ETV Bharat / state

Arunachali miscreants in Lakhimpur: লখিমপুৰৰ ৰাজপথত উদ্যত মাৰণাস্ত্ৰ লৈ অৰুণাচলী দুৰ্বৃত্তৰ তাণ্ডৱ

লখিমপুৰৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অৰুণাচলী দুৰ্বৃত্তৰ তাণ্ডৱ (Arunachali miscreants in Lakhimpur) ৷ হাতত AK47 লৈ ডাম্পাৰ চালকক হত্যা কৰাৰ ভাবুকি তিনি অৰুণাচলীৰ ৷ সম্প্ৰতি তিনি দুৰ্বৃত্ত লখিমপুৰ আৰক্ষীৰ জিম্মাত ৷

Arunachali miscreants in Lakhimpur
লখিমপুৰৰ ৰাজপথত উদ্যত মাৰণাস্ত্ৰ লৈ অৰুণাচলী দুৰ্বৃত্তৰ তাণ্ডৱ
author img

By

Published : Feb 21, 2023, 9:21 PM IST

লখিমপুৰৰ ৰাজপথত উদ্যত মাৰণাস্ত্ৰ লৈ অৰুণাচলী দুৰ্বৃত্তৰ তাণ্ডৱ

লখিমপুৰ, 21 ফেব্ৰুৱাৰী: হাতত উদ্যত মাৰণাস্ত্ৰ লৈ লখিমপুৰৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অৰুণাচলী দুৰ্বৃত্তৰ তাণ্ডৱ ৷ এগৰাকী ডাম্পাৰ চালকক গুলীয়াই মৰাৰ ভাবুকি ৷ হত্যা কৰাৰ ভাবুকি দি বাহনৰ পৰা দুৰ্বৃত্তই উলিয়াই আনিলে 3 টা AK-47 ৰাইফল ৷ এই ঘটনাক কেন্দ্ৰ কৰি লখিমপুৰৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷

উল্লেখ্য যে, এখন এল্ট’ বাহনে এখন ডাম্পাৰত খুন্দা মৰাৰ পাচতেই সৃষ্টি হয় এই পৰিস্থিতিৰ (Arunachali miscreants threatened to kill Truck driver) ৷ হাতত মাৰণাস্ত্ৰ লৈ অৰুণাচলী দুৰ্বৃত্তই উপদ্ৰৱ কৰা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ ঘটনা অনুসৰি, লখিমপুৰ জিলাৰ বান্দৰদেৱা দিশৰ পৰা তেজপুৰ দিশে আহি থকা AS 07BC 5700 নম্বৰৰ ডাম্পাৰ খনৰ পিচফালে এখন নতুন এল্ট' গাড়ীয়ে খুন্দা মাৰে ৷ এল্ট’ বাহনখনে নিজেই এই দুৰ্ঘটনা সংঘটিত কৰে যদিও বাহনখনৰ পৰা তিনিজন যুৱকে হাতত তিনিটা AK47 ৰাইফল লৈ নামি আহে আৰু ডাম্পাৰ চালকজনক গুলীয়াই মৰাৰ ভাবুকি প্ৰদান কৰে ৷ যাৰ বাবে ভীতিগ্ৰস্ত হৈ পৰে ডাম্পাৰ চালকজন ৷

দিন দুপৰেত ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনা প্ৰত্যক্ষ কৰি ঘটনাস্থলীলৈ স্থানীয় লোক কাষ চাপি আহে ৷ কিন্তু স্থানীয় লোককো মাৰণাস্ত্ৰ দেখুৱাই ভাবুকি প্ৰদান কৰে তিনি অৰুণাচলী দুৰ্বৃত্তই ৷ কিন্তু স্থানীয়লোকে তাতিলিকে খবৰ দিয়ে আৰক্ষীক ৷ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত বান্দৰদেৱা আৰক্ষী (Banderdewa police) উপস্থিত হৈ তিনি অস্ত্ৰধাৰী অৰুণাচলী যুৱকক আটক কৰি লৈ আহে থানালৈ ৷

তিনিওকে থানালৈ আনি সুধা-পোচা কৰাৰ পাচতহে ওলাই পৰে উৰহীৰ ওৰ ৷ প্ৰকৃততে অস্ত্ৰ দেখুৱাই ডাম্পাৰ চালকক হত্যাৰ ভাবুকি প্ৰদান কৰা তিনি অৰুণাচলী আছিল অৰুণাচল আৰক্ষীৰ কনিষ্টবল ৷ তিনি ব্যক্তি ক্ৰমে অশোক ৱাংছা, নংখং চিংফৌ আৰু চাও নগী পামুং (Arunachal police detained by Assam Police) ৷

তিনি কনিষ্টবলৰ পৰা বান্দৰদেৱা আৰক্ষীয়ে তিনিওটা AK47 জব্দ কৰাৰ লগতে জব্দ কৰিছে 30 জাঁই সক্ৰিয় গুলী ৷ সম্প্ৰতি গুণ্ডাৰূপী তিনি অৰুণাচল আৰক্ষীৰ কনিষ্টবল আছে বান্দৰদেৱা আৰক্ষীৰ জিম্মাত ৷ তিনিওজনকে সমগ্ৰ বিষয়টো সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই ৷

লগতে পঢ়ক: Barshashree Buragohain summoned: 28 ফেব্ৰুৱাৰীত আদালতত হাজিৰ হ’ব লাগিব বৰ্ষাশ্ৰী বুঢ়াগোহাঁই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.