ETV Bharat / state

"আলফাৰ কলংকিত অধ্যায়" গ্ৰন্থৰ লেখিকাৰ বিৰুদ্ধে সৰৱ আত্মীয়

author img

By

Published : Feb 8, 2021, 2:26 PM IST

Updated : Jun 27, 2022, 3:12 PM IST

"আলফাৰ কলংকিত অধ্যায়" গ্ৰন্থ খন ইতিমধ্যে আদালতে নিষিদ্ধ কৰাৰ লগতে লেখিকাৰ বিৰোদ্ধে ১০০ কোটি টকাৰ মানহানি গোচৰ ৰুজু কৰা হৈছে ৷ আদালতৰ পাচতে এই গ্ৰন্থ খনৰ লেখিকাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে এগৰাকী আত্মীয় ৷ নব্বৈ দশকৰ পহিলাতে আলফাৰ হাতত নিহত হোৱা লেখিকা ৰঞ্জু নেওগ হাজৰিকাৰ বৰজনাক দুগ্ধ হাজৰিকাৰ পত্নী আৰু কন্যাৰ অনুমতি অবিহনে দুগ্ধ হাজৰিকাৰ হত্যাকাণ্ড সম্পৰ্কত বিভিন্ন কথা গ্ৰন্থ খনত সন্নিবিষ্ট কৰাৰ অভিযোগ উত্থাপন কৰিছে আত্মীয়ই ৷

অনুমতি অবিহনে বিভিন্ন কথা গ্ৰন্থখনত সন্নিবিষ্ট কৰাৰ অভিযোগ৷
"আলফাৰ কলংকিত অধ্যায়" গ্ৰন্থৰ লেখিকাৰ বিৰুদ্ধে সৰৱ আত্মীয়

বিহপুৰীয়া,8ফেব্ৰুৱাৰী: আলফাৰ কলংকিত অধ্যায় গ্ৰন্ঠখন হৈছে বিগত নব্বৈ দশকত নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফাৰ হাতত নিৰ্যাতিতা একাংশ লোকৰ কাহিনী সম্বলিত এখন গ্ৰন্থ । যোৱা ২৩ ডিচেম্বৰত নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত উন্মোচন হোৱা "আলফাৰ কলংকিত অধ্যায়" গ্ৰন্থ খন ইতিমধ্যে আদালতে নিষিদ্ধ কৰাৰ লগতে লেখিকাৰ বিৰোদ্ধে ১০০ কোটি টকাৰ মানহানি গোচৰ ৰুজু কৰা হৈছে ৷ আদালতৰ পাচতে এই গ্ৰন্থ খনৰ লেখিকাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে এগৰাকী আত্মীয় ৷ নব্বৈ দশকৰ প্ৰথমতে আলফাৰ হাতত নিহত হোৱা লেখিকা ৰঞ্জু নেওগ হাজৰিকাৰ বৰজনাক দুগ্ধ হাজৰিকাৰ পত্নী আৰু কন্যাৰ অনুমতি অবিহনে দুগ্ধ হাজৰিকাৰ হত্যাকাণ্ড সম্পৰ্কত বিভিন্ন কথা গ্ৰন্থ খনত সন্নিবিষ্ট কৰাৰ অভিযোগ উত্থাপন কৰিছে আত্মীয়ই ৷ ত্ৰিশ বছৰ পূৰ্বে সংঘটিত হত্যাকাণ্ডত স্বামীহাৰা হোৱা পত্নীৰ অনুমতি অবিহনে "আলফাৰ কলংকিত অধ্যায়" নামৰ বিতৰ্কিত গ্ৰন্থ খনত স্বামীৰ কথা প্ৰকাশ কৰি নিৰ্যাতিত পৰিয়ালটোক একপ্ৰকাৰ মনোকষ্ট দিয়া বুলি নিজ গৃহতে এক সংবাদমেল সম্বোধন কৰি অভিযোগ উত্থাপন কৰিছে লেখিকা গৰাকীৰ দুগ্ধ হাজৰিকাৰ পত্নী তথা স্থানীয় পিছলাগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়ত্ৰী কৃষ্ণা বৰা হাজৰিকাই ৷

