ETV Bharat / state

Lakhimpur Book fair : ঠাইৰ অভাৱত লখিমপুৰত বাতিল গ্ৰন্থমেলা

এখন গ্ৰন্থমেলা পাতিবলৈ এতিয়া ঠাইৰ অভাৱ লখিমপুৰ জিলাত । যাৰ বাবে প্ৰকাশন পৰিষদে সিদ্ধান্তলৈয়ো বাতিল কৰিলে লখিমপুৰ গ্ৰন্থমেলাৰ । এই লৈ এতিয়া ক্ষোভিত হৈ পৰিছে সচেতন লোকসকল । বৃহস্পতিবাৰে নৱ প্ৰজন্মৰ এটি সজাতী দলে এই প্ৰসংগত জিলা আয়ুক্তক প্ৰদান কৰে এখনি স্মাৰক পত্ৰ ।

Book fair canceled in Lakhimpur due to lack of space
লখিমপুৰত বাতিল গ্ৰন্থমেলা
author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 2:27 PM IST

লখিমপুৰত বাতিল গ্ৰন্থমেলা

লখিমপুৰ, ১৯ অক্টোবৰ : লখিমপুৰত ঠাইৰ অভাৱ হ’ল গ্ৰন্থমেলাৰ বাবে । বাতিল হ’ল অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা । ফলত ক্ষোভিত হৈ পৰিছে নৱ প্ৰজন্মৰ প্ৰতিনিধিসকল ।

সকলোৰে জ্ঞাত যে, অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত অগ্ৰণী বুলি সু-নাম আছে লখিমপুৰ জিলাৰ । অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি আছিল লখিমপুৰ জিলাৰ । অসম সাহিত্য সভা গঠনৰ পাঁচ বছৰ পূৰ্বেই ১৯১২ চনত গঠন হৈছিল উত্তৰ লখিমপুৰ সাহিত্য সভা । যিখনে আজিও এক সুকীয়া পৰিচয়ৰে অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰখনলৈ অৰিহণা যোগাই আছে ।

ভাষা সাহিত্য ক্ষেত্ৰখনত আগৰণুৱা এইখন লখিমপুৰ জিলাত এতিয়া গ্ৰন্থমেলা পাতিবলৈ ঠাইৰ অভাৱ হ’ল । অসম প্ৰকাশন পৰিষদে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গুৱাহাটী, শিৱসাগৰ, শিলচৰ আৰু হাফলঙৰ উপৰি লখিমপুৰতো প্ৰন্থমেলাৰ আয়োজন কৰিছিল যদিও স্থানৰ অভাৱত লখিমপুৰ গ্ৰন্থমেলা বাতিল কৰিব লগাটোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

জানিব পৰা মতে, লখিমপুৰত অহা ৩১ অক্টোবৰৰ পৰা ৯ নৱেম্বৰলৈ অনুষ্ঠিত কৰিব খোজা গ্ৰন্থমেলাৰ বাবে লখিমপুৰ প্ৰশাসনে গ্ৰন্থমেলাৰ বাবে প্ৰয়োজনীয় মাটি দিব নোৱৰাৰ বাবে প্ৰকাশন পৰিষদে লখিমপুৰ গ্ৰন্থমেলা বাতিল কৰি তিনিচুকীয়াত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয় । গ্ৰন্থমেলা অনুষ্ঠিত কৰিবৰ বাবে অনুমতি প্ৰদান কৰিও জিলা প্ৰশাসনে প্ৰয়োজনীয় ঠাইৰ ব্যৱস্থা কৰিব নোৱাৰাৰ বাবেই লখিমপুৰ জিলাই গ্ৰন্থমেলাৰ সুযোগ হেৰুৱাব লগা হয় ।

উল্লেখ্য যে, লখিমপুৰ নগৰৰ ত্যাগক্ষেত্ৰ গ্ৰন্থমেলা অনুষ্ঠিত কৰিবৰ বাবে উপযুক্ত স্থান আৰু বিগত সময়ত কেইবাখনো গ্ৰন্থমেলা অনুষ্ঠিত কৰা হৈছিল । কিন্তু ত্যাগক্ষেত্ৰত স্থান সম্প্ৰতি সংকুচিত হৈ পৰাত গ্ৰন্থমেলা আয়োজনত বাধাৰ সৃষ্টি হৈছে ।

প্ৰশাসনে বিকল্প কেনো ঠাই দিব নোৱাৰাৰ বাবে গ্ৰন্থমেলাখন লখিমপুৰৰ পৰিৱৰ্তে তিনিচুকীয়াত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে । এই লৈ এতিয়া লখিমপুৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বৃহস্পতিবাৰে একাধিক মহাবিদ্যালয়ৰ ছাত্ৰ, সচেতন যুৱক, প্ৰকাশনৰ লগত জড়িত তথা নৱ প্ৰজন্মৰ বিশিষ্ট লেখক আদিৰ এটা সজাতী দলে জিলা আয়ুক্তক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।

স্মাৰক পত্ৰখনত তেওঁলোকে প্ৰকাশন পৰিষদৰ পূৰ্বৰ ঘোষিত দিনতে লখিমপুৰত অনুষ্ঠিত কৰাৰ দাবী জনায় । ৰুচিশীল নৱ প্ৰজন্মৰ এনে দাবীৰ পৰিপ্ৰেক্ষিতত জিলা আয়ুক্তই কেনে ভূমিকা গ্ৰহণ কৰে তাৰ বাবে জিলাখনৰ বৌদ্ধিক মহলে আগ্ৰহেৰে বাট চাইছে ৷

লগতে পঢ়ক : Durga Puja 2023 : দুৰ্গা পূজাৰ দিনকেইটা বৰপেটাৰোডত কোন পথৰে যাত্ৰা কৰিব পাৰিব !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.