ETV Bharat / state

Bad weather condition: বতৰৰ বিধি পথালিয়ে আহুকালত পেলাইছে লোকবাদ্য নিৰ্মাণ কৰা শিল্পীক - Bad weather condition

নেৰানেপেৰা বৰষুণৰ বাবে ঢোল প্ৰস্তুতৰ কামত বাধা । সমস্যাত পৰিছে লোকবাদ্য নিৰ্মাণ কৰা শিল্পীসকল । বহু অৰ্ডাৰ পোৱাৰ পাচতো বতৰৰ বাবে ঢোল প্ৰস্তুত কৰি দিব পৰা নাই গ্ৰাহকক (Artists making drums in trouble due to weather)। বিহুক লৈ চৰকাৰৰ প্ৰচেষ্টাক আদৰণি ।

Drum maker artist
লখিমপুৰত লোকশিল্পীৰ হাহাকাৰ
author img

By

Published : Apr 10, 2023, 4:03 PM IST

লখিমপুৰত লোকশিল্পীৰ হাহাকাৰ

লখিমপুৰ, ১০ এপ্রিল : বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী (Rongali Bihu 2023)। ৰাজ্যবাসী বিহুক আদৰিবলৈ সাজু হৈছে । ঢোল, পেঁপা, গগনা আদি যোগাৰ কৰিছে বিহুৱা-বিহুৱতীসকলে । বজাৰতো বিহুৰ বিভিন্ন সামগ্ৰীয়ে যথেষ্ট চাহিদা লাভ কৰিছে । কিন্তু বিপদত পৰিছে একাংশ লোকশিল্পী । প্ৰতিকূল বতৰে সমস্যাত পেলাইছে ঢোল আৰু বিভিন্ন বাদ্যযন্ত্ৰ নিৰ্মাণ কৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিল্পীসকলক (Drum maker artist are in trouble)।

ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে বিহু প্ৰস্তুতি । সকলো সাজু হৈছে হেপাঁহৰ বিহুটিক আদৰিবলৈ । পিচে বতৰে বিপদত পেলাইছে একাংশ লোকশিল্পীক । ৰঙালী বিহুত ব্যৱহৃত অন্যতম মূল বাদ্য ঢোল প্ৰস্তুত কৰা শিল্পীসকলৰ মুখত এইবাৰো হাঁহি ফুটি নুঠিল । কিয়নো যোৱা প্ৰায় এমাহ ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত আশানুৰূপভাৱে ঢোল প্ৰস্তুত কৰিব নোৱাৰিলে শিল্পীসকলে ।

উল্লেখ্য যে, ক'ভিড পৰিস্থিতৰ বাবে শিল্পীসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছিল । ব্যৱসায় একপ্ৰকাৰ বন্ধ হৈ পৰাত জীয়াই থকাৰ মৰণপণ যুঁজত তেওঁলোক ব্ৰতী হ'বলগীয়া হৈছিল । কিন্তু সম্প্রতি ক'ভিডৰ সেই পৰিস্থিতি নাই । যাৰ বাবে এইবাৰ ৰঙালীৰ প্ৰাকক্ষণত ব্যৱসায় ভাল হ'ব বুলি তেওঁলোকে আশা কৰি আছিল । বিশেষকৈ চৰকাৰে বিহুক বিশ্বমুখী কৰাৰ প্ৰচেষ্টা লোৱাৰ বাবে শিল্পীসকলৰ সহায় হ'ব বুলি আশা কৰা হৈছিল ।

শিল্পীসকলো যথেষ্ট আনন্দিত হৈ পৰিছিল । কিন্তু সকলো ভবা মতে নহয় । এইবাৰ শিল্পীসকলৰ আশাত চেঁচা পানী ঢালিলে বতৰে । যোৱা এটা মাহ ধৰি ঠায়ে ঠায়ে হৈ থকা বৰষুণৰ ফলত তেওঁলোকে ঢোল প্ৰস্তুতৰ কাম ৩০ শতাংশহে সম্পূৰ্ণ কৰিব পাৰিছে (Lakhimpur artist in trouble)। নতুনকৈ ঢোল প্ৰস্তুত বা পুৰণি ঢোল মেৰামতিৰ বাবে লৈও বেয়া বতৰৰ বাবে সেইবোৰ ওভতাই দিবলগীয়া হৈছে । ব্যৱসায় বেয়া হ'লেও শিল্পীসকলে বিহুক লৈ চৰকাৰে কৰা প্ৰস্তুতিৰ শলাগ লয় ।

লখিমপুৰ নগৰৰ দাস মিউজিকেলৰ তেনে এগৰাকী লোকবাদ্য নিৰ্মাণ শিল্পী হৰেণ দাসে বিগত বহু বছৰৰ পৰা এই শিল্পৰ লগত জড়িত হৈ আছে । হৰেণ দাসেও তেওঁলোকৰ ব্যৱসায় সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ব্যৱসায় ভাল নহ'লেও বিহুক লৈ চৰকাৰৰ পদক্ষেপক তেওঁ আদৰণি জনাইছে ।

লগতে পঢ়ক :Bohagi Mela at Rangia : ৰঙিয়াত আৰম্ভ ব’হাগী মেলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.