লখিমপুৰ,10 জানুৱাৰীঃ বাৰিষা বানে ধোৱা লখিমপুৰত এতিয়া কৃষকৰ মুখত বিৰিঙিছে হাঁহি । ধানৰ বিকল্পৰে নৈৰ পাৰ সেউজীয়া কৰি তুলিছে কৃষকসকলে । শাক-পাচলিৰে ক্ৰমে সেউজীয়া হৈছে লখিমপুৰৰ নৈ চাপৰি ৷ জিলাখনত সম্প্ৰতি বিকল্প কৃষি পন্থাৰে স্বাৱলম্বী হৈছে প্ৰতিজন কৃষক । ৰবি শস্য বিশেষকৈ আলু,কবি,সৰিয়হ উৎপাদনৰ দ্বাৰা অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে কৃষকসকল ৷
জিলাখনত বাৰিষা বানপানী সৃষ্টি হোৱা অঞ্চলসমূহ কৃষকে নিৰ্বাচন কৰি খেতিৰ বাবে ব্যৱহাৰ কৰা দেখা গৈছে ৷ প্ৰতিজন কৃষকে এতিয়া স্বাৱলম্বী হোৱাৰ পথ বিচাৰিছে বিকল্প কৃষিৰে ৷ জিলা কৃষি বিভাগে এইক্ষেত্ৰত ৰূপায়ণ কৰিছে একাংশ আঁচনি ৷ কৃষকৰ সুবিধাৰ বাবে ২০১৯ বৰ্ষত প্ৰদান কৰা হৈছে ৫৯৪ খন টেক্টৰ ৷ লগতে ১,৯৪০ জনক প্ৰদান কৰা হৈছে ৫ হাজাৰকৈ কৃষি সাহায্য ৷ ইয়াৰোপৰি ৩,৩০২ জনক দিয়া হৈছে কৃষি লোণ আৰু ১২,২৬,৬৯৯ জন কৃষি সৰঞ্জাম লাভৰ বাবে নিৰ্বাচিত হৈছে ৷
কৃষি বিভাগে প্ৰকাশ কৰা এই তালিকাখন একেমুখে নসাৎ কৰিছে কৃষকসকলে ৷ কিয়নো কৃষকক সামগ্ৰীসমূহ প্ৰয়োজনত যোগান ধৰিবলৈ অসমৰ্থ হয় কৃষি বিভাগ ৷
জিলাখনৰ নৱপ্ৰজন্মৰ যুৱকসকলেও চাকৰিৰ পিছত দৌৰি নাথাকি কৃষিত মনোনিৱেশ কৰিছে ৷ ই নিতান্তই সকলোৰে বাবে এক ভাল খবৰ ৷
লগতে চাওকঃকাঠৰ ফণি নিৰ্মাণেৰে প্লাষ্টিকৰ বিৰুদ্ধে যুঁজ ছগনলালৰ