ETV Bharat / state

AYM Protest in Lakhimpur : জোনমণি ৰাভাৰ মৃত্যুৰ উচিত তদন্তৰ দাবীত লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ উত্তাল প্ৰতিবাদ - Asomiya Yuva Mancha protest in Lakhimpur

জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাই সমগ্র ৰাজ্যকে আচ্ছন্ন কৰি ৰাখিছে । সকলোৱে ঘটনাটোৰ সঠিক তদন্তৰ লগতে ৰাজ্যত চলি থকা অপৰাধ জগতখনৰ পুলিয়ে-পোখাই উভালি পেলোৱাৰ দাবী জনাইছে । ইয়াৰ মাজতে বৃহস্পতিবাৰে লখিমপুৰত জোনমণিৰ হত্যাকাৰীৰ ফাঁচিৰ দাবীত উত্তাল প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ (Asomiya Yuva Mancha protest in Lakhimpur) ।

AYM Protest in Lakhimpur
AYM Protest in Lakhimpur
author img

By

Published : May 25, 2023, 4:02 PM IST

জোনমণি ৰাভাৰ মৃত্যুৰ উচিত তদন্তৰ দাবী অসমীয়া যুৱ মঞ্চৰ

লখিমপুৰ, ২৫ মে' : জোনমণি ৰাভাৰ হত্যাকাৰীৰ ফাঁচিৰ দাবীত বৃহস্পতিবাৰে লখিমপুৰত অসমীয়া যুৱ মঞ্চই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (AYM demanded to hang Junmoni Rabha murderer) । উল্লেখ্য যে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাই এতিয়া জোকাৰি আছে সমগ্র ৰাজ্য । ঘটনাটোৰ চিআইডি, চিবিআই পৰ্যায়ৰ তদন্ত প্ৰক্ৰিয়াৰ সমান্তৰালভাৱে এই ঘটনাই পোহৰলৈ অনা নকল সোণ, জাল নোটৰ বেহাৰ অন্ধকাৰ জগতখন উৎখাত কৰাৰ বাবে অভিযান চলিছে (fake gold smuggling in Assam) ।

জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাই উদঙাই দিয়া ক'লা সাম্ৰাজ্যখন উৎখাতৰ লগতে এই ঘটনাৰ উচিত তদন্ত বিচাৰি ৰাইজে দাবী জনাইছে (SI Junmoni Rabha death case) । ইয়াৰ মাজতে বৃহস্পতিবাৰে লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ উত্তৰ লখিমপুৰ নগৰ সমিতিয়ে জোনমণিৰ হত্যাকাৰীৰ ফাঁচিৰ দাবীত ধৰ্ণা দিয়ে । নগৰখনৰ কমলাবাৰী পথত অসমীয়া যুৱ মঞ্চই জোনমণি ৰাভাৰ হত্যাকাৰীৰ ফাঁচিৰ দাবীত ধৰ্ণাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Asomiya Yuva Mancha protest in Lakhimpur) ।

জোনমণি ৰাভাৰ হত্যাকাৰীক ফাঁচ দিয়ক, নাম সাঙোৰ খোৱা সকলো আৰক্ষী বিষয়াক তদন্তৰ আওতালৈ আনক, নকল সোণ, জাল নোটৰ ক'লা সাম্ৰাজ্য উৎখাত কৰক, অসমত হাজাৰজন আনন্দ মিশ্রৰ সৃষ্টি কৰক আদি শ্লোগান দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে । প্ৰতিবাদথলীত অসমীয়া যুৱ মঞ্চৰ অনুপম শইকীয়া, চিৰঞ্জিত বৰদলৈ আদিয়ে ক্ষোভ উজাৰি কয় যে শৃংখল চলিহাই ফু এটা মাৰোঁতেই তেওঁৰ ওপৰত দেশদ্রোহিতা গোচৰত নিক্ষেপ কৰা হ'ল ।

কিন্তু জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাই উদঙাই দিয়া নকল সোণ, জাল নোটৰ বেহাৰ লগত নাম সাঙোৰ খোৱা আৰক্ষী বিষয়াক আজিলৈকে জেৰা কৰা হোৱা নাই । এনে বিষয়াসকলৰ শিৰত ৰাজনৈতিক আশীর্বাদ আছে বাবেই তেওঁলোকক তদন্তৰ আওতালৈ অনা নাই বুলি তেওঁলোকে অভিযোগ কৰে । এগৰাকী দক্ষ আৰক্ষী তথা বীৰাংগনা জোনমণি ৰাভাৰ হত্যাকাৰীৰ ফাঁচি হ'বই লাগিব বুলি হুংকাৰ দিয়ে যুৱ মঞ্চৰ নেতৃবৰ্গই ।

আনন্দ মিশ্ৰই লখিমপুৰলৈ আহি এটা হুংকাৰ দিওঁতেই অৰ্ধশতাধিক অপৰাধীয়ে আত্মসমর্পণ কৰিলে । কিন্তু পূৰ্বৰ আৰক্ষী বিষয়াসকলে এনে পদক্ষেপ ল'বলৈ কুণ্ঠাবোধ কিয় কৰিছিল বুলি প্ৰশ্ন তুলি তেওঁলোক যে কমিছনৰ অংকত ব্যস্ত আছিল সেই কথা এতিয়া জলজল-পটপটকৈ ওলাই পৰিছে বুলিও কয় । নকল সোণ, জাল নোটৰ ক'লা সাম্ৰাজ্যখন উৎখাত কৰাৰ লগতে জোনমণি ৰাভাৰ হত্যাকাৰীক ফাঁচি নিদিলে অসমীয়া যুৱ মঞ্চই ৰাজ্যজুৰি জংগী আন্দোলন আৰম্ভ কৰিব বুলিও হুংকাৰ দিয়ে ।

লগতে পঢ়ক :SI Junmoni Rabha Death case: জোনমণিৰ মৃত্যুৰ সৈতে বিজেপিৰ নেতা জড়িত থকাৰ সন্দেহ ভূপেন বৰাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.