ETV Bharat / state

Manipur violence : মণিপুৰৰ ঘটনাক আফগানিস্তান তথা ইৰাকৰে ৰিজালে বিধায়ক ভৰত নৰহে

author img

By

Published : Jul 24, 2023, 12:57 PM IST

মণিপুৰৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ৷ মণিপুৰৰ ঘটনাৰ বাবে ৰাজ্য আৰিু কেন্দ্ৰীয় চৰকাৰক দোষাৰোপ কংগ্রেছৰ বিধায়ক ভৰত নৰহৰ ৷ মণিপুৰৰ মুখ্যমন্ত্রীৰ লগতে প্ৰধানমন্ত্ৰীৰ পদত্যাগ দাবী প্ৰদেশ কংগ্রেছৰ জ্যেষ্ঠ মুখপাত্র ড৹ জয় প্ৰকাশ দাসৰ ৷

Manipur violence
মণিপুৰৰ ঘটনাক ধিক্কাৰ বিৰোধীৰ
মণিপুৰৰ ঘটনাক ধিক্কাৰ বিৰোধীৰ

লখিমপুৰ, 24 জুলাই : সমগ্র দেশক জোকাৰি গৈছে মণিপুৰৰ ঘটনাৱলীয়ে । পৰিস্থিতি নিয়ন্ত্রণত শাসকীয় দলৰ ব্যৰ্থতাত গৰিহণা দিছে বিৰোধী দলবোৰে । এনে পৰিস্থিতিৰ মাজতে কংগ্রেছৰ বিধায়ক ভৰত নৰহে মণিপুৰৰ ঘটনাক আফগানিস্তান-ইৰাকৰ সৈতে ৰিজায় । ৰাজ্যখনৰ মুখ্যমন্ত্রীৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগৰ দাবী তোলে প্ৰদেশ কংগ্রেছৰ জ্যেষ্ঠ মুখপাত্রগৰাকীয়ে ।

লখিমপুৰ জিলা কংগ্ৰেছৰ উদ্যোগত জিলাখনত আয়োজন কৰা কাৰ্যনিৰ্বাহক সভা এখনত অংশগ্ৰহণ কৰি এই মন্তব্য আগবঢ়ায় লখিমপুৰৰ নাওবৈচা সমষ্টিৰ বিধায়ক ভৰত নৰহে । লখিমপুৰত দলীয় কার্যক্রমত অংশগ্রহণ কৰিবলৈ আহি বিধায়ক ভৰত নৰহে আফগানিস্তান-ইৰাকৰৰ দৰে মণিপুৰত নাৰীৰ ওপৰত নিৰ্যাতন চলিছে বুলি কয় ।

লগতে, সমগ্ৰ ঘটনাৰ বাবে বিজেপি চৰকাৰখনক দোষাৰোপ কৰে ৷ কেন্দ্ৰীয় চৰকাৰখনে উচিত সময়ত সঠিক পদক্ষেপ ল’ব নোৱাৰাৰ বাবেই অত দিনে মণিপুৰ জ্বলি আছে বুলি কয় কংগ্ৰেছ বিধায়কগৰাকীয়ে ।

ইয়াৰোপৰি, বিষয়টো সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা মন্তব্যকো নিন্দা কৰে বিধায়ক ভৰত নৰহে । মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিবাদ জনায় বিষয়টো গুৰুত্বহীন কৰি মুখ্যমন্ত্ৰীয়ে ৰাজস্থান, পশ্চিম বংগ আদিতো এনে ঘটনা ঘটে বুলি দিয়া তৰল মন্তব্যৰ ধিক্কাৰজনক বুলি গৰিহণা দিয়ে । মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ কেন্দ্রক যোগ্য পদক্ষেপ ল’বলৈ বিধায়ক ভৰত নৰহে দাবী জনায় ।

আনহাতে, প্ৰদেশ কংগ্রেছৰ জ্যেষ্ঠ মুখপাত্র ড৹ জয় প্ৰকাশ দাসেও মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত মণিপুৰৰ মুখ্যমন্ত্রীৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগৰ দাবী জনায় । তেওঁ কয় যে, মণিপুৰত ভাৰতবৰ্ষৰ ইতিহাসত নোহোৱা নোপোজা ঘটনা সংঘটিত হল । সমগ্ৰ ঘটনাটোক ধিক্কাৰ দি এই ঘটনাই কেৱল দুগৰাকী নাৰীকে নহয় প্ৰতিগৰাকী নাৰীকে অপমান কৰিছে বুলি মন্তব্য কৰে । দ্ৰৌপদীৰ বস্ত্র হৰণতকৈয়ো এই ঘটনাক ভয়ংকৰ আখ্যা দিয়ে ।

লগতে পঢ়ক : Parliament monsoon session 2023 : প্ৰধানমন্ত্ৰীয়ে বিবৃতি দিবই লাগিব, নিজৰ স্থিতিত অটল বিৰোধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.