ETV Bharat / state

ওপজা দিনত সুধাকণ্ঠক ৰাজ্যজুৰি স্মৰণ - Dr Bhupen Hazarika

কোভিড-19 ৰ ভয়াৱহতাৰ মাজতেই ৰাজ্যজুৰি পালন কৰা হৈছে সুধাকণ্ঠৰ জন্মতিথি ৷ গুৱাহাটীৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন হৈছে শিল্পীগৰাকীৰ জন্মতিথি ৷

bhupen hazarika
আজি সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ ৯৪ সংখ্যক জন্মদিৱস
author img

By

Published : Sep 8, 2020, 6:39 PM IST

Updated : Sep 8, 2020, 10:38 PM IST

নিউজ ডেস্ক, 8 চেপ্তেম্বৰ: নীলা চাদৰৰ ভাঁজত জীয়া ছবি ঢাকিছিল সুধাকণ্ঠই ৷

তেওঁৰ গীতৰ হেজাৰ শ্ৰোতা,লুইতৰ পৰা মিছিছিপিলৈ তেওঁ আঁকি গৈছিল মাথো গীতৰ জোৱাৰ ৷ যি গীতত প্ৰাণ পাই উঠে লক্ষ্যজনৰ বাস্তৱৰ জীয়া ছবি ৷ জীৱনৰ উন্মুক্ত ভাৱনাৰ স্পষ্ট ছবি অঁকা হৃদয়স্পৰ্শী গীতিকাৰ,সুৰকাৰ,কণ্ঠশিল্পী শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ আজি 94 সংখ্যক জন্মদিন ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত সুধাকণ্ঠৰ সোঁৱৰণত আজি পালন কৰা হৈছে শিল্পীগৰাকীৰ জন্মতিথি ৷ সুধাকণ্ঠৰ সমাধি ক্ষেত্ৰত আজি সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে তথা মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী উপস্থিতি থাকি বন্তি প্ৰজ্জ্বলন কৰাৰ লগতে বিভিন্নগৰাকী শিল্পীয়ে ভূপেন্দ্ৰ সংগীত পৰিবেশন কৰি শিল্পীগৰাকীলৈ আগবঢ়ায় শ্ৰদ্ধাঞ্জলি ৷

বিগত বৰ্ষৰ দৰে এইবাৰো দীঘলীপুখুৰীৰ পাৰত আছুৰ উদ্য়োগত পালন কৰা হৈছে সুধাকণ্ঠৰ 94 সংখ্যক জন্মতিথি ৷

ভূপেন হাজৰিকাৰ গীতত আছে অসমৰ কেঁচা মাটিৰ গোন্ধ ৷ কৃষকৰ ঘামৰ টোপাল,ৰন্ধ্ৰে ৰন্ধ্ৰে সোমাই আছে ছহিদৰ কেঁচা তেজৰ চেকুঁৰা ৷ বৰ্তমান কোভিড-19 ৰ ভয়াৱহতাৰ মাজতেই ৰাজ্যজুৰি পালন কৰা হৈছে তেওঁৰ জন্মতিথি ৷ গুৱাহাটীৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন হৈছে শিল্পীগৰাকীৰ জন্মতিথি ৷

লখিমপুৰৰ ধলপুৰত যুৱ কংগ্ৰেছ আৰু ধলপুৰ শাখা সাহিত্য সভাৰ উদ্যোগত পালন কৰা হয় সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ জন্মতিথি ৷

2012 চনত তদানীন্তন বিধায়ক ভূপেন কুমাৰ বৰাৰ নেতৃত্বত স্থাপন হোৱা সুধাকন্ঠৰ প্ৰতিমূৰ্তিৰ তলত গীত মাতৰ মাজেৰে বহুজনে সুধাকণ্ঠক স্মৰণ কৰে ৷

গোলাঘাটৰ প্ৰবীণ শিল্পী মঞ্চই কৰ'না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট নগৰৰ ত্ৰিমূৰ্ত্তি ক্ষেত্ৰত সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি পালন কৰে জন্মতিথি । ইয়াৰ লগতে প্ৰবীণ শিল্পী মঞ্চই সুধাকণ্ঠৰ গীত পৰিৱেশন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

আজি সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ ৯৪ সংখ্যক জন্মদিৱস

এনেদৰেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজি ভাহি আহিছে সুধাকণ্ঠৰ গীতৰ গৰিমা ৷ অসমীয়া সংস্কৃতি আৰু সমাজ জীৱনলৈ সুধাকণ্ঠ ভূপেন হাজৰিকাই,গীত-বোলছবিৰ জৰিয়তে আগবঢ়াই গৈছিল অনবদ্য বৰঙণি ৷ আজিৰ এই পৱিত্ৰ ক্ষণত মহান শিল্পীগৰাকীলৈ ইটিভি ভাৰত অসমৰ তৰফৰ পৰা জনাইছো গভীৰ শ্ৰদ্ধাঞ্জলি ৷

লগতে পঢ়ক: ছবছৰীয়া কৃতি কল্পৰ নিখুত দেৱবাদ্য বাদনে আকৰ্ষিত কৰিছে সকলোকে

Last Updated : Sep 8, 2020, 10:38 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.