ETV Bharat / state

ব্যতিক্ৰমী ৰূপত অসম আৰক্ষী

author img

By

Published : Jul 28, 2019, 7:43 PM IST

বান বিধ্বস্ত লখিমপুৰত হাতে-হাতে দা-কোৰ লৈ ওলাই আহিল আৰক্ষীৰ লোক ৷ বানাক্ৰান্তৰ কাষত ঠিয় হৈ চাফা কৰিলে বিদ্যালয় চৌহদ ৷

ব্যতিক্ৰমী ৰূপত অসম আৰক্ষী

বিহপুৰীয়া, 28 জুলাইঃ বানবিধ্বস্ত ৰাইজৰ কাষত ত্ৰাণকৰ্তাৰ ৰূপত অসম আৰক্ষী ৷ লখিমপুৰ জিলাৰ বানাক্ৰান্তৰ মাজত দেওবাৰে উপস্থিত জিলা আৰক্ষীৰ এটা দল ৷ উৰ্ধতন কৰ্তৃপক্ষৰ নিৰ্দেশৰ ভিত্তিতে আৰক্ষীয়ে দলটোৱে গৰম বন্ধ শেষ হোৱাৰ পূৰ্বেই দুখনকৈ বিদ্যালয়ত পুনৰ নিৰ্মাণৰ লগতে চাফাই কাৰ্যসূচী ৰূপায়ন কৰে ৷ ধূনাগুৰিৰ খনিকৰ প্ৰাথমিক বিদ্যালয় আৰু মিছিং মধ্য ইংৰাজী বিদ্যালয়ত আৰক্ষীয়ে দলটোৱে এইদৰে চাফাই কাৰ্যসূচী ৰূপায়ন কৰে ৷ আৰক্ষীৰ এই প্ৰচেষ্টাক অঞ্চলবাসী ৰাইজে যথেষ্ট শলাগ লোৱা পৰিলক্ষিত হয় ৷

Intro:বন্দুক-লাঠী নহয় , হাতত দা,কোৰ,চিপৰাং লৈ ব্যতিক্ৰমী ৰূপত এইবাৰ অসম আৰক্ষী ৷ লখিমপুৰৰ বানাক্ৰান্তৰ কাষত আন এক ৰূপত থিয় হ’ল অসম অাৰক্ষী। লখিমপুৰৰ বানে ধুৱাই নিয়া অঞ্চলৰ দুখনকৈ বিদ্যালয়ৰ গৃহ আৰু চৌহদ চাফ-চিকুণ কৰি ছাত্ৰছাত্ৰীৰ পাঠগ্ৰহণৰ উপযোগী কৰি দিলে অাৰক্ষীৰ জোৱানে ।Body:লখিমপুৰৰ বান বিধ্বস্ত অঞ্চলত অাৰক্ষীৰ বিশেষ অভিযান। চোৰ,ডকাইত অথবা ঠগ-প্ৰৱঞ্চকৰ বা ফোনো অপৰাধীৰ বিৰুদ্ধে নহয় ৷ অাৰক্ষীয়ে বান বিধ্বস্ত অঞ্চলৰ বিদ্যালয়ত দেওবাৰে চলালে চাফাই অভিযান।
উৰ্ধতন কৰ্তৃপক্ষৰ নিৰ্দেশনাৰ ভিত্তিত দেওবাৰে লখিমপুৰ অাৰক্ষীয়ে জিলাখনৰ বান বিধ্বস্ত অঞ্চলৰ দুখন বিদ্যালয় গৃহ আৰু চৌহদ চাফ-চিকুণ কৰি পাঠ গ্ৰহণৰ উপযুক্ত পৰিবেশ গঢ়ি তুলিবলৈ শ্ৰমদান কাৰ্যসুচী ৰূপায়ন কৰে । গৰম বন্ধ শেষ হোৱাৰ পূৰ্বে লখিমপুৰ আৰক্ষীয়ে ধূনাগুৰিৰ খনিকৰ প্ৰাথমিক বিদ্যালয় আৰু ধূনাগুৰি মিছিং মধ্য ইংৰাজী বিদ্যালয়ত এই বিশেষ অভিযান চলায় ৷ আৰক্ষী দলটোৱে দুৰ্গন্ধময় পৰিবেশ আঁতৰাই নিকা কৰাৰ প্ৰয়াস কৰে ৷Conclusion:চাণক্য বৰুৱা, বিহপুৰীয়া৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.