লখিমপুৰ, 4 মে' : ড্ৰাগছৰ ঘাটিত পৰিণত অসম-অৰুণাচল সীমান্তৰ বান্দৰদোৱা আৰু হাৰমতি ৷ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ গইনা সীমান্তত লৈ ড্ৰাগছ মাফিয়াই চলাই আছে ড্ৰাগছৰ বেহা৷
লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা অভিযানত গ্ৰেপ্তাৰ হয় ড্ৰাগছ ব্যৱসায়ী দুজন৷ ড্ৰাগছ ব্যৱসায়ী দুজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে 11 গ্ৰাম হিৰোইনৰ লগতে নগদ 78 হাজাৰ টকা, এখন গাড়ী আৰু অন্যান্য সামগ্ৰী৷