লখিমপুৰ,12 অক্টোবৰ: সমাগত বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন চৰকাৰক পৰাভূত কৰাৰ লক্ষ্যৰে সোমবাৰে লখিমপুৰত মিত্ৰজোঁটৰ চূড়ান্ত ৰূপ প্ৰদান কৰে কংগ্ৰেছ আৰু ভাৰতৰ কমিউনিষ্ট পাৰ্টীয়ে ৷ নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক সংবাদমেলযোগে দুয়োটা দলৰ জিলা নেতৃত্বই এই সিদ্ধান্ত ঘোষণা কৰে ।

লখিমপুৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি ডাঃ জয়প্ৰকাশ দাস,চিপিআইৰ লখিমপুৰ জিলা পৰিষদৰ সভাপতি অৰূপ কলিতাই সংবাদমাধ্যমক সম্বোধন কৰি এই মিত্ৰজোঁটৰ কথা অৱগত কৰে । আনহাতে কংগ্ৰেছ দলৰ নেতৃত্বত অসমত মিত্ৰজোঁটৰ প্ৰথম পৰ্যায় লখিমপুৰতে শুভাৰম্ভ হোৱাৰ কথা উল্লেখ কৰে দুয়োটা দলৰ সদস্যসকলে ।
দুয়োটা দলৰ নেতৃত্বই বিজেপিক বিধানসভা নিৰ্বাচনত যিকোনো প্ৰকাৰে পৰাভূত কৰাৰ স্বাৰ্থত মিত্ৰজোঁট গঠন কৰিছে। বৃহৎ পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থত অহৰহ কাম কৰা বিজেপি দলৰ চৰকাৰে দৰিদ্ৰ লোক,কৃষক,শ্ৰমিক শ্ৰেণীক ভয়ংকৰ ৰূপে শোষণ চলাইছে । লগতে দুয়োটা দলৰ নেতৃত্বই সকলো চৰকাৰী আঁচনিতে বিজেপিকৰণ কৰাৰো অভিযোগ উত্থাপন কৰে ।
লগতে পঢ়ক: গৰৈমাৰীত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং আমুল তাজা