধমূখী সপোনৰ দিশে এজাক শিক্ষার্থী । জিলা প্ৰশাসনৰ উদ্যোগ এক প্ৰশংসনীয় পদক্ষেপ । লখিমপুৰত উৰ্ধমূখী সপোনৰ দিশে লৈ যোৱাৰ প্ৰয়াস কৰা হৈছে এজাক শিক্ষার্থীক । আৰোহণ আঁচনিৰ অধীনত শিক্ষার্থীক উৰ্ধমূখী সপোন দেখুৱাবলৈ তৎপৰতা লৈছে জিলা প্ৰশাসনে ।

বিগত বৰ্ষত অষ্টম শ্ৰেণীলৈ শীর্ষস্থান দখল কৰি উত্তীৰ্ণ হোৱা জিলা খনৰ ২৮৭ গৰাকী শিক্ষার্থীৰ মাজত ভৱিষ্যতে উচ্চ অভিলাস সৃষ্টি কৰাৰ প্ৰয়াস লৈ জিলা প্ৰশাসনে বৃহস্পতিবাৰে ১৪০ জন শিক্ষার্থীক সামৰি ভ্ৰমণৰ এক কাৰ্যসূচী গ্ৰহণ কৰে । ৰাষ্ট্ৰীয় আৱিস্কাৰ অভিযান, আৰোহণ আঁচনি আৰু বেটি বচাও বেটি পঢ়াও আঁচনিৰ অধীনত সমগ্ৰ শিক্ষা অভিযান মিছন লখিমপুৰৰ উদ্যোগত এই কাৰ্যসূচী গ্ৰহণ কৰা হয় ।

বৃহস্পতিবাৰৰ পুৱাবেলা জিলা আয়ুক্তৰ চৰকাৰী বাসভৱন প্ৰাংগণত আনুষ্ঠানিকভাৱে এই কাৰ্যসূচী আৰম্ভ কৰা হয় । জিলা আঁচনি বিষয়া দেৰাজুল হুছেইনে আঁতধৰা অনুষ্ঠানটোত আদৰণি ভাষণ দিয়ে জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক হেমকান্ত শইকীয়াই । অনুষ্ঠানটোত ভাষণ দি জিলা আয়ুক্ত সুমিত সাত্তাৱানে এই আঁচনিখনৰ উদেশ্য ব্যাখ্যা কৰি কয়, ‘ছাত্ৰ-ছাত্রীসকলক এই আঁচনিৰ জৰিয়তে ভৱিষ্যতে উৰ্ধমূখী হোৱাৰ সপোন দেখুৱাব খোজা হৈছে । তেওঁলোকক ভ্ৰমণ কৰাই বিভিন্ন অনুষ্ঠান আদি দেখুৱাই উচ্চাকাংক্ষী কৰি তুলিব খোজা হৈছে’ ।

জিলাখনৰ নিৰ্বাচিত ২৮৭ জন শিক্ষার্থীৰ আজি প্ৰথম দিনা ১৪০ জনক বিশ্ববিদ্যালয় লৈ উন্নীত কৰিবলৈ লোৱা নৰ্থ লখিমপুৰ মহাবিদ্যালয়, লখিমপুৰ মেডিকেল কলেজ, তাৰকা গৃহ আদি বিভিন্ন স্থান পৰিদৰ্শন কৰাই শিক্ষা, চিকিৎসা, বিজ্ঞান আদি বিভিন্ন দিশত আগ্ৰহী কৰি তুলিবলৈ অনুপ্রাণিত কৰাৰ প্ৰয়াস কৰা হ’ব ।

উল্লেখ্য যে, জিলাখনত প্ৰথমবাৰৰ বাবে এই আঁচনিৰ অধীনত পদক্ষেপ গ্রহণ কৰা হৈছে । আৰম্ভণিৰ অনুষ্ঠানটোত জিলাৰ অতিৰিক্ত উপায়ুক্ত (শিক্ষা) ভাস্কৰ বৰুৱা, নৰ্থ লখিমপুৰ কলেজৰ উপাচার্য ড৹ ৰঞ্জন বৰুৱাৰ লগতে বিভিন্ন স্কুলৰ শিক্ষকসকলে অংশগ্রহণ কৰে ।

লগতে পঢ়ক : New hospital in Lakhimpur:লখিমপুৰত পিতৃৰ সপোন পূৰণ কৰিবলৈ স্থাপন কৰিলে হাস্পতাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.