লখিমপুৰ,৩১ মে' : ছয়দিন পূৰ্বে ইটানগৰৰ পৰা চুৰি হোৱা এখন ট্ৰাক উদ্ধাৰ হ'ল লখিমপুৰ জিলাৰ বিহপুৰীয়াত । বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ কাষতে বিগত চাৰি দিন ধৰি ট্ৰাকখন প্ৰত্যক্ষ কৰিছিল একাংশ স্থানীয় লোকে । গৰাকীবিহীন ট্ৰাকখন প্ৰত্যক্ষ কৰি চুৰি কৰি অনাৰ সন্দেহত একাংশ লোকে যোগাযোগ কৰে গাড়ীৰ নম্বৰ প্লেটত থকা ফোন নম্বৰত । তাৰ পাছতেই ফাদিল হয় ঘটনাৰ প্ৰকৃত ৰহস্য । নাহৰলগুনৰ পৰা গাড়ী চুৰি চক্ৰই চুৰি কৰি আনিছিল ট্ৰাকখন,কিন্তু নিব নোৱাৰি এৰি যায় বিহপুৰীয়াত । অৱশেষত গাড়ীৰ খবৰ পাই অৰুণাচল আৰক্ষী আৰু গাড়ীৰ গৰাকী বিহপুৰীয়াত উপস্থিত হৈ বিহপুৰীয়া আৰক্ষীৰ সহযোগিতাত ট্ৰাকখন উদ্ধাৰ কৰে ।
লখিমপুৰত উদ্ধাৰ ইটানগৰত চুৰি ট্ৰাক - বিদ্যুৎ বিভাগ
ইটানগৰৰ পৰা চুৰি হোৱা এখন ট্ৰাক উদ্ধাৰ হয় লখিমপুৰ জিলাৰ বিহপুৰীয়াত ৷