ETV Bharat / state

Rakibul Hussain : পতনৰ আগে-আগে কংগ্ৰেছে কোৱা কথাবোৰ চেৰেং চেৰেংকৈ মনত পৰিছে ৰকিবুল হুছেইনৰ - লখিমপুৰত ৰকিবুল হুছেইন

কংগ্ৰেছৰ পতনৰ আগমুহূৰ্তত তেওঁলোকে কিধৰণৰ কথা কৈছিল ? সেই কথা মনত পৰিছে ৰকিবুল হুছেইনৰ ৷ হিমন্ত বিশ্ব শৰ্মাৰ মুখখন দেখিলে হেনো সোমবাৰেও দেওবাৰ দেওবাৰ লাগে ৷ অৰিজিনেল বিজেপি বোলে অনুবীক্ষণ যন্ত্ৰৰেও আজিকালি নেদেখি !

Rakibul Hussain
লখিমপুৰত ৰকিবুল হুছেইন
author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 8:47 PM IST

লখিমপুৰত ৰকিবুল হুছেইন

লখিমপুৰ, ১৬ অক্টোবৰ : সোমবাৰে দলীয় কাৰ্যসূচী লৈ লখিমপুৰত উপস্থিত হয় প্ৰাক্তন মন্ত্ৰী তথা অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ৰকিবুল হুছেইন । তেওঁ সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত বিজেপি দল, চৰকাৰ আৰু মুখ্যমন্ত্ৰীক চোকা সমালোচনা কৰে । আগন্তুক সময়ত ৰাইজে বিজেপিক ক্ষমতাৰ পৰা আঁতৰোৱাৰ পণ লৈছে বুলিও তেওঁ মন্তব্য কৰে ।

ৰকিবুল হুছেইনে কয় যে বিজেপিয়ে অসমৰ ৰাইজক টেটুচেপি ৰাজত্ব কৰিছে ৷ বিদ্যুতৰ বিলৰ পৰা আৰম্ভ কৰি সকলো বয়-বস্তুৰ আকাশলংঘী দাম বৃদ্ধি কৰি বিজেপি চৰকাৰে ৰাইজক টেটুচেপি ধৰিছে বুলি মন্তব্য কৰি হুছেইনে কয় যে বিগত সময়ত বিজেপিক সমৰ্থন কৰা ৰাইজ এতিয়া বিজেপিৰ চৰকাৰ সলনি কৰিবলৈ পথলৈ ওলাই আহিছে । কংগ্ৰেছ দলে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীত ৰাইজৰ অভূতপূৰ্ব সহাৰিয়ে এই কথাই প্ৰমাণ কৰিছে বুলি ।প্ৰাক্তন মন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ৰকিবুল হুছেইনে মন্তব্য কৰে ।

ইয়াৰোপৰি তেওঁ কয় যে ৰাইজ এতিয়া অসহ্য বেদনাত পৰিছে । পৰিত্ৰাণ বিচাৰি কংগ্ৰেছৰ কাষ চাপি ৰাইজে আগন্তুক সময়ত বিজেপিক উৎখাত কৰাৰ পণ লৈছে । কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ সমান্তৰালভাৱে অসমত ধুবুৰীৰৰ পৰা শদিয়ালৈ কৰা যাত্ৰা, চাঙে চাঙে কংগ্ৰেছ কাৰ্যসূচী সফল হৈছে বুলিও প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতিগৰাকীয়ে মন্তব্য কৰে ।

ৰকিবুল হুছেইনে কয় যে কংগ্ৰেছৰ কাৰ্যসূচীসমূহৰ সফলতা দেখি বিজেপি শংকিত হৈছে আৰু সেয়েহে তৰল মন্তব্যৰে কংগ্ৰেছক উপলুঙা কৰিবলৈ লৈছে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি ৰকিবুল হুছেইনে কয় যে এতিয়া হিমন্ত বিশ্ব শৰ্মা তথা বিজেপিৰ ৰাজনৈতিক ক্ষেত্ৰৰ একমাত্ৰ বন্ধু হ’ল বদৰুদ্দিন আজমল । কংগ্ৰেছৰ উত্থানত শংকিত হৈ বদৰুদ্দিন আজমলৰ বোকোচাত উঠিবলৈ হিমন্ত বিশ্ব শৰ্মাই হাহাকাৰ কৰি আছে বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে ৷

ইফালে অসম বিজেপিৰ প্ৰসংগত তেওঁ কয় যে কংগ্ৰেছৰ শাসনকালত বহু কষ্টৰে বিজেপি কৰি থকাসকলক এতিয়া কিলাকুটি মাৰি উলিয়াই দিছে । প্ৰকৃত বিজেপি এতিয়া দূৰবীণ অথবা অনুবীক্ষণ যন্ত্ৰ লৈ চালেও নেদেখি বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে ৷

আনহাতে বিজেপি চৰকাৰে ধাৰ লৈ লাহ-বিলাসত টকা উৰুৱাই দিছে বুলি মন্তব্য কৰে ৰকিবহুল হুছেইনে । ইয়াৰোপৰি তেওঁ কয় যে তৰুণ গগৈৰ দিনত দহ হেজাৰ কোটি টকা ধাৰ থাকোতেই বিধানসভাত শ্বেতপত্ৰ দি অমংগলীয়া বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাই এতিয়া ১ লাখ ৪০ হেজাৰ কোটি টকা ধাৰ লৈছে । তেওঁ লগতে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণে বিজেপিক নহয় কংগ্ৰেছকহে সহায় কৰিলে । কিন্তু জাতি-জনগোষ্ঠীসকলক ক্ষতি কৰিলে ।

আগন্তুক নিৰ্বাচনত বিজেপিয়ে নহয়, কংগ্ৰেছেহে সফলতা দেখুৱাব বুলি নিশ্চিতি দি তেওঁ কয়- মুখ্যমন্ত্ৰীৰ অংক জংক পংক । তেওঁৰ অংক সময়ত ভুল প্ৰমাণিত হ’ব । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৰিবি গাচেং বিতৰ্কৰ প্ৰসংগত ৰকিবুল হুছেইনে কয় যে এইবিলাক কথা লৈ বিজেপি ব্যস্ত হ’ব নালাগে । পাৰে যদি বয়-বস্তুৰ দাম কমাওক । ৰাইজ ভোকত কলমলাই আছে । তেওঁলোকক উদ্ধাৰ কৰক । পতনৰ আগমুহূর্তত এনেধৰণৰ কথা কয় বুলি উল্লেখ কৰি তেওঁ কংগ্ৰেছৰ পতনৰ আগমুহূর্তত তেওঁলোকেও এনেধৰণৰ কথা কৈছিল বুলি অকপটে স্বীকাৰ কৰে ৷

লগতে পঢ়ক : Microfinance Loan Relief Assam : মুখ্যমন্ত্ৰীয়ে হাত দাঙিলে, মাইক্ৰ'ফাইনেন্সৰ ঋণ নল'বলৈ আহ্বান মহিলাসকলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.