ETV Bharat / state

নাৰায়ণপুৰত বনৰীয়া হাতীৰ তাণ্ডৱ - হাতী মানুহৰ সংঘাত

বিগত তিনি দিন ধৰি অৰুণাচল পাহাৰৰ পৰা নামি অহা এটা বনৰীয়া হাতীৰ জাকে নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৷ কল গছৰ লগতে বিভিন্ন গছ গছনি ভাঙি চিঙি বিস্তৰ ক্ষতি সাধন কৰিছে বনৰীয়া হাতীৰ জাকটোৱে ৷

Elephant terror at Naryanpur, Lakhimpur District
নাৰায়ণপুৰত বনৰীয়া হাতীৰ তাণ্ডৱ
author img

By

Published : Jul 3, 2021, 10:33 PM IST

বিহপুৰীয়া, 3 জুলাই : ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে ৰাজ্যৰ বিভিন্ন জিলাত অব্যাহত আছে বন্য হস্তীৰ উপদ্ৰৱ (Wild elephant attack) ৷ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলতো কিছুদিন ধৰি বনৰীয়া হাতীয়ে বিস্তৰ ক্ষতি সাধন কৰিছে ৰাইজৰ । বিগত তিনি দিন ধৰি অৰুণাচল পাহাৰৰ পৰা নামি অহা এটা হাতীৰ জাকে অঞ্চলটোৰ শংকৰপুৰ, কৈলাশপুৰ অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰিছে ।

নিশাৰ ভাগত পাহাৰৰ পৰা নামি অহা হাতীৰ জাকটোৱে অঞ্চলটোৰ লোক সকলৰ বাৰীত সোমাই কল গছৰ লগতে বিভিন্ন গছ গছনি ভাঙি চিঙি বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে ঘৰ-দুৱাৰ ভাঙিবলৈও উদ্যত হোৱাত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । প্ৰায় কিছুদিন ধৰি বনৰীয়া হাতীৰ তাণ্ডৱৰ বাবে উজাগৰি নিশা কটাবললগীয়া হৈছে অঞ্চলটোৰ ৰাইজে । এই সন্দৰ্ভত স্থানীয় ৰাইজে বন বিভাগক খবৰ দিছে যদিও বিভাগটোৰ বিষয়া-কৰ্মচাৰীয়ে এতিয়ালৈ কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ কৰিছে ।

নাৰায়ণপুৰত বনৰীয়া হাতীৰ তাণ্ডৱ

আনহাতে, সমগ্ৰ অঞ্চলটোত নিশাৰ ভাগত বিদ্যুৎ সেৱা নথকাত বন্যহস্তীৰ উপদ্ৰৱ ক্ৰমান্বয়ে বৃদ্ধি পাইছে বুলি অভিযোগ কৰিছে ৰাইজে ৷ ইফালে এন্ধাৰৰ সুযোগ লৈ হাতীৰ জাকটোৱে ত্ৰাসৰ সৃষ্টি কৰা বুলি স্থানীয় ৰাইজে সাংবাদিকৰ আগত সদৰি কৰিছে স্থানীয় ৰাইজে ।

শীঘ্ৰেই বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবলৈ বন বিভাগৰ লগতে চৰকাৰক আহ্বান জনাইছে ৰাইজে ৷ ঠিক একেদৰে কিছুদিন পূৰ্বে বাক্সাৰ তামুলপুৰ গুৱাবাৰীৰ ১ নং ডোঙাৰগাঁৱত বন্যহস্তীয়ে চলালে ধ্বংসলীলা । খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা বন্যহস্তীয়ে ১নং ডোঙাৰগাঁৱত ভাঙি লণ্ড-ভণ্ড কৰে কেইবাটাও বাসগৃহ ৷

বন্যহস্তীয়ে গাঁওখনৰ কেইবাজন লোকৰ বাসগৃহ ভঙাৰ লগতে ভঁৰালৰ ধান-চাউল খাই তহিলং কৰি ধ্বংস কৰে বাৰীৰ খেতি-বাতি ৷ হাতীৰ উপদ্ৰৱত এতিয়া আতংকিত হৈ পৰিছে অঞ্চলবাসী ৷ এইক্ষেত্ৰত চৰকাৰক নজৰ দিবলৈ আহ্বান অঞ্চলবাসীৰ ৷ উল্লেখ্য যে, অঞ্চলটো ভূটানৰ পাদদেশত অৱস্থিত হোৱা হেতুকে প্ৰায়ে বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক-সমষ্টিত মটৰ চাইকেলেৰে প্ৰাতঃভ্ৰমণ বিধায়ক অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.