ETV Bharat / state

লখিমপুৰত জ্বলিল মন্ত্রী অজন্তা নেওগৰ পুত্তলিকা - লখিমপুৰ জিলা যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকালয়

এইবাৰ বিত্তমন্ত্ৰী আৰু সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে আশা কৰ্মীসকল । মন্ত্ৰীগৰাকীয়ে সদনত মিছা মতাৰ অভিযোগ তুলি লখিমপুৰ জিলাত আশা কৰ্মীসন্থাই সাব্যস্ত কৰে প্ৰতিবাদ(Asha workers protest in Lakhimpur) ৷

Asha workers stage protests in Lakhimpur
লখিমপুৰত জ্বলিল মন্ত্রী অজন্তা নেওগৰ পুত্তলিকা
author img

By

Published : Mar 25, 2022, 1:37 PM IST

লখিমপুৰ, 25 মাৰ্চ : বিত্ত তথা সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে আশা কৰ্মীসকল । তেওঁলোকৰ অভিযোগ সদনত মিছা মাতিলে মন্ত্ৰী অজন্তা নেওগে । যাৰবাবে বৃহস্পতিবাৰে লখিমপুৰ জিলা যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ কাৰ্যালয়ৰ সন্মুখত মন্ত্ৰীগৰাকীৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আশা কৰ্মীসকলে(ASHA workers burn Minister Ajanta Neog's effigy) ।

আশাকৰ্মীৰ প্ৰতিবাদ

আশাকৰ্মীসকলে বিধানসভাৰ বাজেট অধিৱেশনত বিত্তমন্ত্ৰী অজন্তা নেওগে ৰাজ্যত শিশু মাতৃৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাত অংগনবাদীসকলৰ অৰিহণা অধিক বুলি মন্তব্য কৰাৰ অভিযোগ তুলি আশা কৰ্মীসন্থাই এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ আশা কৰ্মীসকলে মন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ ভূমিকাক নসাৎ কৰি অংগনবাদীসকলক কৃতিত্ব দিয়াৰ অভিযোগ কৰি তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷

আশাকৰ্মীসকলে অজন্তা নেওগ মিছলীয়া, অজন্তা নেওগে ক্ষমা খোজক আদি বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে জিলা যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ কাৰ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে (Protest against Ajanta Neog) ৷ তেওঁলোকে লগতে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰিবলৈও চৰকাৰ তথা মুখ্যমন্ত্ৰীক দাবী জনায় ।

লগতে পঢ়ক : দক্ষিণ শালমাৰাত আশা কৰ্মীৰ প্ৰতিবাদ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.