ETV Bharat / state

Chandrayaan 3 : চন্দ্রযান-২ৰ বিফলতাত কান্দিছিল বিজ্ঞানী চয়ন দত্তই; চন্দ্রযান-৩ৰ সফল উৎক্ষেপণত সুঁৱৰিলে পিতৃয়ে

author img

By

Published : Jul 14, 2023, 8:25 PM IST

চন্দ্রযান-২ৰ ব্যৰ্থতাত কান্দিছিল চয়ন দত্তই । চন্দ্রযান-৩ৰ সফল উৎক্ষেপণৰ পিছত সন্তুষ্ট চয়নৰ পিতৃয়ে ক'লে এই কথা ।

Chandrayaan 3 Chayan Dutta
Chandrayaan 3 Chayan Dutta
চন্দ্রযান-২ৰ বিফলতাত কান্দিছিল বিজ্ঞানী চয়ন দত্তই

লখিমপুৰ, ১৪ জুলাই : অৱশেষত অপেক্ষাৰ অন্ত পৰিল । মহাকাশ অভিযানত আন এক মাইলৰ খুঁটি স্থাপন কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে । চন্দ্রযান-৩ৰ সফল উৎক্ষেপণেৰে ভাৰতে মহাকাশ গৱেষণাত আন এক ইতিহাস ৰচিলে । কোটি কোটি ভাৰতীয়ৰ লগতে সমগ্র বিশ্বই উৎকণ্ঠেৰে অপেক্ষা কৰি আছিল এই ঐতিহাসিক ক্ষণ উপভোগৰ বাবে ।

অৱশেষত সেয়া সফল হ'ল । আনহাতে, চন্দ্রযান-৩ৰ সফল উৎক্ষেপণৰ সময়ত এই অভিযানৰ অন্যতম বিজ্ঞানী লখিমপুৰৰ চয়ন দত্তৰ পিতৃয়ে সুঁৱৰিলে পুত্রৰ কৃতিত্ব । চন্দ্রযান-২ৰ বিফলতাত নিশা কেনেদৰে পিতৃৰ ওচৰত চয়ন দত্তই কান্দিছিল সেয়াও প্ৰকাশ কৰিলে চয়ন দত্তৰ পিতৃ ৰঞ্জিত দত্তই ।

চন্দ্রযান-২ৰ ব্যৰ্থতাত কান্দিছিল চয়ন দত্তই । চন্দ্রযান-৩ৰ সফল উৎক্ষেপণৰ পিছত সন্তুষ্ট চয়নৰ পিতৃয়ে ক'লে এই কথা । উল্লেখ্য, শুকুৰবাৰে সমগ্র বিশ্বৰ দৃষ্টি নিবদ্ধ আছিল ভাৰতবৰ্ষৰ ওপৰত । মহাকাশত ভাৰতৰ খোপনিৰ অন্যতম ক্ষণ আছিল দিনৰ ২.৩৫ মিনিট । সমগ্র বিশ্বৰ লগতে দেশৰ কোটি কোটি জনগণে ৰুদ্ধশ্বাসে ক্ষণ গণিছিল সেই বিশেষ মুহূৰ্তটোলৈ । অৱশেষত দেশবাসীৰ আশা বাস্তৱায়িত হ'ল । সফলতাৰে জোনবাইৰ দেশলৈ ঢাপলি মেলিলে চন্দ্রযান-৩ ।

সমগ্র বিশ্বৰ সন্মুখত সফলতাৰে জোনবাইৰ দেশলৈ চন্দ্রযান প্ৰেৰণ কৰি ভাৰতক গৌৰৱাম্বিত কৰা বিজ্ঞানীসকলৰ ভিতৰত অন্যতম হৈছে লখিমপুৰৰ চয়ন দত্ত । চন্দ্রযান ১, ২ আৰু ৩ৰ সৈতে জড়িত চয়ন দত্তই চন্দ্রযান-২ৰ বিফলতাত কান্দিছিল । কান্দি কান্দি নিশা ৩.৩০ বজাত পিতৃক কৈছিল, "মই হাৰি গ'লোঁ দেউতা ।" লখিমপুৰ নগৰৰ ১০ নং ৱাৰ্ডৰ গোপীনগৰ কল'নী নিবাসী ব্যৱসায়ী ৰঞ্জিত দত্তৰ পুত্র চয়ন ২০০০ চনৰ আগৰে পৰাই ভাৰতীয় মহাকাশ সংস্থাৰ সৈতে জড়িত হৈ আছে । শুকুৰবাৰে পুত্রৰ এই সফলতাত ইটিভিৰ জৰিয়তে পুত্রৰ বাবে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰে চয়নৰ পিতৃ ৰঞ্জিত দত্তই ।

উল্লেখ্য, চয়ন দত্ত হৈছে মহাকাশ বিভাগৰ ইউ আৰ ৰাও চেটেলাইট চেণ্টাৰত বিজ্ঞানী, অভিযন্তা হিচাপে কৰ্মৰত আৰু তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ ইলেক্ট্রনিক্স আৰু যোগাযোগ অভিযান্ত্ৰিক বিভাগৰ প্ৰাক্তন ছাত্ৰ । চয়ন দত্তৰ ওপৰত ন্যস্ত আছিল ‘অন বোর্ড কমাণ্ড টেলিমেট্রি, ডাটা হেণ্ডলিং এণ্ড ষ্ট'ৰেজ ছিষ্টেম, লেণ্ডাৰ, চন্দ্ৰযান-৩’ৰ উপ-প্ৰকল্প সঞ্চালকৰ দায়িত্ব ৷ ‘কমাণ্ড এণ্ড ডাটা হেণ্ডলিং ছিষ্টেম’ হৈছে মহাকাশযানৰ সকলো কাৰ্য নিয়ন্ত্ৰণ কৰা ৷

লগতে পঢ়ক :Chandrayaan 3 launch: চন্দ্ৰযান-৩ অভিযানৰ গুৰুত্বপূৰ্ণ দায়িত্বত অসমীয়া বিজ্ঞানী চয়ন দত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.