ETV Bharat / state

Kola Burhi Nass: ক’লা বুঢ়ী নাচৰ সৈতে চিনাকী হওঁ আহক... - ক’লা বুঢ়ী নাচ পৰিৱেশনৰ শৈলী

ক’লা বুঢ়ী নাচ (Kola Burhi Nass) ৷ আপুনি জানেনে বাৰু কি এই ক’লা বুঢ়ী নাচ ? কেনেকৈ নচা হয় এই নাচ ৷ কি আছে এই নাচৰ বিশেষত্ব ? এই সন্দৰ্ভত আজিৰ এই প্ৰতিবেদন...

Bihpuria youth performed Kola Burhi Nass
ক’লা বুঢ়ী নাচ প্ৰদৰ্শন
author img

By

Published : Apr 16, 2023, 8:31 PM IST

Updated : Apr 16, 2023, 8:44 PM IST

বিহপুৰীয়াৰ ঘৰে ঘৰে ক’লা বুঢ়ী নাচ প্ৰদৰ্শন

বিহপুৰীয়া, ১৬ এপ্ৰিল : সম্প্ৰতি ৰঙালীৰ আনন্দত আত্মহাৰা হৈ আছে সমগ্ৰ ৰাজ্য (Rangali Bihu 2023) । এফালে যদি অসমীয়াৰ সংস্কৃতি বিহুৱে যদি গীনিজ বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ আনফালে আকৌ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰঙালী বিহুকলৈ উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হৈ আছে । ব্যতিক্ৰম নহয় লখিমপুৰ জিলাৰ বিহপুৰীয়াও । বিহুৰ বা লাগি ৰাঙলী হৈ পৰিছে বিহপুৰীয়াবাসী (Bihpuria rangali bihu) ৷

পৰম্পৰা অনুসৰি গৰু বিহুৰ গধূলিৰ পৰাই বিশেষকৈ ঠেঙাল কছাৰী লোকসকলে ঘৰে ঘৰে হুঁচৰি বিহু গাই গৃহস্থৰ কুশল-মংগল কামনা কৰিছে ৷ ইয়াৰে সমান্তৰালভাৱে ঠেঙাল কছাৰী লোকসকলে হুঁচৰি বিহুৰ লগতে ক’লা বুঢ়ী নাচো প্ৰদৰ্শন কৰে । লোক সংস্কৃতিৰে ভৰপূৰ ৰাজ্য হ’ল অসম ৷ অসমৰ বিভিন্ন জনগোষ্ঠীসমূহৰ প্ৰত্যেকৰে আছে বিভিন্ন ৰীতি-নীতি, পৰম্পৰা তথা লোক সংস্কৃতি ৷ অৱশ্যে সময়ৰ ক্ৰমবৰ্ধমান সোঁতত ইয়াৰ কিছু বিলুপ্ত হ'লেও কিছু লোক সংস্কৃতিৰ এতিয়াও জীয়াই ৰখাৰ চেষ্টা কৰি আহিছে চহা অসমীয়াই (Bihpuria youth performed Kola Burhi Nass) ৷

জনগোষ্ঠীয় সমাজখনৰ অন্যতম ঠেঙাল কছাৰী, সোণোৱাল কছাৰী আৰু মৰাণসকল ৷ জনগোষ্ঠীকেইটাৰ মাংগলিক অনুষ্ঠান বিশেষকৈ বিবাহত ক’লা বুঢ়ী নাচ নামৰ এক বিশেষ পৰম্পৰাগত নৃত্য-গীতৰ অনুষ্ঠান পৰিৱেশন কৰা হয় । ক’লা বুঢ়ী নাচৰ উদ্দেশ্য হ’ল ভৱিষ্যতৰ দিনত কইনাৰ জীৱনৰ সম্ভাব্য অপশক্তিসমূহক বাধা দিয়াৰ লগতে নাশ কৰা ।

ঠেঙাল কছাৰী, সোণোৱাল কছাৰী আৰু মৰাণ তিনিওখন সমাজতে ক’লা বুঢ়ী নাচ পৰিৱেশন কৰা হয় ৷ উদ্দেশ্যও একেই ৷ অৱশ্যে তিনিওখন সমাজত ক’লা বুঢ়ী নাচ পৰিৱেশনৰ শৈলী কিছু পৃথক দেখা যায় ৷ ক’লা বুঢ়ী নাচত অংশগ্ৰহণ কৰা মহিলাগৰাকীৰ হাতত থাকে এডাল বাঁহৰ লাখুটি থাকে । লাখুটিডালৰ এটা মূৰ অলপ ফালি তাত এটা খোলাকটি বান্ধি দিয়ে । সেই লাখুটিডাল লৈ নাচি থাকোতে বিশেষ কিছুমান শব্দৰ সৃষ্টি হয় । লাখুটিৰ পৰা এনে শব্দৰ উদ্ভৱ হোৱাৰ বাবে ঠেঙালসকলে ইয়াক খোলা কিতাং নাচ বুলিও কয় ৷

এই নৃত্যৰ লগত গোৱা হয় এনেদেৰে, ‘‘পাহাৰৰে পৰা অ’ ক’লা বুঢ়ী আহে ক’লা বুঢ়ী অ’ ক’লা বুঢ়ী; লাং বাং লাখুটি লৈয়ে ক’লা বুঢ়ী, আহে ক’লা বুঢ়ী নামি শশীলতা’’ ৷ অৱশ্যে সমাজভেদে এনে গীতৰ ভিন্নতা পোৱা যায় ৷ সমাজৰ পৰা হেৰাই যাবলৈ ধৰা পৰম্পৰাগত ক’লা বুঢ়ী নাচক জীয়াই ৰাখিছে বিহপুৰীয়াতো ৷ ঠেঙাল কছাৰীসকলেও সাতবিহুৰ হুঁচৰি আৰম্ভ কৰিছে পহিলা ব’হাগৰ পৰা ৷ হুঁচৰি জোৰাৰ সমান্তৰালকৈ ক’লা বুঢ়ী নাচো প্ৰদৰ্শন কৰা হ’ল বিহপুৰীয়াৰ বাগিচা গাঁৱত ৷

লগতে পঢ়ক : AASU Bihu at Kaliabor : ঢোল-পেঁপাৰ মাতত ৰজনজনাইছে কলিয়াবৰৰ গান্ধী পথাৰ

Last Updated : Apr 16, 2023, 8:44 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.