ETV Bharat / state

NHPCত অনুষ্ঠিত যোগ দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্রীৰ অংশগ্রহণ - cm himanta biswa sarma participated in central yoga divas organized at NHPC

শাৰীৰিক, মানসিক শান্তিৰ কামনাৰে যোগাভ্যাস মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । সোমবাৰে লখিমপুৰৰ গেৰুকামুখস্থিত সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পত কেন্দ্রীয়ভাৱে পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । যোগ দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । যোগাভ্যাসে শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধন কৰে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

Central Yoga Day observed at Lakhimpur
সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পৰ প্ৰেক্ষাগৃহত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অনুষ্ঠান
author img

By

Published : Jun 21, 2021, 2:06 PM IST

লখিমপুৰ, ২১ জুন: আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । সমগ্ৰ বিশ্ববাসীয়ে পালন কৰিছে যোগ দিৱস । সমান্তৰালকৈ অসমতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বিভন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে । লখিমপুৰৰ গেৰুকামুখস্থিত সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পত কেন্দ্রীয়ভাৱে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে ।

সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পৰ প্ৰেক্ষাগৃহত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অনুষ্ঠান

সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পৰ প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । সংস্কৃত শ্লোকেৰে ভাষণ আৰম্ভ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে, সমগ্ৰ বিশ্বই এতিয়া ভাৰতৰ যোগ সাধনাক স্বীকৃতি দিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত এতিয়া যোগে বিশ্বজনীন ৰূপ পালে বুলি কৈ যোগে শাৰীৰিক মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধন কৰে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

তেওঁ লগতে কয় যে, যোগাভ্যাসে আমাৰ জীৱনৰ সৰ্বতোপ্ৰকাৰৰ উন্নতি সাধন কৰে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিত আৰু আদৰ্শত যোগ বিৰাজমান বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে । সকলোকে যোগাভ্যাসৰ জৰিয়তে শৰীৰ মন সুস্থ সবল কৰি ৰাখিবলৈ আহ্বান জনাই তেওঁ নিজেও যোগাভ্যাস কৰে ।

আনহাতে, ড্ৰাগছৰ ব্যৱসায় সন্দৰ্ভত তেওঁ কয় কয় যে, ড্ৰাগছৰ অবৈধ বেহা এই চৰকাৰে কোনো কাৰণতে প্ৰশ্ৰয় নিদিয়ে । ৰাজ্যত ড্ৰাগছৰ বজাৰ শেষ কৰিবৰ বাবে চৰকাৰ দৃঢ় প্ৰতিজ্ঞ আৰু এতিয়ালৈ প্ৰায় ৫০ কোটি টকাৰ ড্ৰাগছ চৰকাৰে জব্দ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে । ড্ৰাগছৰ দৰে ভয়াৱহতাৰ পৰা মুক্ত হোৱাৰ এক উত্তম পথ যোগসাধনা বুলি উল্লেখ কৰি তেওঁ সন্তানক সুস্থ, আদৰ্শবান কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত যোগৰ অপৰিসীম অৱদানৰ কথা অনুধাৱন কৰি সন্তানক গঢ় দিয়াৰ বাবে অভিভাৱকসকলৰ লগতে সমাজৰ প্ৰতিজন লোকলৈ আহ্বান জনায় ।

এই অনুষ্ঠানটিত সাংসদ প্ৰদান বৰুৱা, অসমৰ শিক্ষা মন্ত্ৰী ডা: ৰনোজ পেগু, চাহ জনজাতি কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়ক জয়ন্ত মল্ল বৰুৱা, নৱ কুমাৰ দলে, মানৱ ডেকা, ভূৱন পেগু আদিকে ধৰি বহু কেইজন ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক:ৰাজ্যৰ বিভিন্ন জিলাত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.