লখিমপুৰ, ১৫ অক্টোবৰ : লখিমপুৰৰ বলিনাৰায়ণ ফুকনলৈ অৰুণাচল প্ৰদেশৰ সৰ্বোচ্চ "পায় নিয়াৰ অৱ হায়াৰ এডুকেচন ২০২২" সন্মান । ৰাজ্যপালে সন্মানিত কৰিলে বিশিষ্ট শিক্ষাবিদজনক । অৰুণাচল প্ৰদেশৰ এক সৰ্বোচ্চ সন্মান "পায় নিয়াৰ অৱ হায়াৰ এডুকেচন ২০২২" আগবঢ়োৱা হৈছে লখিমপুৰৰ বলিনাৰায়ণ ফুকনলৈ ।
অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰস্থিত ডেৰা নাটুং চৰকাৰী কলেজৰ অৱসৰী অধ্যক্ষ বলিনাৰায়ণ ফুকনক অলপতে অৰুণাচলৰ ৰাজ্যপালে আনুষ্ঠানিকভাৱে এই সন্মান প্ৰদান কৰে । ৰাজ্যখনত উচ্চ শিক্ষাৰ ক্ষেত্ৰত ফুকনে আগবঢ়োৱা অৱদানৰ বাবে চৰকাৰে তেওঁক এই সন্মান প্ৰদান কৰা হয় ।
ৰাজ্যখনৰ ৰাজধানী ইটানগৰত অনুষ্ঠিত হোৱা ২১ সংখ্যক উচ্চ আৰু কাৰিকৰী শিক্ষাৰ এক উদ্বোধনী অনুষ্ঠানত ৰাজ্যপালে বলিনাৰায়ণ ফুকনক এই সন্মান প্ৰদান কৰে । বিশিষ্ট শিক্ষাবিদজনৰ এনে সন্মান প্ৰাপ্তিৰ খবৰে লখিমপুৰত আনন্দৰ জোৱাৰ তুলিছে । লখিমপুৰৰ শিক্ষাবিদজন এনেদৰে বহিঃৰাজ্যত সন্মানিত হোৱাৰ বাবে সকলোৱে তেওঁৰ শুভেচ্ছা জনাইছে ।
উল্লেখ্য যে, বলি নাৰায়ণ ফুকনে ১৯৬৬ চনতে ৰাজনীতি বিজ্ঞান বিষয়ত প্ৰথম শ্ৰেণী অধিকাৰ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা MA পৰীক্ষা উত্তীৰ্ণ হৈছিল । তাৰ আগেয়ে তেওঁ উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ পৰা যথাক্ৰমে প্ৰথম স্থান আৰু ডিষ্টিংচন লাভ কৰি মেট্ৰিক, IA আৰু BA পৰীক্ষা উত্তীৰ্ণ হৈছিল ।
MA উত্তীৰ্ণ হোৱাৰ পিচতে তেওঁ উত্তৰ লখিমপুৰ মহাবিদ্যালয়, গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় আৰু বৰ্তমানৰ অৰুণাচল প্ৰদেশৰ (তেতিয়াৰ NEFA) পাছিঘাটৰ জৱাহৰলাল নেহৰু চৰকাৰী মহাবিদ্যালয়- এই তিনিওখন মহাবিদ্যালয়ৰ পৰাই চাকৰিৰ প্ৰস্তাৱ লাভ কৰিছিল ।
অৱশেষত তেতিয়াৰ শৈক্ষিকভাৱে পিচপৰা অৰুণাচল প্ৰদেশৰ ছাত্ৰ-ছাত্ৰী, যুৱ প্ৰজন্মৰ মাজত উচ্চশিক্ষা প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্য সাৰোগত কৰি পাছিঘাটৰ জৱাহৰলাল নেহৰু চৰকাৰী মহাবিদ্যালয়ত ১৯৬৭ চনৰ ৩১ জুলাইত প্ৰবক্তা হিচাপে তেওঁ যোগদান কৰে । সেই মহাবিদ্যালয়ত তেওঁ ১৯৮১ চনলৈকে উৎসৰ্গিত মনোভাৱেৰে সেৱা আগবঢ়ায় ।
সেই বছৰতে তেওঁক ইটানগৰস্থিত ডেৰা নাটুং চৰকাৰী মহাবিদ্যালয়লৈ (Itanagar Government College) জ্যেষ্ঠ প্ৰবক্তা হিচাপে পদোন্নতি দি বদলি কৰা হয় । কেইদিনমানৰ পিচতে একেখন মহাবিদ্যালয়তে Selection Grade Lecture হিচাপে পদোন্নতি লাভ কৰে ।
অৱশেষত সেই একেখন মহাবিদ্যালয়ৰ অধ্যক্ষ পদত অধিষ্ঠিত হয় আৰু ২০০১ চনৰ ১ ছেপ্টেম্বৰত অৱসৰ গ্ৰহণ কৰে বিশিষ্ট শিক্ষাবিদগৰাকীয়ে । তেওঁ নিজৰ কৰ্ম জীৱনত অৰুণাচল প্ৰদেশত উচ্চশিক্ষা প্ৰসাৰৰ বাবে দেহে-কেহে খাটিছিল, অহোপুৰুষাৰ্থ কৰিছিল ।
ব্যক্তিগৰাকীৰ সেই নিঃস্বাৰ্থ অবদানক কিন্তু অৰুণাচল প্ৰদেশ চৰকাৰে পাহৰি নগ'ল । তাৰেই চিন স্বৰূপে চুবুৰীয়া ৰাজ্যখনৰ চৰকাৰখনে ব্যক্তিগৰাকীক "PIONEER OF HIGHER EDUCATION 2022" বঁটা (শিক্ষাৰ ক্ষেত্ৰত চুবুৰীয়া ৰাজ্যখনৰ চৰকাৰে আগবঢ়োৱা সৰ্বোচ্চ সন্মান) ৰে সন্মানিত কৰি যোগ্য প্ৰতিদান দিয়ে ।
উল্লেখ্য যে, অৰুণাচলৰ মুখ্যমন্ত্ৰী গেগং আপঙকে ধৰি কেইবীজনো মন্ত্ৰী বলিনাৰায়ণ ফুকনৰ ছাত্ৰ আছিল । এয়া লখিমপুৰ জিলাখনৰ বাবেই নহয়, সমগ্ৰ অসমৰ বাবেই এক গৌৰৱৰ বিষয় । আন এক উল্লেখ্য দিশ হ’ল বলি নাৰায়ণ ফুকন লখিমপুৰৰ এজন সু-সন্তান, যি এজন শিক্ষাবিদ হোৱাৰ উপৰি এজন নিষ্ঠাবান যোগসাধক তথা যোগ তত্ববিদ - শিৱানন্দ সৰস্বতী প্ৰেৰণা বঁটাকে ধৰি বিভিন্ন সন্মানেৰে বিভূষিত নিজকে সদায় প্ৰচাৰৰ পৰা নিলগাই ৰখা প্ৰকৃততেই এজন আদৰ্শবান পুৰুষ ।
অৱসৰৰ পিচতো অৱসৰী জীৱন যাপন নকৰা এই দূৰন্ত তৰুণগৰাকী নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পিচত বৰ্তমান নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতাত্বিক অধ্যয়ন বিশ্ববিদ্যালয়ৰ সৈতে বৰ্তমানো জড়িত হৈ আছে ।
লগতে পঢ়ক : Tribute to Jayanta Hazarika: শিল্পী জয়ন্ত হাজৰিকালৈ ৪৬ সংখ্যক মৃত্যুবাৰ্ষিকীত সশ্ৰদ্ধ প্ৰণাম