ETV Bharat / state

লখিমপুৰত ধন উৎকোচ লৈ গ্ৰেপ্তাৰ বন বিষয়া

লখিমপুৰত দুৰ্নীতি নিবাৰক শাখাৰ জালত বন বিষয়া ৷ ধন উৎকোচ লোৱাৰ সময়ত ধৰা পৰে বিষয়া দুগৰাকী ৷

Assam: 2 forest department officials caught red-handed while taking bribes, arrested
লখিমপুৰত ধন উৎকোচ লৈ গ্ৰেপ্তাৰ বন বিষয়া
author img

By

Published : Oct 5, 2020, 7:10 PM IST

লখিমপুৰ, 5 অক্টোবৰ : দুৰ্নীতি নিবাৰক শাখাৰ জালত লখিমপুৰ জিলাৰ বন বিভাগৰ ডি এফ অ' আৰু এ চি এফ বিষয়া । ঘোচ লৈ থকা অৱস্থাত হাতে লোটে গ্ৰেপ্তাৰ কৰা হয় ডি এফ অ' যাদৱ চন্দ্ৰ নাথ আৰু এ চি এফ জেচিম আহমেদক ।

লখিমপুৰত ধন উৎকোচ লৈ গ্ৰেপ্তাৰ বন বিষয়া

তথ্য অনুসৰি, বৈধভাৱে চালান থকা এখন কাঠৰ টেক্টৰ মোকলাই দিয়াৰ নামত দুই বিষয়াই দাবী কৰিছিল 1 লাখ 85 হেজাৰ টকা । আৰু সোমবাৰে 25 হেজাৰ টকা DFO আৰু 25 হেজাৰ ACF য়ে আগধন হিচাপে লোৱাৰ সময়ত দুয়ো গৰাকী বিষয়াক হাতে-লোটে ধৰে দুৰ্নীতি নিবাৰক শাখাই ।

ইতিমধ্যে, বিষয়া দুগৰাকীৰ পৰা উৎকোচ লোৱা 50 হেজাৰ টকা জব্দ কৰিছে । সম্প্ৰতি দুয়োকে কাৰ্যালয়তে জেৰা চলাইছে দুৰ্নীতি নিবাৰক শাখাই ।

উল্লেখ্য যে, দুয়োজন বন বিষয়াৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা বনজ সম্পদ লুণ্ঠনৰ অভিযোগ উত্থাপন কৰি আহিছিল লখিমপুৰৰ বিভিন্ন দল সংগঠনে ।

লগতে পঢ়ক : সুদীৰ্ঘ বছৰৰ অন্তত বাহন প্ৰৱেশ কৰা এটা এলেকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.