লখিমপুৰ, ৭ মে': কেইদিনমান পূৰ্বে ভাৰতক প্ৰতিনিধিত্ব কৰি ডুবাইত অনুষ্ঠিত হোৱা এছিয়ান পাঞ্জা চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত দুটাকৈ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছিল লখিমপুৰৰ আবেদ আলি হাজৰিকা । লখিমপুৰৰ আবেদে কঢ়িয়াই অনা এই উচাহ নৌমাৰ যাওঁতেই পুনৰ দেশক প্ৰতিনিধিত্ব কৰি এইবাৰ উত্তৰ কোৰিয়াত খেলিবলৈ ওলাইছে লখিমপুৰৰ আন এগৰাকী বৰ্ষীয়ান খেলুৱৈ শশী খাউণ্ড বৰাই (Shashi Khaund Bora in Asia Pacific Masters Games)।
এচিয়া পেচিফিক মাষ্টাৰ্ছ গেমছত অংশগ্ৰহণ কৰিবলৈ উত্তৰ কোৰিয়া লৈ যাব লখিমপুৰৰ শশী খাউণ্ড বৰা (Asia Pacific Masters Games in North Korea)। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াত অংশগ্রহণ কৰি সোণ, ৰূপকে ধৰি বহুকেইটা পদক লাভ কৰিবলৈ সক্ষম হোৱা শশী খাউণ্ড বৰাই এইবাৰ এছিয়া পেচিফিক মাষ্টাৰ্ছ গেমছত অংশগ্রহণৰ বাবে উত্তৰ কোৰিয়া লৈ যাবলৈ সাজু হৈছে । উল্লেখ্য় যে, অহা ১২ মে'ৰ পৰা ২০ মে' লৈ উত্তৰ কোৰিয়াৰ জিয়ন ব'কত অনুষ্ঠিত হ'বলগীয়া এছিয়া পেচিফিক মাষ্টাৰ্ছ গেমছত অংশগ্রহণৰ বাবে তেওঁ উত্তৰ কোৰিয়া লৈ ৰাওনা হ'ব ।
উল্লেখ্য যে, লখিমপুৰৰ চিডি ৰোড নিবাসী শশী খাউণ্ড বৰাই ২০১৬ চনত চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰিছিল । কৰ্ম জীৱনৰ পৰা অৱসৰৰ পাছত তেওঁ ক্ৰীড়া ক্ষেত্রত জপিয়াই পৰে । তেওঁ খেলাৰ উপৰি আন মহিলাসকলকো কেনেদৰে ক্ৰীড়া ক্ষেত্রত জড়িত কৰিব পাৰি তাৰ বাবেও কাম কৰি আছে। তেওঁৰ চিন্তাৰ ফচল স্বৰূপে ভাৰতৰ ভিতৰতে প্ৰথম অসমতেই মহিলা ক্ৰীড়া সন্থা গঠন হয় । ক্ৰীড়া সন্থাক লগত লৈ তেওঁ ক্ৰীড়াংগনত জঁপিয়াই পৰে ।
শশী খাউণ্ড বৰাই নিজৰ লগতে আন বহু মহিলাক ক্ৰীড়া ক্ষেত্রত প্ৰতিভা প্ৰকাশত সহায় কৰি ইতিমধ্যে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সোণ আৰু ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য় যে শশী খাউণ্ড বৰাই শ্ৰীলংকাত আয়োজিত এখন প্ৰতিযোগিতাত দুটাকৈ সোণৰ পদক লাভ কৰিছিল । তেওঁৰ উদ্যোগতে ২০১৯ চনৰ পৰা অসমত মহিলা ক্ৰীড়া অনুষ্ঠিত হৈ আহিছে । অৱসৰী জীৱনত ক্ৰীড়াংগনত দপদপাই থকা শশী খাউণ্ড বৰাৰ উত্তৰ কোৰিয়া যাত্রা সফল হোৱাৰ বাবে ৰাইজে শুভেচ্ছা জ্ঞাপন কৰিছে ।
লগতে পঢ়ক:Waliul Islam case : অবৈধভাৱে তুলি লোৱা কন্যাক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ হ’ল চিকিৎসক ডাঃ ৱালিউল ইছলাম