ETV Bharat / state

কৃষক সন্মান নিধিঃ কৃষকৰ পৰিৱৰ্তে ধন সোমাল গাঁওবুঢ়াৰ একাউন্টত - 100 কৃষক বঞ্চিত

প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ নামত লখিমপুৰ জিলাত সংঘটিত হৈছে ব্যাপক অনিয়ম ৷ একাংশ পঞ্চায়ত প্ৰতিনিধিৰ হস্তক্ষেপৰ বাবে প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে ধনৱন্ত লোকৰ লগতে চৰকাৰী কৰ্মচাৰীয়ে এই ধন লাভ কৰাৰ অভিযোগ উখাপন হৈছে ৷

Corruption in Pradhan mantri krishak sanman nidhi scham at lakhimpur ajad panchyat
দুৰ্নীতিঃপ্ৰকৃত কৃষকৰ পৰিৱৰ্তে ধন সোমাল গাঁওবুঢ়াৰ একাউন্টত
author img

By

Published : May 13, 2020, 6:01 PM IST

লখিমপুৰ, 13 মে' : প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ নামত লখিমপুৰ জিলাৰ কুমাৰ কটা গাঁৱত ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি ভুৱা কৃষকৰ নাম তালিকাত অন্তভূক্ত কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

অভিযোগ অনুসৰি, জিলাখনৰ আজাদ পঞ্চায়তত সংঘটিত হৈছে এই দুৰ্নীতি ৷ লক্ ডাউনৰ বাবে ক্ষতিগ্ৰস্থ হোৱা কৃষক সকলক চৰকাৰে সাহায্য প্ৰদানৰ বাবে প্ৰস্তুত কৰিবলৈ দিয়া তালিকাত একাংশ চৰকাৰী চাকৰিয়াল, গাঁওবুঢ়াৰ নাম অন্তভূক্ত হোৱা অভিযোগ প্ৰদান কৰিছে ভুক্তভোগী ৰাইজে ৷

দুৰ্নীতিঃপ্ৰকৃত কৃষকৰ পৰিৱৰ্তে ধন সোমাল গাঁওবুঢ়াৰ একাউন্টত

আনকি একোটা পৰিয়ালৰ তিনি-চাৰিজন লোকে এই ধন লাভ কৰা বুলি গাঁওবাসীয়ে অভিযোগ উখাপন কৰে ৷ ফলত গাঁওখনৰ 100 কৃষক আঁচনিৰ ধন লাভ কৰাৰ পৰা বঞ্চিত হ'ব লগা হোৱা বুলি গাঁওবাসীয়ে উল্লেখ কৰে ৷ একাংশ পঞ্চায়ত প্ৰতিনিধি আৰু মধ্যভোগী লোকে এই তালিকা প্ৰস্তুত কৰাৰ বাবে এই অনিয়ম সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ কৰে ৷

অনতিপলমে গাঁওবাসীয়ে উক্ত বিষয় সন্দৰ্ভত উচিত তদন্ত বিচাৰিছে ৷

লগতে পঢ়ক : বৰপেটাত মন্ত্ৰী নৱ কুমাৰ দলেৰ পৰ্যালোচনা বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.