ETV Bharat / state

প্ৰাপ্যৰ দাবীত নাৰায়ণপুৰত কৃষকৰ প্ৰতিবাদ - নাৰায়ণপুৰ ৰাজহ চক্ৰ

অসমতো আন্দোলনত নামি কৰিছে শতাধিক কৃষক ৷ কৃষকৰ ধান চৰকাৰে বান্ধি দিয়া ন্যূনতম সমৰ্থন মূল্যত ক্ৰয় কৰাৰ দাবীত নাৰায়ণপুৰত সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক কৃষকে।

farmars-protest
প্ৰাপ্যৰ দাবীত নাৰায়ণপুৰত কৃষকৰ প্ৰতিবাদ
author img

By

Published : Dec 14, 2020, 6:55 PM IST

বিহপুৰীয়া, 14 ডিচেম্বৰ : কৃষি বিলৰ বিৰুদ্ধে কৃষকৰ আন্দোলন অব্যাহত আছে ৷ পাঞ্জাৱ-হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কৃষক সকলে দিল্লী সীমান্তত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদত বহি পৰিছে ৷ কেন্দ্ৰ চৰকাৰৰ সকলো প্ৰস্তাৱক কৃষক সকলে খাৰিজ কৰিছে ৷ ইয়াৰোপৰিও এই সময়ছোৱাত কেন্দ্ৰ চৰকাৰৰে কৃষকৰ কেইবালানিও আলোচনা হোৱাৰ পাচতো সিদ্ধান্তত উপনীত নহ'ল ৷

ইয়াৰ মাজতে অসমতো আন্দোলনত নামি কৰিছে শতাধিক কৃষক ৷ কৃষকৰ ধান চৰকাৰে বান্ধি দিয়া ন্যূনতম সমৰ্থন মূল্যত ক্ৰয় কৰাৰ দাবীত নাৰায়ণপুৰত সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক কৃষকে । প্ৰতিবাদকাৰীসকলে নাৰায়ণপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কাৰ্যালয়ত উপস্থিত হৈ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ ৰাজ্যপাল আৰু দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

farmars-protest
প্ৰাপ্যৰ দাবীত নাৰায়ণপুৰত কৃষকৰ প্ৰতিবাদ

পঞ্জাৱ, হাৰিয়ানাৰ পৰা ধান অসমলৈ আমদানি বন্ধ কৰাৰ লগতে অসমৰ ধান অসমত বিতৰণ কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷ প্ৰতিবাদস্থলীৰ পৰাই তেওঁলোকে চৰকাৰক অতি শীঘ্ৰে তেওঁলোকৰ দাবী মানি নল’লে আগন্তুক দিনত নাৰায়ণপুৰৰ জৰাবাৰিস্থিত ভাৰতীয় খাদ্য নিগমৰ কাৰ্যালয় ঘেৰাও কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ হুংকাৰ দিয়ে।

লগতে পঢ়ক: কৃষক সকলৰ পক্ষত বটবৃক্ষ হৈ থিয় দিয়া কোন এই চৌধুৰী মহেন্দ্ৰ সিং টিকেইত ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.