লখিমপুৰ, ৪ জুলাই : "অনাগত সময়ত অন্ধকাৰত ডুব যাব পাৰে সমগ্র অসম ।" মঙলবাৰে লখিমপুৰত এই হুংকাৰ দিয়ে শক্তি খণ্ডত নিয়োজিত অস্থায়ী কৰ্মচাৰী ইউনিয়নে। শক্তি খণ্ডত অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া কৰাৰ বিপৰীতে নতুন নিযুক্তি প্ৰদান কৰাৰ বাবে লোৱা পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰে অস্থায়ী কৰ্মচাৰীসকলে ৷
আছাম ষ্টেট আউটছৰ্চ পাৱাৰ ৱৰ্কাৰ ইউনিয়নৰ লখিমপুৰ চক্রই মঙলবাৰে লখিমপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল আয়োজন কৰি ৰাজ্য চৰকাৰক সকিয়নী প্ৰদান কৰে ৷ বিগত বহু বছৰ ধৰি অস্থায়ীভাৱে কাম কৰি থকা এই সকল কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰাৰ পৰিৱৰ্তে নতুনকৈ নিযুক্তি প্ৰদান কৰাৰ বাবে চৰকাৰে যো-জা চলোৱাৰ অভিযোগ তোলে ৷ অনাগত সময়ত অস্থায়ী কৰ্মচাৰীসকলক উলিয়াই নতুনকৈ নিযুক্তি দিল পৰিস্থিতি ভয়াবহ হ’ব বুলি তেওঁলোকে সকীয়াই দিয়ে।
আগন্তুক সময়ত ইউনিয়নে অস্থায়ী কৰ্মচাৰীৰ চাকৰি স্থায়ী নকৰি নতুন নিযুক্তি দিলে অস্থায়ী কৰ্মচাৰীসকলে জংগী আন্দোলন কৰিব বুলি চৰকাৰক হুংকাৰ প্ৰদান কৰে ৷ উল্লেখ্য যে, বিগত সময়ত ইউনিয়নে অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া কৰাৰ বাবে বহুবাৰ চৰকাৰ, বিভাগীয় মন্ত্রীৰে আলোচনা কৰিছে যদিও এই পৰ্যন্ত সুফল পোৱা নাই। বিপৰীতে তেওলোকক বঞ্চিত কৰি নতুন নিযুক্তি দিয়াৰহে প্ৰস্তুতি কৰা হৈছে। চৰকাৰক এই সিদ্ধান্ত বাতিল কৰি অস্থায়ী কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়া কৰাৰ দাবী উত্থাপন কৰে অস্থায়ী কৰ্মচাৰীসকলে ৷
অন্যথা ইউনিয়নৰ প্ৰবল আন্দোলনৰ ফলত সমগ্র ৰাজ্য অন্ধকাৰত ডুব যোৱাৰ দৰে পৰিস্থিতি সৃষ্টি হ’ব পাৰে বুলি সকিয়নী দিয়ে ৷ ফলত ইয়াৰ বাবে ৰাইজে যাতনা ভোগ কৰিব লগীয়া হ’ব পাৰে বুলি সংবাদমেলখনত ইউনিয়নে সদৰী কৰে ৷ এইসকল কৰ্মচাৰীক বঞ্চনা নকৰি স্থায়ী নিযুক্তি দিবলৈ চৰকাৰক দাবী জনায় ইউনিয়নৰ সদস্যসকলে ৷