ETV Bharat / state

লখিমপুৰৰ বান্দৰদেৱাত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ - বিহপুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰা

শনিবাৰে পুৱতি নিশা লখিমপুৰৰ বান্দৰদেৱাত ড্ৰাগছসহ সাতজন যুৱকসহ মহিলাক আটক কৰে আৰক্ষীয়ে (Drugs peddler arrested at Bihpuria) ৷ জব্দকৃত ড্ৰাগছৰ পৰিমাণ ৮০.৮৪ গ্ৰাম বুলি জানিব পৰা গৈছে ৷

drugs-peddler-arrested-at-bihpuria
লখিমপুৰৰ বান্দৰদেৱাত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ
author img

By

Published : May 14, 2022, 6:21 PM IST

বিহপুৰীয়া, 14 মে': লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী বান্দৰদেৱাত বৰ্তমানেও অব্যাহত আছে ড্ৰাগছৰ বেহা । শেহতীয়াকৈ লখিমপুৰৰ বান্দৰদেৱাত ড্ৰাগছসহ সাতজন যুৱকসহ দুগৰাকী মহিলাক আটক কৰিছে আৰক্ষীয়ে (Drugs peddler arrested at Bihpuria) ৷

শনিবাৰে পুৱতি নিশা তৰাজুলিত গুৱাহাটীৰ পৰা মাজুলি অভিমুখে আহি থকা এখন বাহনত বিহপুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰা আৰু বান্দৰদেৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপন গগৈৰ নেতৃত্ব আৰক্ষীৰ এটা দলে যুটীয়া অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এগৰাকী মহিলাসহ এজন যুৱকক আটক কৰে ৷ আটকাধীন মহিলাসহ যুৱকজনৰ ক্ৰমে, বান্দৰদেৱাৰ হেমা নেৱাৰ(23) আৰু জিৱাউল আলি (24) বুলি জানিব পৰা গৈছে ৷

লখিমপুৰৰ বান্দৰদেৱাত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

আৰক্ষীয়ে জনোৱা মতে, হেমা নেৱাৰ আৰু জিৱাউল আলিয়ে নগাঁৱৰ পৰা বান্দৰদেৱাৰ দুই নং পাৰ্ৱতীপুৰত ড্ৰাগছ বিক্ৰী কৰিবলৈ অনাৰ পথত আৰক্ষীয়ে দুয়োজনকে আটক কৰে ৷ লগতে 7 টা চাবোনৰ বাকচত মুঠ ৮০.৮৪ গ্ৰাম সন্দেহজনক ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে (Drug seized at Bihpuria) ৷

তাৰ পিছত এই আটকাধীন যুৱক দুজনৰ স্বীকাৰোক্তিত লালুক পদ্মপুৰৰ ইবুল আলি (32), দুই নং পাৰ্ৱতীপুৰৰ ৰিতুল ভূঞা (24), দ'লহাটৰ ৰাহুল নেৱাৰ (26), দুই নং পাৰ্ৱতীপুৰৰ বাবু খান (33) আৰু মায়া শৰ্মা (29)ক নিজ গৃহৰ পৰা আৰক্ষীয়ে আটক কৰে ৷

লগতে পঢ়ক: বৰপেটাত ভিনীয়েকৰ হাতত প্ৰাণ গ’ল খুলশালীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.