ETV Bharat / state

এটা আটকধুনীয়া অংগনবাদী কেন্দ্ৰ - লখিমপুৰ জিলা

লখিমপুৰ জিলাৰ মাজ মজিয়াত থকা এটা অংগনবাদী কেন্দ্ৰ । কেন্দ্ৰটো দেখিলে আপুনিও ভাৱিব সঁচাকৈয়ে অসমীয়া মাধ্যমৰ অংগনবাদী কেন্দ্ৰই ফেৰ মাৰিব ইংৰাজী মাধ্যমক । জিলা শিক্ষা বিভাগৰ একাংশ কৰ্মী,ওচৰ চুবুৰীয়াৰ সহযোগত আটকধুনীয়া কৈ সজাই পৰাই শিশুৰ বাবে মনোগ্ৰাহী কৰি তুলিছে কেন্দ্ৰটো ।

একাংশ শিশুৰ সৈতে কেন্দ্ৰটোৰ অংগনবাদী কৰ্মী
author img

By

Published : Nov 2, 2019, 12:53 PM IST

লখিমপুৰ,2নৱেম্বৰঃ এটা সুন্দৰ পৰিৱেশত লখিমপুৰ জিলাৰ চেতিয়া গাঁৱৰ ৱাৰ্ড নং ৫ ৰ এইটো অংগনবাদী কেন্দ্ৰ । সমুখত এখন ফুলনি, সৰুকৈ কাষতে এখন পাচলিৰ বাগিছা । শিশুৰ মনোগ্ৰাহী সকলো খিনিয়েই আছে এইটো কেন্দ্ৰত। কেন্দ্ৰটোৰ ভিতৰত প্ৰতিখন দেৱালত আছে অসমীয়া লিপি,আছে মহৎ লোকৰ বাণী। লগতে আছে অসমীয়া সমাজত ব্যৱহৃত সকলো সজুলীৰ আৰ্হি । প্ৰায় ৩০ টি শিশু প্ৰায়েই আহে এই কেন্দ্ৰটোলৈ। ইংৰাজী মাধ্যমৰ প্লে স্কুল সমূহলৈ নিজৰ শিশুটিক নিনিয়াকৈ প্ৰতিজন অভিভাৱকে লৈ আনে এইটো অংগনবাদী কেন্দ্ৰলৈ । কাৰণ শিশুটিয়ে ইয়াত খেলাৰ লগতে পাই সৰুতেই অসমীয়া ভাষাৰ শিক্ষা। চাওক এই প্ৰতিবেদনঃ

এখন আতকধুনীয়া অংগনবাদী কেন্দ্ৰ

লগতে পঢ়কঃশিক্ষকৰ ইচ্ছা অনুসৰি বন্ধ থাকে চৰাঞ্চলৰ একাংশ বিদ্যালয়!!

Intro:লখিমপুৰ জিলাৰ মাজ মজিয়াত থকা এটা অংগনবাদী কেন্দ্ৰ। কেন্দটো দেখিলে আপুনিও ভাবিব সচাকৈয়ে অসমীয়া মাধ্যমৰ অংগনবাদী কেন্দ্ৰ ই ফেৰ মাৰিব ইংৰাজী মাধ্যমৰ ক।

Body:এটা সুন্দৰ পৰিৱেশৰত লখিমপুৰ জিলাৰ চেতিয়া গাৱৰ ৱাড নং ৫ ৰ এইটো অংগনবাদী কেন্দ্ৰ। সমুখত এখন ফুলনি, সৰুকৈ কাষতে এখন পাচলি ৰ বাগান। শিশুৰ মনোগ্ৰাহী সকলো খিনিয়েই আছে এইটো কেন্দ্ৰ ত। কেন্দটোৰ ভিতৰত প্ৰতিখন দেৱালত আছে অসমীয়া ৰ লিপি, আছে মহৎ লোকৰ বাণী। লগতে আছে অসমীয়া সমাজত ব্যৱহৃত সকলো সজুলীৰ আৰ্হি। প্ৰায় ৩০ টি শিশু প্ৰায়েই আহে এই কেন্দটোলৈ। ইংৰাজী মাধ্যমৰ প্লে স্কুল সমুহত নিজৰ শিশু টিক নিনিয়াকৈ প্ৰতিজন অভিভাৱকে শিশুটিক লৈ আনে অংগনবাদী কেন্দটোলৈ। কাৰণ শিশুটিয়ে ইয়াত খেলাৰ লগতে পাই সৰুতেই অসমীয়া ৰ ভাষাৰ শিক্ষা।
বাইট: অবিভাৱক।
এই কেন্দ্ৰ টোৰ এইগৰাকী অংগনবাদী কৰ্মী দীপামনি চুটিয়া। সহযোগী কুঞ্জলতা গগৈয়ে ২০০৯ চনৰ পৰা চলাই আহিছে কেন্দ্ৰ টো। এওলোকে শিশুক দিয়ে পাঠ্যপুথিৰ শিক্ষা ৰ লগতে ব্যৱহাৰিক শিক্ষা। শিশু সকলৰ মাজত থাকি সুখী দীপামনি, কুঞ্জলতা। জিলা শিক্ষা বিভাগৰ একাংল কৰ্মী, ওচৰ চুবুৰীয়া ৰ সহায় সহযোগত আটকধুনীয়া কৈ সজাই পৰাই মনোগ্ৰাহী কৰিছে শিশুৰ বাবে।
বাইট: অংগনবাদী কৰ্মী।

Conclusion:শিশুৰ অভিভাৱকে প্ৰথম অৱস্থাতে শিশুক দিব বিছাৰিছে অসমীয়া ভাষাৰ শিক্ষা দিয়াৰ। যি সময়ত ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি সকলো আকৃষ্ট হৈছে সেই সময়ত কিন্ত লখিমপুৰ জিলাৰ এই কেন্দ্ৰ টোৱে যোগ্য প্ৰত্যোত্তৰ দিছে ইংৰাজী মাধ্যমৰ প্লে স্কুল সমুহক।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.