ETV Bharat / state

Dhaka International Film Festival: ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত অংশগ্রহণ লখিমপুৰৰ ফাৰহানা আহমেদৰ - আসাম ট্ৰিবিউন কাকতৰ লখিমপুৰৰ সাংবাদিক

বিশ্বৰ ৭১ খন দেশৰ অংশগ্রহণেৰে বাংলাদেশৰ ঢাকাত ২১ সংখ্যক ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ অনুষ্ঠিত । এই মহোৎসৱত অংশগ্রহণ কৰিবলৈ আমন্ত্রণ লাভ কৰিছিল লখিমপুৰৰ ফাৰহানা আহমেদে । তেওঁ ইতিমধ্যে দুদিনীয়াকৈ আয়োজিত উক্ত মহোৎসৱৰ আলোচনাচক্ৰত অংশগ্রহণ কৰি স্বদেশলৈ ঘূৰি আহিছে ।

Dhaka International Film Festival
ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত অংশগ্রহণ লখিমপুৰৰ ফাৰহানা আহমেদৰ
author img

By

Published : Jan 18, 2023, 9:04 PM IST

ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত অংশগ্রহণ লখিমপুৰৰ ফাৰহানা আহমেদৰ

লখিমপুৰ, ১৮ জানুৱাৰী: চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হোৱা ২১ সংখ্যক ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত দেশক প্ৰতিনিধিত্ব কৰে অসম সন্তান লখিমপুৰৰ ফাৰহানা আহমেদে(Farhana ahmed in dhaka international film festival) । বিশ্বৰ ৭১ খন দেশৰ অংশগ্রহণেৰে বাংলাদেশৰ ঢাকাত ১৪ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই মহোৎসৱত অংশগ্রহণ কৰিবলৈ আমন্ত্ৰণ লাভ কৰিছিল ফাৰহানাই(2023 Dhaka International Film Festival ) ।

ফাৰহানাই দুদিনীয়াকৈ আয়োজিত উক্ত মহোৎসৱৰ আলোচনাচক্ৰত অংশগ্রহণ কৰি ইতিমধ্যে স্বদেশলৈ ঘূৰি আহিছে । উক্ত চলচ্চিত্র মহোৎসৱত অংশগ্রহণ কৰাৰ বাবে ফাৰহানাই আমন্ত্ৰণ লাভ কৰাত সমগ্ৰ জিলাখনৰ লোকসকল গৌৰৱাম্বিত হৈ পৰে ৷ তেওঁ ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত অংশগ্রহণ কৰাৰ উপৰিও ১৫ আৰু ১৬ জানুৱাৰীত ঢাকাৰ ৰেইনব' ফিল্ম ছ’চাইটিয়ে মহিলা চলচ্চিত্র নির্মাতা, অভিনেত্রী, চলচ্চিত্র নিৰ্মাণত জৰিত মহিলাসকলক লৈ আয়োজন কৰা "ঢাকা ইণ্টাৰনেচনেল কনফাৰেন্স অন উইমেন চিনেমা ২০২৩" অভিৱৰ্তনতো অংশগ্রহণ কৰে ।

ফাৰহানাই বাংলাদেশৰ "চেনেল আই" নামৰ আগশাৰীৰ ৰাষ্ট্ৰীয় টেলিভিশন চেনেলৰ টক শ্ব’তো অংশগ্রহণ কৰিবলৈ সুযোগ লাভ কৰে । ভাৰতীয় চিনেমা জগতত মূলতঃ হিন্দী চিনেমাত মহিলাক কেনে দৃষ্টিভংগীৰে চোৱা হয় তথা উপস্থাপন কৰা হয় সেই সকলো দিশক সামৰি তেওঁ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱৰ বিভিন্ন আলোচনাত অংশগ্রহণ কৰি বলিষ্ঠ ৰূপত আত্মপ্ৰকাশ কৰে । গণসংযোগত স্নাতক ফাৰহানাই সংবাদক্ষেত্রৰ সমানে চলচ্চিত্রৰ পথাৰতো বিশেষকৈ মহিলাসকলৰ বাবে বিশেষ চিন্তা-চৰ্চাৰে কাম কৰি আহিছে ।

দেশৰ ভিতৰে বাহিৰে তেওঁ কাম কৰি গৈছে । এনে কাৰণতে তেওঁ ইতিমধ্যে ভাৰতক প্ৰতিনিধিত্ব কৰি চীন, ইজিপ্ট, থাইলেণ্ড আদি দেশ ভ্ৰমণ কৰিছে । এইক্ষেত্ৰত বিশেষ স্বীকৃতিও লাভ কৰিবলৈ সক্ষম হৈছে ফাৰহানাই । তেওঁ ইতিমধ্যে লাডলী মিডিয়া এণ্ড এডভাৰটাইজিং এৱাৰ্ড, নেচনেল মিডিয়া ফেল’শ্বিপ, ফেচ ৱহা এৱাৰ্ড, প্ৰাগ চিনে এৱাৰ্ড আদি বিভিন্ন দেশ-বিদেশৰ বঁটাৰে সন্মানীত হৈছে । ২২ জানুৱাৰীত সামৰণি পৰিব এই চলচিত্ৰ মহোৎসৱখন ৷

ফাৰহানা আহমেদ আসাম ট্ৰিবিউন কাকতৰ লখিমপুৰৰ সাংবাদিক তথা চলচ্চিত্র সমালোচক(Assam Tribune correspondent Farhana Ahmed) ৷ উল্লেখ্য যে, ২১ সংখ্যক ঢাকা আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ এইবাৰ অসমৰ পৰা নিৰ্বাচিত হৈছিল তেজপুৰৰ শিৱম ক্ৰিয়েচনৰ 'অনুৰ' চলচ্চিত্ৰখন ৷ সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ এটি চুটি গল্পৰ আধাৰত যুৱ পৰিচালক মঞ্জুল বৰুৱাই নিৰ্মাণ কৰিছিল অনুৰ(Eyes on the Sunshine) চলচ্চিত্রখন ৷

লগতে পঢ়ক: Story of a fireman: জুইৰ লেলিহান শিখাৰ মাজৰ পৰা জাতীয় পতাকা উদ্ধাৰকাৰী এজন বীৰ জোৱান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.