বিগত বহু দিন ধৰি লেখিকা গৰাকীৰ সৈতে কোনো সম্পৰ্ক নাই বুলিও সংবাদ মাধ্যমৰ আগত দাবী কৰে আত্মীয় মহিলা গৰাকীয়ে । আনহাতে এটা ব্যক্তিগত নিউজ চেনেলত প্ৰয়াত দুগ্ধ হাজৰিকাৰ পত্নী আৰু শংকৰদেৱ মহাবিদ্যালয়ত অধ্যাপনা কৰা কন্যা ভায়লেট হাজৰিকাক লেখিকা গৰাকীয়ে অপযশ দিয়াৰ চেষ্টা কৰা কাৰ্যৰো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে পৰৱৰ্তী সময়ত কোনো লোকে যাতে তেওঁলোকক অযথা বিৰ্তকৰ মাজলৈ লৈ নাযায় ৷ স্বামীৰ হত্যাকাণ্ডৰ পিছত চৰকাৰৰ তৰফৰ পৰা এক লাখ টকা লাভ কৰাৰ লগতে ভাতৃ শৈলেন হাজৰিকাই প্ৰাথমিক বিদ্যালয়ৰ এটি শিক্ষকৰ পদ লাভ কৰা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে আত্মীয় মহিলা গৰাকীয়ে । ইফালে শংকৰদেৱ মহাবিদ্যালয়ত অধ্যাপনা কৰি থকা কন্যা ভায়লেট হাজৰিকাই কোনো লোকৰ অনুগ্ৰহত উক্ত পদ লাভ কৰা নাই বুলি দাবী কৰে মাতৃ কৃষ্ণা বৰা হাজৰিকাই ।

ত্ৰিশ বছৰৰ পুৰ্বৰ ঘটনা এটাক পুনৰ উন্মোচন কৰি স্বামী প্ৰয়াত দুগ্ধ হাজৰিকাক পুনৰবাৰ হত্যা কৰিব বিচৰা কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰি লেখিকা ৰঞ্জু নেওগ হাজৰিকাক এক প্ৰকাৰ সকীয়নি প্ৰদান কৰে কৃষ্ণা বৰা হাজৰিকাই ৷ আনহাতে পত্নী-কন্যা আৰু মাতৃতকৈ আন কোনো প্ৰকৃত ভুক্তভুগী হ'ব নোৱাৰে বুলি দাবী কৰি বিগত ত্ৰিশ বছৰে ন্যায় নোপোৱা পৰিয়ালটোৱে আদালতৰ পৰিৱৰ্তে ভগৱানৰ পৰাহে ন্যায় বিচাৰিছে বুলি উল্লেখ কৰাৰ লগতে স্বামীৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি মাতৃ-কন্যাই আবেদন জনোৱা নাই বুলিও উল্লেখ কৰে ৷ স্বামীৰ মৃত্যুৰ পিছৰে পৰা মাতৃগৃহত থকা নিৰ্যাতিত পৰিয়ালটোক লৈ অযথা বিৰ্তক নকৰিবলৈ সকলো পক্ষকে সকিয়াই দিছে কৃষ্ণা বৰা হাজৰিকাই ৷

উল্লেখ্য যে, লেখিকা ৰঞ্জু নেওগ হাজৰিকাৰ স্বামী ব্ৰজেন হাজৰিকাৰ জ্যেষ্ঠ ভাতৃ দুগ্ধ হাজৰিকাৰ হত্যাকাণ্ডৰ লগতে আন কেইবাজনো আলফাৰ হাতত নিৰ্যাতিত লোকৰ বিষয়ে গ্ৰন্থ খনত সন্নিবিষ্ট কৰি লেখিকা গৰাকীয়ে জগৰীয়া কৰিছিল একাধিক প্ৰাক্তন আলফা নেতা আৰু সাধাৰণ লোকক ৷ তথ্য প্ৰমানৰ বিসংগতিৰ বাবে ইতিপূৰ্বে তগৰ চন্দ্ৰ নেওগ নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষৰ গোচৰৰ ভিত্তিত আদালতে পুনৰ শুনানি নিদিয়া পৰ্যন্ত নিষিদ্ধ কৰিছে গ্ৰন্থখনৰ প্ৰকাশ,প্ৰচলন আৰু বিক্ৰী ৷ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে আলফাৰ বিৰুদ্ধে সৰব হৈ পৰা লেখিকা ৰঞ্জু নেওগ হাজৰিকাই "আলফাৰ কলংকিত অধ্যায়" নামৰ গ্ৰন্থখন প্ৰকাশৰ অন্তৰালত গভীৰ ৰাজনৈতিক অভিসন্ধিৰো বহু তথ্য পোহৰলৈ আহিছে । নব্বৈ দশকত আলফাৰ হাতত নিহত হোৱা একাংশ লোকৰ কথা সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে বহু কথা লিখি অৱশেষত গ্ৰন্থ আকাৰে প্ৰকাশ কৰা বহু চৰ্চিত গ্ৰন্থ খন যোৱা ২৩ ডিচেম্বৰত উন্মোচন কৰিছিল । বিভিন্ন জন ব্যক্তিৰ নাম উল্লেখ কৰি প্ৰকাশ কৰা গ্ৰন্থ খন অৱশেষত আদালতৰ ৰোষত পৰাৰ পিছত পুনৰ লেখিকা ৰঞ্জু নেওগ হাজৰিকা নিজ পৰিয়ালৰ লোকৰ ৰোষত পৰাত আন এক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে লেখিকা গৰাকী ।

অন্য এক খবৰৰ বাবে: মহানগৰীৰ চিটি চেন্ট্ৰেল ম'লত ভয়ংকৰ অগ্নিকাণ্ড

Last Updated : Jun 27, 2022, 3:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.