ETV Bharat / state

আদিবাসী ছাত্ৰ সন্থাৰ তৎপৰতাত জব্দ ডাম্পাৰ

author img

By

Published : Aug 25, 2020, 6:19 PM IST

হাৰমতী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনত অব্যাহত আছে বনজ সম্পদৰ অবৈধ ব্যৱসায় । এই অভিযোগ উত্থাপন কৰিছে আদিবাসী ছাত্ৰ সন্থাৰ নেতা-কৰ্মীসকলে ৷ উক্ত ঘটনাৰ সন্দৰ্ভতে হাৰমতী আছাই মঙলবাৰে অবৈধভাৱে চলাই থকা এই কুৱেৰীৰ পৰা শিল-বালি পৰিবাহী কেইবাখনো ডাম্পাৰ জব্দ কৰি হাৰমতী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত গতাই দিয়ে ।

Dumper seized by Indigenous Student Association naoboicha lakhimpur assam etv bharat news
আদিবাসী ছাত্ৰ সন্থাৰ তৎপৰতাত জব্দ ডাম্পাৰ

নাওবৈচা,25 আগষ্ট: লখিমপুৰ জিলাৰ হাৰমতী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনত অব্যাহত আছে বনজ সম্পদৰ অবৈধ ব্যৱসায় । উক্ত এলেকাত নীতি-বহিৰ্ভূতভাৱে চলিছে শিল-বালিকে ধৰি অন্যান্য সম্পদৰ ধ্বংস যজ্ঞৰ লগতে চোৰাং বেহা ৷ এই অভিযোগ উত্থাপন কৰিছে আদিবাসী ছাত্ৰ সন্থাৰ নেতা-কৰ্মীসকলে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, অঞ্চলটোত অব্যাহত থকা এই ব্যৱসায়ৰ বিৰুদ্ধে এসময়ত সৰৱ হৈ ৰাইজৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা চলাইছিল হাৰমতীৰ আঞ্চলিক বন বিষয়া নয়নজ্যোতি গগৈয়ে ৷ বিষয়াগৰাকীৰ তৎপৰতাত বন্ধ ৰখা হৈছিল অঞ্চলটোৰ শিল-বালিৰ সকলো কুৱেৰী ৷ কিন্তু পৰৱৰ্তী সময়ত বুজাবুজিৰ ভিত্তিতে বিষয়াগৰাকীয়ে এই কোৱেৰীসমূহ একাংশ লোকক চলাবলৈ অনুমতি প্ৰদান কৰে ৷ ইয়াৰ লগতে অসম-অৰুণাচল সীমান্তৱৰ্তী ডিক্ৰং নদীত চৰকাৰীভাৱে বন্ধ থকা কুৱেৰীত নীতি বহিৰ্ভূতভাৱে ঠিকাদাৰে কাম কৰি থকাৰ বিপৰীতে চালানবিহীনভাৱে অব্যাহত আছে শিল-বালিৰ সৰবৰাহ ৷ উক্ত ঘটনাৰ সন্দৰ্ভতে হাৰমতী আছাই মঙলবাৰে অবৈধভাৱে চলাই থকা এই কুৱেৰীৰ পৰা শিল-বালি পৰিবাহী কেইবাখনো ডাম্পাৰ জব্দ কৰি হাৰমতী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত গতাই দিয়ে ।

লগতে চাওকঃ বাণ থিয়েটাৰৰ মজিয়াত আত্মপ্ৰকাশ নতুন ৰাজনৈতিক দলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.