ETV Bharat / state

মূল্যবৃদ্ধি ৰোধৰ দাবীত নাৰায়ণপুৰ আৰু বিহপুৰীয়াত কংগ্ৰেছৰ প্ৰতিবাদ - নাৰায়ণপুৰ ৰাজহচক্ৰ

অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্দ্ধিত মূল্যই জুৰুলা কৰিছে ৰাজ্যবাসীক । শুক্ৰবাৰে মূল্যবৃদ্ধি ৰোধৰ দাবীত লখিমপুৰৰ নাৰায়ণপুৰ আৰু বিহপুৰীয়াত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে । নাৰায়ণপুৰস্থিত ৰাজীৱ ভৱনৰ পৰা নাৰায়ণপুৰ ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়লৈ চাইকেল ৰেলী উলিয়ায় দলটোৰ কৰ্মকৰ্তাই ।

মূল্যবৃদ্ধি ৰোধৰ দাবীত নাৰায়ণপুৰ আৰু বিহপুৰীয়াত কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Jan 22, 2021, 2:31 PM IST

বিহপুৰীয়া, ২২ জানুৱাৰী: বিধানসভা নিৰ্বাচনৰ প্ৰাক ক্ষণত পুনৰ মূল্যবৃদ্ধিৰ প্ৰসংগ উত্থাপন কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে কংগ্ৰেছে । শুক্ৰবাৰে লখিমপুৰৰ নাৰায়ণপুৰ আৰু বিহপুৰীয়াত কংগ্ৰেছৰ নেতা-কৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । অভাৱনীয় হাৰত বৃদ্ধি পোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৰোধৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ।

শুক্ৰবাৰে নাৰায়ণপুৰ মণ্ডল কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনৰ পৰা নাৰায়ণপুৰ ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়লৈ চাইকেল ৰেলীও উলিওৱা হয় । এই ৰেলীত দলটোৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে । আনহাতে, বিহপুৰীয়া মণ্ডল কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনৰ পৰাও বিহপুৰীয়া ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়লৈ আন এক চাইকেল ৰেলী উলিওৱা হয় ।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হায় হায়, যোগান বিভাগ হায় হায়, কংগ্ৰেছ জিন্দাবাদ আদি শ্ল'গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদৰ অন্তত দুয়োগৰাকী ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে কংগ্ৰেছৰ নেতা-কৰ্মীসকলে ৷

লগতে পঢ়ক:তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.